অসম ভ্ৰমণলৈ ইউৰোপীয় ইউনিয়নৰ উচ্চস্তৰীয় প্ৰতিনিধি দল "টিম ইউৰোপ"

অসম ভ্ৰমণলৈ ইউৰোপীয় ইউনিয়নৰ উচ্চস্তৰীয় প্ৰতিনিধি দল “টিম ইউৰোপ”

অহা ৮ আৰু ৯ জুনত ৰাজ্যখনত উপস্থিত হ’ব ইউৰোপীয় ইউনিয়নৰ এটা উচ্চস্তৰীয় টিম ইউৰোপ প্ৰতিনিধি দল অসমৰ অৰ্থনৈতিক আৰু উদ্যোগিক খণ্ডৰ বাবে এক আশাৰ বতৰা কাঢ়িয়াই অহা ৮ আৰু ৯ জুনত ৰাজ্যখনত উপস্থিত হ’ব ইউৰোপীয় ইউনিয়নৰ (EU) এটা উচ্চস্তৰীয় “টিম ইউৰোপ” প্ৰতিনিধি দল । ভাৰতৰ

অহা ৮ আৰু ৯ জুনত ৰাজ্যখনত উপস্থিত হ’ব ইউৰোপীয় ইউনিয়নৰ এটা উচ্চস্তৰীয় টিম ইউৰোপ প্ৰতিনিধি দল

অসমৰ অৰ্থনৈতিক আৰু উদ্যোগিক খণ্ডৰ বাবে এক আশাৰ বতৰা কাঢ়িয়াই অহা ৮ আৰু ৯ জুনত ৰাজ্যখনত উপস্থিত হ’ব ইউৰোপীয় ইউনিয়নৰ (EU) এটা উচ্চস্তৰীয় “টিম ইউৰোপ” প্ৰতিনিধি দল । ভাৰতৰ উত্তৰ-পূব অঞ্চল আৰু ইউৰোপৰ মাজত অৰ্থনৈতিক সম্পৰ্ক অধিক সুদৃঢ় কৰা তথা ব্যৱসায়িক সহযোগিতাৰ নতুন সম্ভাৱনীয়তাসমূহ অন্বেষণ কৰাই এই ভ্ৰমণৰ মূল উদ্দেশ্য ।

ভাৰত আৰু ভূটানলৈ ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনৰ নেতৃত্বত অহা এই দলটোত EU সদস্য ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰদূত, জ্যেষ্ঠ প্ৰতিনিধি আৰু অগ্ৰণী ইউৰোপীয় ব্যৱসায়িক নেতৃবৃন্দ অন্তৰ্ভুক্ত আছে । ভ্ৰমণকালত প্ৰতিনিধি দলটোৱে অসম চৰকাৰ আৰু থলুৱা ব্যৱসায়িক অংশীদাৰসকলৰ সৈতে বাণিজ্য আৰু বিনিয়োগৰ সুযোগসমূহৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব ।

কোনবোৰ খণ্ডই লাভ কৰিব অগ্ৰাধিকাৰ ?

এই ভ্ৰমণৰ সময়ত অসম আৰু ইউৰোপৰ উমৈহতীয়া আগ্ৰহ থকা কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হ’ব । ইয়াৰ ভিতৰত উল্লেখযোগ্য খণ্ডসমূহ হৈছে :

-নৱীকৰণযোগ্য শক্তি আৰু বহনক্ষম নগৰীয়া আন্তঃগাঁথনি।

-স্বাস্থ্যসেৱা আৰু ফাৰ্মাচিউটিকেলচ।

-ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক্স উৎপাদন।

-চাহ আৰু কৃষি-খাদ্য সংসাধন (Agri-food processing)।

-সুগন্ধি, আতৰ আৰু আয়ুষ খণ্ড।

মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ আৰু “ব্লু ভেলীজ” কৰ্মশালা :

