কান চলচ্চিত্ৰ মহোৎসৱত ঐশ্বৰ্য ৰায় বচ্চনৰ লুক সন্দৰ্ভত সন্মুখীন হোৱা ট্ৰলিঙৰ মাজতে তেওঁৰ সমৰ্থনত ওলাই আহিছে মাধুৰী দীক্ষিত।
কান ফিল্ম ফেষ্টিভেল ২০২৬ ত ঐশ্বৰ্য ৰায় বচ্চনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। কিন্তু তেওঁৰ লুকটোক লৈ ছচিয়েল মিডিয়াত কিছুমান লোকে তেওঁক ট্ৰ’লো কৰিছিল। ইয়াৰ মাজতে এতিয়া ‘দেৱদাস’ ছবিৰ সহ-অভিনেত্ৰী মাধুৰী দীক্ষিত ঐশ্বৰ্য ৰায় বচ্চনৰ সমৰ্থনত আগবাঢ়ি আহিছে। মাধুৰীয়ে স্পষ্টকৈ কয় যে ঐশ্বৰ্যক তেওঁৰ লুক বা বয়সৰ দ্বাৰা নহয়, বৰঞ্চ তেওঁৰ সাফল্যৰ দ্বাৰাহে চিনি পোৱা উচিত। মাধুৰীয়ে কয় যে ঐশ্বৰ্যই বিগত ২০ বছৰতকৈও অধিক সময় ধৰি কানত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে আৰু তেওঁ সমগ্ৰ বিশ্বতে দেশৰ নাম উজ্জ্বল কৰিছে।
মাধুৰীয়ে কয়,”ঐশ্বৰ্য এগৰাকী গ্ল’বেল ষ্টাৰ। মিছ ৱৰ্ল্ড হোৱাৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰালৈকে তেওঁ দেশক গৌৰৱান্বিত কৰিছে। আপোনালোকে ঐশ্বৰ্যক কেৱল তেওঁৰ ওজন, ড্ৰেছৰ চাইজ বা বয়সৰ সংখ্যাৰে জুখিব নোৱাৰে। তেওঁ ধুনীয়া আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল তেওঁ ভিতৰৰ পৰাও এগৰাকী ধুনীয়া মহিলা।”
আচলতে, কান ২০২৬ ৰ ৰেড কাৰ্পেটৰ পৰা ঐশ্বৰ্যৰ কিছুমান ফটো আৰু ভিডিঅ’ পোহৰলৈ অহাৰ পিছত ছচিয়েল মিডিয়াত কিছুমান লোকে তেওঁৰ লুক আৰু ওজন সন্দৰ্ভত মন্তব্য কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মাধুৰীয়ে কয় যে এইধৰণৰ কথাই যুৱ প্ৰজন্মৰ মাজলৈ ভুল বাৰ্তা প্ৰেৰণ কৰে।
তেওঁ কয় “যেতিয়া আপুনি কাৰোবাৰ সাফল্যক বাদ দি কেৱল তেওঁৰ লুক বা চেহেৰাক লৈ কথা পাতে, তেন্তে আপুনি আজিৰ যুৱ প্ৰজন্মক কি শিকাইছে? কোনোবা এজন মানুহৰ মূল্য কেৱল তেওঁৰ চেহেৰাৰ দ্বাৰাই নিৰূপণ হয় নেকি? মই ভাবো এইটো একেবাৰেই ভুল বাৰ্তা।”
লগতে পঢ়ক: “অসাধাৰণ,এই বয়সত আমি টাং গুটিও খেলিব পৰা নাছিলো”; বৈভৱ সূৰ্যবংশীৰ প্ৰশংসাত পঞ্চমুখ অমিতাভ বচ্চন









