বংগত শুভেন্দু অধিকাৰীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ; ৩৫ গৰাকী নতুন মুখে ললে শপত

বংগত শুভেন্দু অধিকাৰীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ; ৩৫ গৰাকী নতুন মুখে ললে শপত

পশ্চিম বংগত শুভেন্দু অধিকাৰীৰ অধীনত কেবিনেট সম্প্ৰসাৰণৰ সময়ত কেইবাজনো বিশিষ্ট ব্যক্তিক মন্ত্ৰীত্বৰ দায়িত্ব অৰ্পণ কৰা হৈছে। পশ্চিমবংগত আজি শুভেন্দু অধিকাৰীৰ কেবিনেট সম্প্ৰসাৰণ কৰা হয়। ৰাজ্যখনত বিজেপি চৰকাৰ গঠন হোৱাৰ প্ৰায় ২২ দিন পিছত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী চৰকাৰৰ প্ৰথমটো ডাঙৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ সম্পন্ন হয়। লোকভৱনত ৰাজ্যপাল

পশ্চিম বংগত শুভেন্দু অধিকাৰীৰ অধীনত কেবিনেট সম্প্ৰসাৰণৰ সময়ত কেইবাজনো বিশিষ্ট ব্যক্তিক মন্ত্ৰীত্বৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

পশ্চিমবংগত আজি শুভেন্দু অধিকাৰীৰ কেবিনেট সম্প্ৰসাৰণ কৰা হয়। ৰাজ্যখনত বিজেপি চৰকাৰ গঠন হোৱাৰ প্ৰায় ২২ দিন পিছত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী চৰকাৰৰ প্ৰথমটো ডাঙৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ সম্পন্ন হয়। লোকভৱনত ৰাজ্যপাল আৰ. এন. ৰবিয়ে ৩৫ গৰাকী নতুন মন্ত্ৰীক শপত গ্ৰহণ কৰোৱায়। এই অনুষ্ঠানত বিজেপিৰ কেইবাগৰাকীও ডাঙৰ নেতা উপস্থিত আছিল।

নতুন মন্ত্ৰীৰ তালিকাত তাপস ৰায়, মনোজ ওৰাওঁ, অৰ্জুন সিং, গৌৰীশংকৰ ঘোষ, দীপক বৰ্মন, অৰূপ কুমাৰ দাস, স্বপন দাসগুপ্ত, কল্যাণ চক্ৰৱৰ্তী, শংকৰ ঘোষ, দুধকুমাৰ মণ্ডল আৰু অন্যান্যসকল অন্তৰ্ভুক্ত হৈছে।

আনহাতে, স্বতন্ত্ৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰীসকলৰ ভিতৰত মালতী ৰাভা ৰায়, ৰাজেশ মাহাতো আৰু ইন্দ্ৰনীল খান অন্তৰ্ভুক্ত হৈছে।

ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাসকলৰ ভিতৰত আছে অশোক ডাণ্ডা, জুৱেল মুৰ্মু, হৰেকৃষ্ণ বেৰা, শান্তনু প্ৰমাণিক, উমেশ ৰায়, পূৰ্ণিমা চক্ৰৱৰ্তী, ভাস্কৰ ভট্টাচাৰ্য, কলিতা মাজী, বিৰাজ বিশ্বাস, আনন্দময় বৰ্মন, বিশাল লামা, দীপাংকৰ জানা আৰু অন্যান্যসকল।

বংগত শুভেন্দু অধিকাৰী চৰকাৰৰ সকলো মন্ত্ৰীৰে নাম প্ৰকাশ পাইছে যদিও এতিয়াও বিভাগসমূহৰ আবণ্টন হোৱা নাই। এতিয়া লক্ষণীয় হ’ব যে কোনগৰাকী মন্ত্ৰীয়ে কোনটো মন্ত্ৰালয় লাভ কৰে। ইয়াৰ ওপৰতে এতিয়া সকলোৰে চকু নিবদ্ধ হৈ আছে।শপত গ্ৰহণ কৰা মুঠ বিধায়কৰ সংখ্যা হৈছে ৩৫ গৰাকী। তাৰে ১৩ গৰাকী কেবিনেট মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)৩গৰাকী আৰু ১৯ গৰাকী ৰাজ্যিক মন্ত্ৰী আছে।  

লগতে পঢ়ক: সোমবাৰে শুভেন্দু চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণ; কেইবাখনো নতুন মুখে পাব পাৰে স্থান