কাৰ্যসূচী অনুসৰি, ‘টিম ইউৰোপ’ৰ ৰাষ্ট্ৰদূতসকলে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব । আনহাতে, ‘ফেডাৰেচন অৱ ইউৰোপিয়ান বিজনেছ ইন ইণ্ডিয়া’ৰ নেতৃত্বত অহা ব্যৱসায়িক দলটোৱে ৰাজ্যৰ উচ্চপদস্থ বিষয়া আৰু উদ্যোগ খণ্ডৰ প্ৰতিনিধিসকলৰ সৈতে মতবিনিময় কৰিব ।

এই ভ্ৰমণৰ আটাইতকৈ আকৰ্ষণীয় কাৰ্যসূচী হ’ব ৯ জুনত অসম চৰকাৰৰ উদ্যোগত আয়োজিত “ব্লু ভেলীজ: বিল্ডিং ইক’চিষ্টেমছ এণ্ড ভেলু চেইনছ বিটউইন ইণ্ডিয়া এণ্ড ইউৰোপ” শীৰ্ষক এক বিশেষ কৰ্মশালা । য’ত দুয়োখন দেশৰ ব্যৱসায়ীসকলে বহনক্ষম উদ্যোগ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অংশীদাৰিত্ব গঢ়ি তোলাৰ লক্ষ্যৰে অংশগ্ৰহণ কৰিব ।

মুকলি হ’ব অসমৰ প্ৰথমটো ‘ব্লু ভেলী ক্লাষ্টাৰ’

এই ঐতিহাসিক ভ্ৰমণৰ মাজতে ৰাজ্যখনত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব অসমৰ প্ৰথমটো ‘ব্লু ভেলী ক্লাষ্টাৰ’ । এইটো প্ৰধানকৈ সুগন্ধি, আতৰ, আয়ুষ আৰু খাদ্য সংসাধন খণ্ডক কেন্দ্ৰ কৰি গঢ়ি তোলা এক বিশেষ ঔদ্যোগিক হাব । এই অভিনৱ পদক্ষেপে অসমৰ উদীয়মান ঔদ্যোগিক পৰিৱেশতন্ত্ৰক বহনক্ষম উৎপাদনৰ জৰিয়তে ইউৰোপীয় বজাৰৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিব বুলি আশা কৰা হৈছে ।

টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প ভ্ৰমণৰ সম্ভাৱনা :

উচ্চ-প্ৰযুক্তিগত উৎপাদন খণ্ডত অসমৰ বৰ্ধিত গুৰুত্বক প্ৰতিপন্ন কৰি ইউৰোপীয় প্ৰতিনিধি দলটোৱে জাগীৰোডত থকা টাটা ইলেক্ট্ৰনিক্সৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পটো ভ্ৰমণ কৰাৰো পূৰ্ণ সম্ভাৱনা আছে ।

ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনে এক বিবৃতিত প্ৰকাশ কৰা মতে, “অসম তথা সমগ্ৰ উত্তৰ-পূব অঞ্চলৰে প্ৰচুৰ অৰ্থনৈতিক সম্ভাৱনা আছে । অঞ্চলটোৰ প্ৰাকৃতিক সম্পদ, দক্ষ কৰ্মশক্তি আৰু দ্ৰুত অৰ্থনৈতিক বিকাশে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে ।” তেওঁ লগতে কয় যে ‘ব্লু ভেলীজ’ৰ দৰে পদক্ষেপে ভাৰত আৰু ইউৰোপৰ মাজত এক দীৰ্ঘম্যাদী ব্যৱসায়িক অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিব আৰু বিনিয়োগৰ নতুন দিগন্তৰ সূচনা কৰিব ।

লগতে পঢ়ক : ‘বিকশিত অসম’ গঢ়াৰ সংকল্প : এশৰো অধিক IAS বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক

শেহতীয়া প্ৰৱন্ধসমূহ