শপত গ্ৰহণৰ মাত্ৰ এদিন পূৰ্বে কৰ্ণাটকৰ হ’বলগীয়া মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে গান্ধী পৰিয়ালক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে।গান্ধী পৰিয়ালৰ অদম্য আস্থাই তেওঁৰ ৰাজনৈতিক যাত্ৰা আৰু নেতৃত্ব গঢ় দিয়াত উল্লেখযোগ্য ভূমিকা পালন কৰিছে বুলি উল্লেখ কৰিছে।
কৰ্ণাটকৰ হ’বলগীয়া মুখ্যমন্ত্রী ডি.কে. শিৱকুমাৰে তেওঁৰ শপত গ্রহণ অনুষ্ঠানৰ ঠিক এদিন পূৰ্বে এক অত্যন্ত আৱেগিক বার্তা প্রকাশ কৰিছে। মঙলবাৰে ডি.কে. শিৱকুমাৰে সমগ্ৰ ৰাজনৈতিক জীৱনৰ কৃতিত্ব গান্ধী পৰিয়ালক দি তেওঁলোকৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে।
ডি.কে. শিৱকুমাৰে স্পষ্টকৈ কয় যে আজি তেওঁ ৰাজনীতিৰ যিটো পৰ্যায়ত উপনীত হৈছে, তাক গঢ় দিয়াৰ ক্ষেত্ৰত গান্ধী পৰিয়ালৰ অদম্য বিশ্বাস আৰু মাৰ্গদৰ্শনেই আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছে।
ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত শিৱকুমাৰে লিখিছে যে গান্ধী পৰিয়ালে কেৱল এজন নেতা হিচাপেই নহয়, বৰঞ্চ তেওঁৰ জীৱনৰ প্ৰতিটো উত্থান-পতনৰ সময়ত তেওঁৰ ওপৰত আস্থা প্ৰদৰ্শন কৰি তেওঁক একেৰাহে আগবাঢ়ি যাবলৈ সাহস দি আহিছে।
ডি.কে. শিৱকুমাৰে তেওঁৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰ দিনবোৰৰ কথা মনত পেলাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অৱদানৰ কথা উল্লেখ কৰে। তেওঁ কয়, “যেতিয়া মই এজন যুৱ কৰ্মী আছিলো, তেতিয়া ৰাজীৱ গান্ধীয়ে মোৰ ক্ষমতা চিনি পাইছিল। তেৱেই মোক জনসেৱাৰ বাবে নিজক উৎসৰ্গা কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।”
কংগ্ৰেছ সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ প্ৰশংসা কৰি আৱেগিক সুৰত শিৱকুমাৰে কয়, “প্ৰকৃত নেতা তেওঁলোকেই, যিসকলে কেৱল আপোনাৰ সফলতাৰ সময়তে নহয়, বৰঞ্চ আটাইতকৈ কঠিন সময়তো আপোনাৰ কাষত থিয় দিয়ে। মোৰ জীৱনৰ আটাইতকৈ কঠিন সময়ছোৱাত ছোনিয়া জীৰ পৰা পোৱা সমৰ্থনে মোক নেতৃত্বৰ প্ৰকৃত অৰ্থ শিকাইছিল।”
হ’বলগীয়া মুখ্যমন্ত্রীগৰাকীয়ে কংগ্ৰেছৰ যুৱ নেতৃত্বৰ প্ৰতিও নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ ৰাহুল গান্ধীক মাৰ্গদৰ্শন আৰু অনুপ্ৰেৰণাৰ এক নিৰন্তৰ উৎস বুলি অভিহিত কৰে, যি গণতান্ত্ৰিক মূল্যবোধ আৰু সৰ্বাংগীণ ৰাজনীতিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ লগতে তেওঁ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ স্নেহ, সহজলভ্যতা আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ উচাহ বৃদ্ধি কৰাৰ শৈলীকো প্ৰশংসা কৰে।
শিৱকুমাৰে কয় যে এজন তৃণমূল পৰ্যায়ৰ কৰ্মী হিচাপে যাত্ৰা আৰম্ভ কৰা আৰু যিজনক আজি কৰ্ণাটক নেতৃত্ব দিয়াৰ অপৰিসীম দায়িত্ব অৰ্পণ কৰা হৈছে,এই আস্থাৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ।
লগতে পঢ়ক: মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত বিভাজনৰ সংকট; অসন্তুষ্ট বিধায়কে গঠন কৰিব পাৰে নতুন দল









