“কৰণ-অৰ্জুন আহি পালে”; যমজ সন্তানৰ মাতৃ হ’ল দিব্যাংকা ত্ৰিপাঠী

“কৰণ-অৰ্জুন আহি পালে”; যমজ সন্তানৰ মাতৃ হ’ল দিব্যাংকা ত্ৰিপাঠী

দিব্যাংকা ত্ৰিপাঠী আৰু বিবেক দহিয়াৰ ঘৰত দেৱশিশুৰ আগমন ঘটিছে। যমজ সন্তানৰ পিতৃ-মাতৃ হ’ল টেলিভিছনৰ জনপ্ৰিয় দম্পতী দিব্যাংকা আৰু বিবেক টেলিভিছনৰ জগতখনৰ জনপ্ৰিয় দম্পতী দিব্যাংকা ত্ৰিপাঠী আৰু বিবেক দহিয়াৰ জীৱনত এক নতুন অধ্যায়ৰ আৰম্ভণি হৈছে। যমজ সন্তানৰ পিতৃ-মাতৃ হ’ল তাৰকা দম্পতী। ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে

দিব্যাংকা ত্ৰিপাঠী আৰু বিবেক দহিয়াৰ ঘৰত দেৱশিশুৰ আগমন ঘটিছে। যমজ সন্তানৰ পিতৃ-মাতৃ হ’ল টেলিভিছনৰ জনপ্ৰিয় দম্পতী দিব্যাংকা আৰু বিবেক

টেলিভিছনৰ জগতখনৰ জনপ্ৰিয় দম্পতী দিব্যাংকা ত্ৰিপাঠী আৰু বিবেক দহিয়াৰ জীৱনত এক নতুন অধ্যায়ৰ আৰম্ভণি হৈছে। যমজ সন্তানৰ পিতৃ-মাতৃ হ’ল তাৰকা দম্পতী। ছ’চিয়েল মিডিয়াত এটা  পোষ্টৰ জৰিয়তে তেওঁলোকে অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰে।

এই ভাল খবৰটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে, “আমি ভগৱানক সুখ বিচাৰিছিলো। ভগৱানে কৈছিল, ‘দুগুণ লোৱা!’আমি যমজ পুত্ৰৰ আশীৰ্বাদ পাইছো।

মঙলবাৰে বিবেক দহিয়াই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত দুটি শিশু থকা এখন ছবি শ্বেয়াৰ কৰে। এই ছবিখনত দুটা নৱজাতকে নীলা কাপোৰ পিন্ধি একেলগে বহি থকা দেখা গৈছে। এই ছবিখন শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ বিবেকে এক গভীৰ আৱেগিক আৰু হৃদয়স্পৰ্শী বাৰ্তা লিখিছে।

বিবেকে লিখিছে, “অৱশেষত অপেক্ষা শেষ… ‘দ্য বয়ছ’ ইয়াত আছে, আৰু জীৱনটো ইতিমধ্যে আমি কল্পনা কৰাতকৈও অধিক সুন্দৰ অনুভৱ হৈছে।মোৰ কৰণ আৰু অৰ্জুন আহি পালেহি! দিব্য (দিব্যংকা) আৰু মই পিতৃ-মাতৃত্বৰ এই সুন্দৰ নতুন যাত্ৰাত নামি পৰাৰ লগে লগে আমাক আপোনালোকৰ সকলো মৰম আৰু আশীৰ্বাদৰ প্ৰয়োজন।”

বিবেক আৰু দিব্যাংকাই পিতৃ-মাতৃ হোৱাৰ কথা ঘোষণা কৰাৰ লগে লগে মনোৰঞ্জন উদ্যোগৰ সহকৰ্মী আৰু বন্ধু-বান্ধৱীয়ে তেওঁলোকক  অভিনন্দন জনাইছে।

লগতে পঢ়ক: প্ৰয়াত ‘হী-মেন’ ধৰ্মেন্দ্ৰলৈ পদ্ম বিভূষণ; বঁটা গ্ৰহণ কৰিলে হেমা মালিনীয়ে, আৱেগিক হৈ পৰিল জীয়ৰী আহানা

শেহতীয়া প্ৰৱন্ধসমূহ