‘মই দেশৰ যুৱ প্ৰজন্মক গভীৰ সন্মান জনাওঁ’; শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

‘মই দেশৰ যুৱ প্ৰজন্মক গভীৰ সন্মান জনাওঁ’; শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

নীট প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে ককৰোচ জনতা পাৰ্টিয়ে আৰম্ভ কৰা আন্দোলনৰ ফলাফল পোহৰলৈ আহিছে।শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে। ‘ককৰোচ জনতা পাৰ্টি’ৰ নীট প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আৰম্ভ কৰা আন্দোলনৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছে। চৰকাৰে Gen-Z ৰ ওচৰত নতশিৰ হৈছে, আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে। এক্সত এটা

নীট প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে ককৰোচ জনতা পাৰ্টিয়ে আৰম্ভ কৰা আন্দোলনৰ ফলাফল পোহৰলৈ আহিছে।শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে।

‘ককৰোচ জনতা পাৰ্টি’ৰ নীট প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আৰম্ভ কৰা আন্দোলনৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছে। চৰকাৰে Gen-Z ৰ ওচৰত নতশিৰ হৈছে, আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে। এক্সত এটা পোষ্টৰ জৰিয়তে পদত্যাগ ঘোষণা কৰে ধৰ্মেন্দ্ৰ প্ৰধানে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।

ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ পত্ৰত  লিখিছে, “মোৰ যুৱ সতীৰ্থসকল, মই যোৱা ৪ দশকৰো অধিক সময় ধৰি ছাত্ৰ, শিক্ষক আৰু শিক্ষা সংস্কাৰৰ বাবে উৎসৰ্গিত হৈ আহিছোঁ। মোৰ সদায় এই বিশ্বাস আছিল যে এটা শক্তিশালী, অন্তৰ্ভুক্তিমূলক আৰু দুৰদৰ্শী শিক্ষা ব্যৱস্থাই এখন শক্তিশালী ৰাষ্ট্ৰৰ ভিত্তি প্ৰস্থৰ। মই দেশৰ যুৱ প্ৰজন্মৰ আকাঙ্ক্ষা, ভাৱনা আৰু তেওঁলোকৰ ন্যায়সংগত প্ৰত্যাশাক গভীৰ সন্মান জনাওঁ। ভাৰতৰ যুৱ প্ৰজন্মৰ সপোনসমূহ বাস্তৱায়িত কৰাটো আমাৰ সকলোৰে ৰাজনৈতিক তথা সামাজিক জীৱনৰ নৈতিক সংকল্প হৈ আহিছে। শ্ৰদ্ধেয় প্ৰধানমন্ত্ৰীদেৱৰ দুৰদৰ্শী নেতৃত্বত ৰাষ্ট্ৰৰ সেৱা কৰাৰ যি সুযোগ মই লাভ কৰিলোঁ, তাৰ বাবে মই প্ৰধানমন্ত্ৰীদেৱক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”

তেওঁ আৰু কয়, “কিন্তু ২০২৬ চনৰ ৩ মে’ত অনুষ্ঠিত হোৱা NEET-UG পৰীক্ষাত কেতবোৰ অনিয়ম ধৰা পৰিল। ভাৰত চৰকাৰে এই বিষয়টো লগে লগে গুৰুত্বসহকাৰে লৈ তদন্তৰ ভাৰ চি.বি.আই.ক অৰ্পণ কৰিলে, পৰীক্ষাটো বাতিল কৰিলে আৰু পুনৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিলে। ইয়াৰ লগতে অহা বছৰৰ পৰা এই পৰীক্ষাটো চি.বি.টি. (Computer-based-test) ৰূপত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল। এই সময়ছোৱাত আমাৰ মুখ্য অগ্ৰাধিকাৰ আছিল ২০ লাখতকৈও অধিক ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা যাতে সুচাৰুৰূপে অনুষ্ঠিত হয়। ইয়াৰ বাবে ‘হ’ল অৱ গভৰ্নমেণ্ট এপ্র’চ’ (whole of government approach)-ৰ অধীনত কাম কৰা হৈছিল। ইয়াৰ বাবে ভাৰত চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ, বিশেষকৈ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। লগতে ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকলৰ সহযোগত ২০২৬ চনৰ ২১ জুনত এই পৰীক্ষা সফলতাৰে সম্পন্ন হয়।”

ধৰ্মেন্দ্ৰ প্ৰধানে কয়, “প্ৰথম দিনাৰ পৰাই এই বিষয়ত মই দায়িত্ব লৈছিলোঁ আৰু এই পৰিস্থিতিৰ পৰা কেতিয়াও আঁতৰি অহা নাছিলোঁ। মোৰ সংকল্প আছিল যে পৰীক্ষা মাফিয়াৰ বাবে আমি কোনো মেধাৱী ছাত্ৰৰ ভৱিষ্যত ধ্বংস হ’বলৈ নিদিওঁ, কোনো ছাত্ৰৰে অন্যায় হ’বলৈ নিদিওঁ। ১৬ জুলাইত ঘোষিত NEET-UG-ৰ ফলাফল সন্তোষজনক আছিল, য’ত দুখীয়া পৰিয়ালৰ বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়েও সফলতা লাভ কৰিছিল। কিন্তু এই সময়ছোৱাতো বহু ছাত্ৰ-ছাত্ৰীক বিপথে পৰিচালিত কৰিবলৈ দায়িত্বশীল পদত থকা ব্যক্তিসকলে বাধা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল, যাৰ বাবে মোৰ মন অত্যন্ত ব্যথিত হৈছিল।”

লগতে পঢ়ক: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

শেহতীয়া প্ৰৱন্ধসমূহ