বিজেপিয়ে সলনি কৰিলে ৪ ৰাজ্যৰ নেতৃত্ব

বিজেপিয়ে সলনি কৰিলে ৪ ৰাজ্যৰ নেতৃত্ব

বৃহস্পতিবাৰে চাৰিখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ প্ৰদেশ সভাপতি সলনি কৰাৰ কথা ঘোষণা কৰিছে বিজেপিয়ে ভাৰতীয় জনতা পাৰ্টিয়ে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে বৃহস্পতিবাৰে চাৰিখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ প্ৰদেশ সভাপতি সলনি কৰাৰ কথা ঘোষণা কৰিছে । দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকে প্ৰকাশ কৰা অনুসৰি, ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনে এই নতুন

বৃহস্পতিবাৰে চাৰিখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ প্ৰদেশ সভাপতি সলনি কৰাৰ কথা ঘোষণা কৰিছে বিজেপিয়ে

ভাৰতীয় জনতা পাৰ্টিয়ে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে বৃহস্পতিবাৰে চাৰিখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ প্ৰদেশ সভাপতি সলনি কৰাৰ কথা ঘোষণা কৰিছে । দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকে প্ৰকাশ কৰা অনুসৰি, ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনে এই নতুন নিযুক্তিৰ তালিকাখন অনুমোদন জনাইছে ।

দিল্লীত নতুন দায়িত্বত কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰা দিল্লী বিজেপিৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাই । তেওঁ বিদায়ী সভাপতি বীৰেন্দ্ৰ সচদেৱাৰ ঠাই লৈছে । বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা তথা দিল্লীৰ সাংসদ মালহোত্ৰা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । সাংগঠনিক ৰাজনীতিত দীৰ্ঘদিন ধৰি সক্ৰিয় মালহোত্ৰাৰ জনসম্পৰ্ক আৰু সাংগঠনিক দক্ষতাৰ ওপৰত আস্থা ৰাখি দলৰ শীৰ্ষ নেতৃত্বই তেওঁক এই গুৰু দায়িত্ব প্ৰদান কৰিছে ।

অন্যান্য ৰাজ্যত নতুন নেতৃত্ব :

হাৰিয়ানা : ড° অৰ্চনা গুপ্তাক হাৰিয়ানাৰ প্ৰদেশ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে । এগৰাকী সক্ৰিয় নেত্ৰী হিচাপে তেওঁ মহিলা নেতৃত্বক শক্তিশালী কৰাত বিশেষ অৰিহণা যোগাই আহিছে । তেওঁৰ পৰা সংগঠনৰ সম্প্ৰসাৰণ আৰু কৰ্মীসকলক একত্ৰিত কৰাৰ আশা কৰা হৈছে ।

পঞ্জাব : পঞ্জাবৰ নতুন প্ৰদেশ সভাপতিৰ দায়িত্ব দিয়া হৈছে উদ্যোগপতি কেৱল সিং ধিলোনক । বাৰ্নালাৰ পৰা দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ধিলোনক পঞ্জাবৰ ৰাইজে ‘বিকাশ পুৰুষ’ হিচাপে গণ্য কৰে । তেওঁৰ পৰিচ্ছন্ন ৰাজনৈতিক প্ৰতিচ্ছবিয়ে পঞ্জাবত দলক গতি প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে ।

ত্ৰিপুৰা : ত্ৰিপুৰা বিজেপিৰ নতুন প্ৰদেশ সভাপতি হিচাপে নিযুক্তি পাইছে অভিষেক দেৱৰয়ে । দীৰ্ঘদিন ধৰি সংগঠনত কাম কৰি অহা দেৱৰয়ক ৰাজ্যখনত দলৰ জনপ্ৰিয়তা বৃদ্ধি আৰু সাংগঠনিক ভেটি মজবুত কৰাৰ লক্ষ্যৰে এই দায়িত্ব দিয়া হৈছে ।

দলৰ এই নতুন নিযুক্তিৰ পাছতেই ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে যে আগন্তুক দিনবোৰত এই চাৰিওখন ৰাজ্যত বিজেপিৰ সাংগঠনিক গাঁথনি অধিক শক্তিশালী কৰিবলৈ দলটোৱে নতুন কৌশল গ্ৰহণ কৰিব ।

লগতে পঢ়ক : কৰ্ণাটকত ক্ষমতা সলনিৰ স্পষ্ট সংকেত! সিদ্ধাৰামাইয়াৰ ভৰি চুই আশীৰ্বাদ ল’লে ডি কে শিৱকুমাৰে