ব্যৰ্থতা ঢাকিবলৈ পাকিস্তানৰ 'মিছা খবৰ'ৰ আশ্ৰয় : নতুন দিল্লীৰ তীব্ৰ আক্ৰমণ

ব্যৰ্থতা ঢাকিবলৈ পাকিস্তানৰ ‘মিছা খবৰ’ৰ আশ্ৰয় : নতুন দিল্লীৰ তীব্ৰ আক্ৰমণ

অৰ্থনৈতিক সংকট আৰু মৌলিক অধিকাৰৰ দাবীত ৰাজপথলৈ ওলাই অহা সাধাৰণ নাগৰিকৰ ওপৰত পাকিস্তান নিৰাপত্তা বাহিনীয়ে চলোৱা কঠোৰ দমন-পীড়নক লৈ ভাৰতে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে পাক-অধিকৃত জম্মু আৰু কাশ্মীৰত (PoJK) চলি থকা তীব্ৰ অশান্তি আৰু জনসাধাৰণৰ বিক্ষোভৰ মাজতে পাকিস্তানৰ বিৰুদ্ধে এক ডাঙৰ কূটনৈতিক আক্ৰমণ চলাইছে ভাৰতে

অৰ্থনৈতিক সংকট আৰু মৌলিক অধিকাৰৰ দাবীত ৰাজপথলৈ ওলাই অহা সাধাৰণ নাগৰিকৰ ওপৰত পাকিস্তান নিৰাপত্তা বাহিনীয়ে চলোৱা কঠোৰ দমন-পীড়নক লৈ ভাৰতে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে

পাক-অধিকৃত জম্মু আৰু কাশ্মীৰত (PoJK) চলি থকা তীব্ৰ অশান্তি আৰু জনসাধাৰণৰ বিক্ষোভৰ মাজতে পাকিস্তানৰ বিৰুদ্ধে এক ডাঙৰ কূটনৈতিক আক্ৰমণ চলাইছে ভাৰতে । মঙলবাৰে ভাৰতে অভিযোগ কৰে যে ইছলামাবাদে নিজৰ প্ৰণালীবদ্ধ ব্যৰ্থতা আৰু অঞ্চলটোত সংঘটিত হোৱা গুৰুতৰ মানৱাধিকাৰ উলংঘনৰ ঘটনা লুকুৱাবলৈ পদ্ধতিগতভাৱে মিছা খবৰ আৰু উৰাবাতৰিৰ আশ্ৰয় লৈছে ।

ভুল তথ্যৰে দৃষ্টি আকৰ্ষণৰ চেষ্টা পাকিস্তানৰ : বৈদেশিক মন্ত্ৰালয়

নতুন দিল্লীত অনুষ্ঠিত এক নিয়মীয়া সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে পাকিস্তানৰ এই কৌশল ফাদিল কৰে । তেওঁ কয় :

“আমি এই সন্দৰ্ভত পাকিস্তানৰ পৰা মিছা খবৰ আৰু ফেক ভিডিঅ’ ওলোৱাৰ এটা ধাৰাবাহিক প্ৰৱণতা প্ৰত্যক্ষ কৰি আহিছোঁ । এয়া পাকিস্তানৰ নিজৰ ব্যৰ্থতা লুকুওৱা আৰু বিশ্ববাসীৰ দৃষ্টি ইয়াৰ মানৱাধিকাৰ উলংঘনৰ পৰা আঁতৰাই ৰখাৰ এক হতাশাজনক প্ৰয়াসৰ বাহিৰে একো নহয় ।”

নিৰীহ নাগৰিকৰ ওপৰত বৰ্বৰ আৰক্ষী নিৰ্যাতন

অধিকৃত ভূখণ্ডটোত অৰ্থনৈতিক সংকট আৰু মৌলিক অধিকাৰৰ দাবীত ৰাজপথলৈ ওলাই অহা সাধাৰণ নাগৰিকৰ ওপৰত পাকিস্তানী নিৰাপত্তা বাহিনীয়ে চলোৱা কঠোৰ দমন-পীড়নক লৈ ভাৰতে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে । মুখপাত্ৰ জয়ছোৱালে কয় যে পাক-অধিকৃত কাশ্মীৰত গুৰুতৰ আৰক্ষী নিৰ্যাতনৰ খবৰ পোৱা গৈছে, য’ত ইতিমধ্যে কেইবাজনো প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে বহু লোক গুৰুতৰভাৱে আহত হৈছে ।

বিশ্ব সম্প্ৰদায়ক এই ক্ষেত্ৰত সজাগ হ’বলৈ আহ্বান জনাই তেওঁ কয়, “আমি আশা কৰোঁ যে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে পাকিস্তানক ইয়াৰ অপকৰ্ম আৰু নিৰ্যাতনৰ বাবে কঠোৰভাৱে জবাবদিহি কৰিব ।”

কিহৰ বাবে জ্বলিছে পাক-অধিকৃত কাশ্মীৰ ?

উল্লেখ্য যে, বৰ্তমান পাক-অধিকৃত জম্মু আৰু কাশ্মীৰত (PoJK) শাসন ব্যৱস্থাৰ বিসংগতি, চৰম অৰ্থনৈতিক সংকট আৰু সংৰক্ষিত বিধানসভাৰ আসন বণ্টনক লৈ স্থানীয় বাসিন্দাসকল ক্ষোভিত হৈ পৰিছে । প্ৰতিবাদকাৰীসকলৰ মূল অভিযোগসমূহ হ’ল :

আকাশলংঘী মুদ্ৰাস্ফীতি আৰু সামগ্ৰীৰ নাটনি : খাদ্য-সামগ্ৰী আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ তীব্ৰ নাটনি ।

বিদ্যুৎ বিল : স্থানীয়ভাৱে বিদ্যুৎ উৎপাদন হোৱাৰ পিছতো বাসিন্দাসকলে ভৰিবলগীয়া হৈছে অত্যধিক বিদ্যুৎ বিল ।

অৰ্ধসামৰিক বাহিনী মোতায়েন, ৰাৱালাকোটত হিংসাত্মক সংঘৰ্ষ

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, জনসাধাৰণৰ এই গণ-বিক্ষোভ দমন কৰিবলৈ পাকিস্তানী প্ৰশাসনে অঞ্চলটোত ব্যাপক হাৰত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছে । যাৰ ফলত প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত তীব্ৰ হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হৈছে । বিশেষকৈ ৰাৱালাকোট আৰু ইয়াৰ প্ৰতিৱেশী অঞ্চলসমূহত হোৱা সংঘৰ্ষত কেইবাজনো লোকৰ মৃত্যু ঘটিছে । পাকিস্তান চৰকাৰৰ এই বৰ্বৰ কাণ্ডক বৰ্তমান সৰ্বত্ৰে গৰিহণা দিয়া হৈছে আৰু ঘটনাৰ এক স্বতন্ত্ৰ তদন্তৰ দাবী উত্থাপন হৈছে ।

লগতে পঢ়ক : ফিলিপাইনছৰ ভয়াৱহ ভূমিকম্পক লৈ প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

শেহতীয়া প্ৰৱন্ধসমূহ