ফিফা বিশ্বকাপৰ ফাইনেলৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা

ফিফা বিশ্বকাপৰ ফাইনেলৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা

ফিফা বিশ্বকাপৰ ফাইনেলৰ বাবে বন্ধ ঘোষণা কৰা হৈছে স্কুল-কলজকে ধৰি সকলো সিক্ষানুষ্ঠান চলিত ফিফা বিশ্বকাপৰ ফাইনেলক লৈ উদগ্ৰীৱ হৈ আছে সমগ্ৰ বিশ্ব । ভাৰতীয় সময় অনুসৰি সোমবাৰে মাজনিশা ১২.৩০ বজাৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপৰ বহু প্ৰত্যাশিত ফাইনেল । বিশ্বকাপৰ সোণালী ট্ৰফী দখল এই মহা

ফিফা বিশ্বকাপৰ ফাইনেলৰ বাবে বন্ধ ঘোষণা কৰা হৈছে স্কুল-কলজকে ধৰি সকলো সিক্ষানুষ্ঠান

চলিত ফিফা বিশ্বকাপৰ ফাইনেলক লৈ উদগ্ৰীৱ হৈ আছে সমগ্ৰ বিশ্ব । ভাৰতীয় সময় অনুসৰি সোমবাৰে মাজনিশা ১২.৩০ বজাৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপৰ বহু প্ৰত্যাশিত ফাইনেল । বিশ্বকাপৰ সোণালী ট্ৰফী দখল এই মহা যুঁজত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন আৰ্জেন্টিনা আৰু স্পেইন ।

পুঠবল বিশ্বকাপ ফাইনেলৰ এই উন্মাদনাৰ মাজতে ভাৰতৰ দুখন ৰাজ্যই গ্ৰহণ কৰিছে বিশেষ পজক্ষেপ । ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেল উপলক্ষে কেৰালা আৰু মেঘালয়ে ২০ জুলাইত ৰাজ্য দুখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে ।

কেৰালা চৰকাৰে ঘোষণা কৰা অনুসৰি ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেল খেল উপলক্ষে ২০ জুলাই, সোমবাৰে ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব । এই সিদ্ধান্তত স্কুল, কলেজ আৰু বৃত্তিমুখী (প্ৰফেচনেল) কলেজকে ধৰি সকলো শিক্ষানুষ্ঠানক অন্তৰ্ভুক্ত আছে । ফুটবলৰ প্ৰতি কেৰালাৰ জনসাধাৰণৰ বিশেষ উছাহ আৰু খেল-ধেমালিক প্ৰসাৰিত কৰাৰ ৰাজ্য চৰকাৰৰ নীতিৰ প্ৰতি লক্ষ্য ৰাখি এই বন্ধ ঘোষণা কৰা হৈছে ।

অৱশ্যে পাব্লিক ছাৰ্ভিচ কমিচন আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ সময়সূচী আগতীয়াকৈ নিৰ্ধাৰণ কৰা আছিল, সেইবোৰত কোনো সালসলনি কৰা নহ’ব বুলি চৰকাৰে স্পষ্ট কৰি দিছে । এই সকলোবোৰ পৰীক্ষা নিজৰ নিৰ্ধাৰিত সময় আৰু সূচী অনুসৰিয়েই অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : কিলিয়ান এমবাপ্পেৰ বিশ্ব অভিলেখ; গোল্ডেন বুটৰ দৌৰত মেছিক অতিক্ৰম