ভাৰতলৈ আহিব ড’নাল্ড ট্ৰাম্পৰ কন্যা টিফনী ট্ৰাম্প; কৰিব তাজমহল পৰিদৰ্শন

ভাৰত ভ্ৰমণলৈ আহিব ড’নাল্ড ট্ৰাম্পৰ কন্যা টিফনী ট্ৰাম্প; কৰিব তাজমহল পৰিদৰ্শন

আজি ব্যক্তিগত ভ্ৰমণৰ বাবে আজি ভাৰতলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা টিফনী ট্ৰাম্প। দেওবাৰে পুৱা তাজমহল পৰিদৰ্শন কৰিব টিফনী ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা টিফনী ট্ৰাম্প ব্যক্তিগত ভ্ৰমণৰ বাবে আজি ভাৰতলৈ আহিব। জানিব পৰা মতে, শনিবাৰে দিল্লীত উপস্থিত হ’ব টিফনী ট্ৰাম্প তেওঁৰ এই

আজি ব্যক্তিগত ভ্ৰমণৰ বাবে আজি ভাৰতলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা টিফনী ট্ৰাম্প। দেওবাৰে পুৱা তাজমহল পৰিদৰ্শন কৰিব টিফনী ট্ৰাম্পে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা টিফনী ট্ৰাম্প ব্যক্তিগত ভ্ৰমণৰ বাবে আজি ভাৰতলৈ আহিব। জানিব পৰা মতে, শনিবাৰে দিল্লীত উপস্থিত হ’ব টিফনী ট্ৰাম্প  তেওঁৰ এই ভ্ৰমণক লৈ সম্পূৰ্ণ সতৰ্ক হৈ আছে প্ৰশাসন আৰু নিৰাপত্তা সংস্থা।

সূত্ৰ অনুসৰি, শনিবাৰে পুৱা দিল্লীত উপস্থিত হোৱাৰ পিছত টিফনী ট্ৰাম্পে চাৰ্টাৰ্ড বিমানেৰে আগ্ৰাৰ খেৰিয়া বিমানবন্দৰলৈ যাত্ৰা কৰিব।ইয়াৰ পৰা তেওঁক কটকটীয়া নিৰাপত্তাৰ মাজত হোটেললৈ লৈ যোৱা হ’ব।

জানিব পৰা মতে, দেওবাৰে পুৱা বিশ্ববিখ্যাত তাজমহল ভ্ৰমণ কৰিব টিফনী ট্ৰাম্পে।তাজমহল কমপ্লেক্সৰ ভিতৰত প্ৰায় ডেৰ ঘণ্টা সময় কটাব তেওঁ।এই সময়ছোৱাত পৰ্যটকৰ চলাচল আৰু নিৰাপত্তাৰ ব্যৱস্থা সন্দৰ্ভত এক বিশেষ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। তাজমহল ভ্ৰমণৰ পিছত দেওবাৰে বিয়লি আগ্ৰাৰ খেৰিয়া বিমানবন্দৰৰ পৰা চাৰ্টাৰ্ড বিমানেৰে ৰাজস্থানৰ জয়ছেলমেৰলৈ যাত্ৰা কৰিব টিফনী ট্ৰাম্পে।

লগতে পঢ়ক: “মই চৰ্তসমূহৰ সৈতে আজিয়েই চূড়ান্ত সিদ্ধান্ত ল’ম”; ট্ৰাম্পৰ বিস্ফোৰক মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