ভাগৰুৱা চকু, ক্লান্ত মুখমণ্ডল; ৬০ বছৰীয়া ছলমান খানৰ স্বাস্থ্যক লৈ চিন্তা

ভাগৰুৱা চকু, ক্লান্ত মুখমণ্ডল; ৬০ বছৰীয়া ছলমান খানৰ স্বাস্থ্যক লৈ চিন্তা

শেহতীয়াকৈ মুম্বাইৰ এক অনুষ্ঠানত বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানক দেখা গৈছিল। য’ত ছলমান খানক অতি ভাগৰুৱা যেন দেখা পোৱা গৈছিল। বলিউড ছুপাৰষ্টাৰ ছলমান খান বৰ্তমান তেওঁৰ শেহতীয়া এটা ভিডিঅ’ৰ বাবে যথেষ্ট চৰ্চাত আছে। ছ’চিয়েল মিডিয়াত মানুহে ধাৰাবাহিকভাৱে তেওঁৰ স্বাস্থ্যক লৈ চিন্তা প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত চলি

শেহতীয়াকৈ মুম্বাইৰ এক অনুষ্ঠানত বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানক দেখা গৈছিল। য’ত ছলমান খানক অতি ভাগৰুৱা যেন দেখা পোৱা গৈছিল।

বলিউড ছুপাৰষ্টাৰ ছলমান খান বৰ্তমান তেওঁৰ শেহতীয়া এটা ভিডিঅ’ৰ বাবে যথেষ্ট চৰ্চাত আছে। ছ’চিয়েল মিডিয়াত মানুহে ধাৰাবাহিকভাৱে তেওঁৰ স্বাস্থ্যক লৈ চিন্তা প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত চলি থকা এই উৰাবাতৰিৰ মাজতে ভাইজানে তেওঁৰ স্বাস্থ্যক লৈ মৌনতা ভংগ কৰিছে। অভিনেতাগৰাকীয়ে তেওঁৰ কিছুমান শেহতীয়া ছবি শ্বেয়াৰ কৰি ইণ্টাৰনেটত খলকনি তুলিছে।

প্ৰকৃততে শুকুৰবাৰে মুম্বাইত স্লাম ৰিহেবিলিটেচন অথৰিটিৰ নতুন ডাটা কালেকচন এণ্ড ভেৰিফিকেচন চাপৰ্ট চেণ্টাৰৰ উদ্বোধন অনুষ্ঠানত ছলমান খানে অংশগ্ৰহণ কৰিছিল। অৱশ্যে এই অনুষ্ঠানৰ ভিডিঅ’ পোহৰলৈ অহাৰ লগে লগে ভাইজানৰ লুক আৰু স্বাস্থ্যক লৈ চৰ্চা আৰম্ভ হৈছিল। কাৰণ ভিডিঅ’বোৰত অভিনেতা গৰাকীক যথেষ্ট ভাগৰুৱা যেন দেখা গৈছিল। ছলমানৰ  ক্লান্ত চকুত,ভাগৰুৱা শৰীৰ আৰু মুখত ৰঙৰ অভাৱ দেখি এনে লাগিল যেন তেওঁ বহু দুন ভালদৰে শোৱা নাই।

অনুৰাগীৰ প্ৰশ্নৰ সন্মুখীন হৈ অৱশেষত ছলমান খানে ব্যক্তিগতভাৱে উত্তৰ দি সকলোকে মুখ বন্ধ কৰি পেলালে। দেওবাৰে গভীৰ নিশা ‘দবাং’ খানে ইনষ্টাগ্ৰামত নিজৰ কেইখনমান ফটো শ্বেয়াৰ কৰে। নিজৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰশ্নক লৈ ছলমান খানে নিজৰ কেপচনত ওলোটাই অনুৰাগীসকলক তেওঁলোকক প্ৰশ্ন কৰে। তেওঁ নিজৰ চিগনেচাৰ ষ্টাইলত এটা কেপচন লিখিছিল—”আপোনাৰ স্বাস্থ্য কেনেকুৱা?” অৱশ্যে তেওঁ নিজৰ বিষয়ে একো কোৱা নাছিল।

উল্লেখ যে ছলমান খান আজিকালি তেওঁৰ আহিবলগীয়া ছবি ‘মাতৃভূমি: মে ৱাৰ ৰেষ্ট ইন পিচ’ক লৈ চৰ্চাত আছে। এই ছবিখনৰ পুৰণি নাম আছিল ‘বেটল অৱ গালৱান’। অপূৰ্ব লাখিয়াৰ পৰিচালনাত নিৰ্মাণ হ’বলগীয়া এই ছবিখনত ভাইজানৰ সৈতে অভিনেত্ৰী চিত্ৰাংগদা দেখা যাব। এই ছবিখন ২০২০ চনত লাডাখৰ গালৱান উপত্যকাত ভাৰত আৰু চীনৰ সৈনিকৰ মাজত সংঘটিত হোৱা হিংসাত্মক সংঘৰ্ষৰ ওপৰত আধাৰিত।

লগতে পঢ়ক: প্ৰথমবাৰলৈ কেটৰিনা কাইফে দেখুৱালে নিজৰ পুত্ৰ বিহানৰ প্ৰথম আভাস