বক্স অফিচত পেড্ডিৰ ধুমুহা; মুক্তিৰ প্ৰথম দিনাই তোলপাৰ

বক্স অফিচত পেড্ডীৰ ধুমুহা; মুক্তিৰ প্ৰথম দিনাই তোলপাৰ

মুক্তিৰ প্ৰথম দিনাই বক্স অফিচত পেড্ডীয়ে ধুমুহাৰ সৃষ্টি কৰিছে। ছবিখনে প্ৰথম দিনাই বক্স অফিচত ১৩৫ কোটি টকা উপাৰ্জন কৰিছে। ৰাম চৰণ আৰু জাহ্নৱী কাপুৰৰ ‘পেড্ডী’ চিনেমাখনে মুক্তিৰ প্ৰথম দিনাই বক্স অফিচত খলকনি তুলিছে। এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে ছবিখনৰ দ্বিতীয় দিনৰ বক্স অফিচ সংগ্ৰহৰ ওপৰত।

মুক্তিৰ প্ৰথম দিনাই বক্স অফিচত পেড্ডীয়ে ধুমুহাৰ সৃষ্টি কৰিছে। ছবিখনে প্ৰথম দিনাই বক্স অফিচত ১৩৫ কোটি টকা উপাৰ্জন কৰিছে।

ৰাম চৰণ আৰু জাহ্নৱী কাপুৰৰ ‘পেড্ডী’ চিনেমাখনে মুক্তিৰ প্ৰথম দিনাই বক্স অফিচত খলকনি তুলিছে। এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে ছবিখনৰ দ্বিতীয় দিনৰ বক্স অফিচ সংগ্ৰহৰ ওপৰত। প্ৰথম দিনৰ বক্স অফিচ সংগ্ৰহৰ কথা ক’বলৈ গ’লে চিনেমাখনে ৪ জুনত ভাৰতত ৫১ কোটি টকাৰ নেট সংগ্ৰহ কৰিছে। আনহাতে, প্ৰিমিয়াৰ শ্বসহ ভাৰতত মুঠ গ্ৰছ সংগ্ৰহ ৮২.৪৯ কোটি আৰু বিদেশত ৩০ কোটি টকাৰ সৈতে বিশ্বজুৰি মুঠ গ্ৰছ সংগ্ৰহ ১১২.৪৯ কোটি টকাত উপনীত হৈছে।

দ্বিতীয় দিনাও ছবিখনে দৰ্শকৰ শক্তিশালী ইতিবাচক সঁহাৰি আৰু বুকিং ট্ৰেণ্ডৰ বাবে অধিক গতি লাভ কৰাৰ আশা কৰা হৈছে। কেৱল এয়াই নহয়, ইয়াৰ দ্বিতীয় দিনৰ প্ৰাৰম্ভিক সংগ্ৰহৰ পৰিসংখ্যাও আহিবলৈ আৰম্ভ কৰিছে। ‘পেড্ডী’ৰ দ্বিতীয় দিনাৰ বক্স অফিচ সংগ্ৰহৰ প্ৰাৰম্ভিক তথ্য পোহৰলৈ আহিছে। ‘Sacnilk’ৰ অনুসৰি, ৰিপৰ্ট প্ৰস্তুত কৰা সময়লৈকে চিনেমাখনে প্ৰথম শুকুৰবাৰে ১৬.৮০ কোটি টকা সংগ্ৰহ কৰিছে।

প্ৰডাকচন হাউচৰ তথ্য অনুসৰি, ‘পেড্ডী’য়ে প্ৰথম দিনাই বিশ্বজুৰি ১৩৫.৩৬ কোটি টকাতকৈও অধিক গ্ৰছ সংগ্ৰহ কৰিছে। এইদৰে চিনেমাখনে প্ৰথম দিনাই বাম্পাৰ ওপেনিং কৰিবলৈ সক্ষম হৈছে।

বুচ্চি বাবু চনা  তেলুগু চিনেমাৰ এজন উদীয়মান তাৰকা পৰিচালক। তেওঁ ‘উপ্পেনা’ ছবিখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল।তেওঁৰ প্ৰথমখন ছবিয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে আৰু এইবাৰ মেগা পাৱাৰ ষ্টাৰ ৰাম চৰণৰ সৈতে তেওঁ ডাঙৰ পৰ্দাত এক ধামাকা প্ৰত্যাৱৰ্তন কৰিছে। বুচ্চি বাবু চনাই পাঁচ বছৰৰ কঠোৰ পৰিশ্ৰমৰ পিছত এই চিনেমাখন সম্পূৰ্ণ কৰিছে। চিনেমাখনত শিৱৰাজকুমাৰ, দিব্যেন্দু শৰ্মা আৰু জগতপতি বাবুৱেও মুখ্য ভূমিকাত অভিনয় কৰিছে। এ.আৰ. ৰহমানৰ সংগীতে দৰ্শকৰ মন জয় কৰিছে।

লগতে পঢ়ক: গৌৰীৰ সৈতে সম্পৰ্কত লগাব মোহৰ; তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব আমিৰ খান

শেহতীয়া প্ৰৱন্ধসমূহ