অফিচৰ সময় শেষ হোৱাৰ পিছতো কৰ্মচাৰীক ঘৰলৈ যাব নিদি ব্ৰাঞ্চৰ মূল দুৱাৰতে তলা লগাই দিলে খোদ মেনেজাৰে!
ভাৰতৰ কৰ্প’ৰেট আৰু বেংকিং খণ্ডৰ ‘টক্সিক ৱৰ্ক কালচাৰ‘ বা বিষাক্ত কৰ্ম সংস্কৃতিক লৈ পুনৰ এবাৰ তোলপাৰ লাগিছে ছ’চিয়েল মিডিয়া । শেহতীয়াকৈ ভাইৰেল হোৱা এটা ভিডিঅ’ই এতিয়া চকু কপালত তুলিছে নেটনাগৰিকৰ । অফিচৰ সময় শেষ হোৱাৰ পিছতো কৰ্মচাৰীক ঘৰলৈ যাব নিদি ব্ৰাঞ্চৰ মূল দুৱাৰতে তলা লগাই দিলে খোদ বেংক মেনেজাৰে!
কাম শেষ নোহোৱালৈকে নোলাব কোনো!
ভাইৰেল ভিডিঅ’টো এটা বেংকৰ বুলি জানিব পৰা গৈছে । ভিডিঅ’টোত দেখা গৈছে যে অফিচৰ সময় উকলি যোৱাৰ পিছত কৰ্মচাৰীসকলে ঘৰলৈ যাবলৈ মেনেজাৰজনক অনুৰোধ জনাইছে । কিন্তু মেনেজাৰজন নিজৰ জেদত অলৰ-অচৰ । তেওঁ স্পষ্টকৈ কয়— “কাম সম্পূৰ্ণ নোহোৱালৈকে কোনো যাব নোৱাৰে, সকলোৱে অভাৰটাইম কৰিব লাগিব ।”
এজন কৰ্মচাৰীয়ে ইয়াৰ প্ৰতিবাদ কৰি ‘অভাৰটাইম কৰাটো বাধ্যতামূলক নহয়’ বুলি কোৱাৰ পিছতো মেনেজাৰজনে কাৰো কথা নুশুনি গেটত ডাঙৰ তলা ওলমাই ভিতৰলৈ সোমাই যায় ।
ভিডিঅ’ক লৈ জাঙুৰ খাই উঠিছে ছ’চিয়েল মিডিয়া
ভিডিঅ’টো পোহৰলৈ অহাৰ লগে লগেই একাংশ ব্যৱহাৰকাৰীয়ে ক্ষোভ উজাৰিছে । এয়া কৰ্মচাৰীৰ অধিকাৰ খৰ্ব কৰাৰ এক গুৰুতৰ অপৰাধ বুলি অভিহিত কৰি বহুতে মেনেজাৰজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । কৰ্মক্ষেত্ৰত কামৰ এনে মানসিক চাপ আৰু দীঘলীয়া কৰ্মঘণ্টাক লৈ এতিয়া তীব্ৰ বিতৰ্কৰ সূচনা হৈছে ।
এই চাঞ্চল্যকৰ ঘটনাটো কোনটো বেংকৰ আৰু কোনখন চহৰৰ, সেই কথা এতিয়াও স্পষ্ট হোৱা নাই । আনকি বেংক কৰ্তৃপক্ষৰ তৰফৰ পৰাও কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া অহা নাই । কিন্তু এই ভিডিঅ’টোৱে যে আকৌ এবাৰ দেশৰ কৰ্ম সংস্কৃতিৰ ক্ৰমবৰ্ধমান ক্ৰুৰতাক উদঙাই দিছে, তাক লৈ কোনো সন্দেহ নাই ।
লগতে পঢ়ক : ফটকা ফেক্টৰীত ভয়াৱহ বিস্ফোৰণ: ৮ জনৰ মৃত্যু









