সিদ্ধাৰামায়াৰ পদত্যাগ পত্ৰ গ্ৰহণ ৰাজ্যপালৰ, আজি দিল্লীত শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব শিৱকুমাৰে

সিদ্ধাৰামায়াৰ পদত্যাগ পত্ৰ গ্ৰহণ ৰাজ্যপালৰ, আজি দিল্লীত শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব শিৱকুমাৰে

ৰাজ্যপাল থাৱৰচান্দ গেহলটে মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ পদত্যাগপত্ৰ গ্ৰহণ কৰিছে কৰ্ণাটকৰ ৰাজনীতিত কেইবাদিনো ধৰি চলি অহা জল্পনা-কল্পনাৰ অৱসান ঘটিছে । ৰাজ্যপাল থাৱৰচান্দ গেহলটে মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ পদত্যাগপত্ৰ গ্ৰহণ কৰিছে । ইয়াৰ লগে লগে ৰাজ্যখনত চৰকাৰ সলনি হোৱাৰ পথ প্ৰশস্ত হৈছে আৰু এতিয়া কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰ পৰৱৰ্তী

ৰাজ্যপাল থাৱৰচান্দ গেহলটে মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ পদত্যাগপত্ৰ গ্ৰহণ কৰিছে

কৰ্ণাটকৰ ৰাজনীতিত কেইবাদিনো ধৰি চলি অহা জল্পনা-কল্পনাৰ অৱসান ঘটিছে । ৰাজ্যপাল থাৱৰচান্দ গেহলটে মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ পদত্যাগপত্ৰ গ্ৰহণ কৰিছে । ইয়াৰ লগে লগে ৰাজ্যখনত চৰকাৰ সলনি হোৱাৰ পথ প্ৰশস্ত হৈছে আৰু এতিয়া কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা অতি প্ৰবল হৈ পৰিছে ।

সিদ্ধাৰামায়াই বৃহস্পতিবাৰে ৰাজ্যপালৰ কাৰ্যালয়ত তেওঁৰ পদত্যাগপত্ৰ দাখিল কৰিছিল । অৱশ্যে সেই সময়ত ৰাজ্যপাল থাৱৰচান্দ গেহলট বাংগালুৰুৰ বাহিৰত থকাৰ বাবে পদত্যাগপত্ৰখন পিছত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয় । এতিয়া ৰাজভৱনৰ পৰা এই পত্ৰ গ্ৰহণ কৰাৰ পিছত ৰাজনৈতিক তৎপৰতা তীব্ৰতৰ হৈ পৰিছে ।

কৰ্ণাটকত নতুন চৰকাৰ গঠনৰ তৎপৰতা-

কৰ্ণাটকত নতুন চৰকাৰ গঠনক লৈ ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে । বাংগালুৰুৰ পৰা নতুন দিল্লীলৈকে বৈঠক আৰু ৰণকৌশলগত আলোচনাৰ ধাৰা অব্যাহত আছে । বাংগালুৰুত যিদৰে কংগ্ৰেছ বিধায়িনী দলৰ গুৰুত্বপূৰ্ণ বৈঠকৰ প্ৰস্তুতি চলিছে, আনফালে ৰাজ্যখনৰ শীৰ্ষ দুয়োজন নেতা কাৰ্যবাহী মুখ্যমন্ত্ৰী সিদ্ধাৰমৈয়া আৰু প্ৰদেশ কংগ্ৰেছ সভাপতি ডি কে শিৱকুমাৰ দিল্লীত উপস্থিত আছে ।

জানিব পৰা মতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত সিদ্ধাৰামায়া জয়পুৰ হৈ নতুন দিল্লীত উপস্থিত হয় । আনহাতে, ডি কে শিৱকুমাৰো বৃহস্পতিবাৰে নতুন দিল্লীলৈ ৰাওনা হয় । দুয়োগৰাকী নেতা একে সময়তে দিল্লীত উপস্থিত হোৱাটো কৰ্ণাটকৰ ৰাজনীতিত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে ।

কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকৰ সম্ভাৱনা-

খবৰ অনুসৰি, দিল্লী ভ্ৰমণৰ সময়ত সিদ্ধাৰমৈয়া আৰু ডি কে শিৱকুমাৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ সৈতে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । এই বৈঠকসমূহ কেৱল আনুষ্ঠানিক সাক্ষাৎ নহয়, বৰঞ্চ নতুন চৰকাৰ গঠনৰ দিশ নিৰ্ধাৰণ কৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ধৰা হৈছে । এই বৈঠকত কৰ্ণাটকৰ নতুন চৰকাৰৰ স্বৰূপ সন্দৰ্ভত বিতংভাৱে আলোচনা হ’ব । ইয়াৰ লগতে সম্ভাৱ্য মন্ত্ৰীসভাৰ গাঁথনি আৰু দপ্তৰসমূহৰ বিতৰণক লৈও চূড়ান্ত ৰণকৌশল প্ৰস্তুত কৰা হ’ব পাৰে ।

তিনি বছৰীয়া সংগ্ৰামৰ অৱসান-

উল্লেখ্য যে ৰাজ্যখনত মুখ্যমন্ত্ৰী পদক লৈ যোৱা তিনি বছৰ ধৰি এক সংগ্ৰাম চলি আছিল । দৰাচলতে, ২০২৩ চনৰ মে’ মাহত কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ গঠন হৈছিল । সেই সময়ত দলৰ দুই শক্তিশালী নেতা- সিদ্ধাৰামায়া আৰু ডি কে শিৱকুমাৰৰ মাজত মুখ্যমন্ত্ৰী হোৱাৰ প্ৰতিযোগিতা চলিছিল । অৱশ্যে, কংগ্ৰেছ হাইকমাণ্ডে সিদ্ধাৰামায়াৰ অভিজ্ঞতাৰ ওপৰত আস্থা ৰাখি তেওঁক মুখ্যমন্ত্ৰী কৰাৰ সিদ্ধান্ত লৈছিল আৰু শিৱকুমাৰে উপ-মুখ্যমন্ত্ৰী পদতে সন্তুষ্ট থাকিবলগীয়া হৈছিল ।

তেতিয়া এনে জল্পনা-কল্পনাও চলিছিল যে দুয়োগৰাকী নেতাৰ মাজত আঢ়ৈ বছৰকৈ মুখ্যমন্ত্ৰী পদত থকাৰ বুজাবুজি হৈছিল । যদিও ইয়াৰ কোনো আনুষ্ঠানিক স্বীকৃতি দিয়া হোৱা নাছিল আৰু পিছলৈ সিদ্ধাৰামায়াই মুখ্যমন্ত্ৰী হিচাপে নিজৰ স্থিতি শক্তিশালী কৰি তুলিছিল । কিন্তু এতিয়া আশা কৰা হৈছে যে কংগ্ৰেছ হাইকমাণ্ডে শিৱকুমাৰক মুখ্যমন্ত্ৰী কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰিছে, যাৰ বাবেই সিদ্ধাৰামায়াই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে ।

লগতে পঢ়ক : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ সিদ্ধাৰামাইয়াৰ

শেহতীয়া প্ৰৱন্ধসমূহ