“কৰণ-অৰ্জুন আহি পালে”; যমজ সন্তানৰ মাতৃ হ’ল দিব্যাংকা ত্ৰিপাঠী

দিব্যাংকা ত্ৰিপাঠী আৰু বিবেক দহিয়াৰ ঘৰত দেৱশিশুৰ আগমন ঘটিছে। যমজ সন্তানৰ পিতৃ-মাতৃ হ’ল টেলিভিছনৰ জনপ্ৰিয় দম্পতী দিব্যাংকা আৰু বিবেক

টেলিভিছনৰ জগতখনৰ জনপ্ৰিয় দম্পতী দিব্যাংকা ত্ৰিপাঠী আৰু বিবেক দহিয়াৰ জীৱনত এক নতুন অধ্যায়ৰ আৰম্ভণি হৈছে। যমজ সন্তানৰ পিতৃ-মাতৃ হ’ল তাৰকা দম্পতী। ছ’চিয়েল মিডিয়াত এটা  পোষ্টৰ জৰিয়তে তেওঁলোকে অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰে।

এই ভাল খবৰটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে, “আমি ভগৱানক সুখ বিচাৰিছিলো। ভগৱানে কৈছিল, ‘দুগুণ লোৱা!’আমি যমজ পুত্ৰৰ আশীৰ্বাদ পাইছো।

মঙলবাৰে বিবেক দহিয়াই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত দুটি শিশু থকা এখন ছবি শ্বেয়াৰ কৰে। এই ছবিখনত দুটা নৱজাতকে নীলা কাপোৰ পিন্ধি একেলগে বহি থকা দেখা গৈছে। এই ছবিখন শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ বিবেকে এক গভীৰ আৱেগিক আৰু হৃদয়স্পৰ্শী বাৰ্তা লিখিছে।

বিবেকে লিখিছে, “অৱশেষত অপেক্ষা শেষ… ‘দ্য বয়ছ’ ইয়াত আছে, আৰু জীৱনটো ইতিমধ্যে আমি কল্পনা কৰাতকৈও অধিক সুন্দৰ অনুভৱ হৈছে।মোৰ কৰণ আৰু অৰ্জুন আহি পালেহি! দিব্য (দিব্যংকা) আৰু মই পিতৃ-মাতৃত্বৰ এই সুন্দৰ নতুন যাত্ৰাত নামি পৰাৰ লগে লগে আমাক আপোনালোকৰ সকলো মৰম আৰু আশীৰ্বাদৰ প্ৰয়োজন।”

বিবেক আৰু দিব্যাংকাই পিতৃ-মাতৃ হোৱাৰ কথা ঘোষণা কৰাৰ লগে লগে মনোৰঞ্জন উদ্যোগৰ সহকৰ্মী আৰু বন্ধু-বান্ধৱীয়ে তেওঁলোকক  অভিনন্দন জনাইছে।

লগতে পঢ়ক: প্ৰয়াত ‘হী-মেন’ ধৰ্মেন্দ্ৰলৈ পদ্ম বিভূষণ; বঁটা গ্ৰহণ কৰিলে হেমা মালিনীয়ে, আৱেগিক হৈ পৰিল জীয়ৰী আহানা

বিবাহৰ ১০ বছৰৰ পিছত মাতৃ হ’ব দিব্যাংকা ত্ৰিপাঠী; শ্বেয়াৰ কৰিলে বেবী বাম্পৰ ফটো

দিব্যাংকা ত্ৰিপাঠী আৰু বিবেক দহিয়া টেলিভিছনৰ আটাইতকৈ জনপ্ৰিয় দম্পতী। দম্পতীহালক অনুৰাগী সকলে যথেষ্ট মৰম কৰে। বিবাহৰ ১০ বছৰৰ পিছত মাতৃ হ’বলৈ ওলাইছে দিব্যাংকা ত্ৰিপাঠী।

নৱৰাত্ৰিৰ শুভ উপলক্ষে টেলিভিছন অভিনেত্ৰী দিব্যাংকা ত্ৰিপাঠীয়ে অনুৰাগীৰ সৈতে এটা ভাল খবৰ শ্বেয়াৰ কৰিছে।বিবাহৰ ১০ বছৰৰ পাছত মাতৃ হ’বলৈ সাজু হৈছে দিব্যাংকা।অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰামত কেইখনমান ফটো শ্বেয়াৰ কৰি বেবী বাম্প প্ৰদৰ্শন কৰিছে।

ফটোকেইখনত অভিনেত্ৰীগৰাকী আৰু তেওঁৰ স্বামী বিবেক দহিয়া দুয়োৱে বগা সাজ-পোছাক পৰিধান কৰা দেখিবলৈ পোৱা গৈছে।দিব্যাংকাৰ বেবী বাম্পত ধৰি পোজ দিছে বিবেক দহিয়াই। পিতৃ-মাতৃ হোৱাৰ আনন্দ দম্পতীহালৰ মুখৰ হাঁহিৰ পৰা বুজিব পৰা গৈছে।

ভাল খবৰটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে যে ১০ বছৰৰ পাছত কাহিনীভাগত এটা টুইষ্ট আহিছে।কিছুমান যাত্ৰা পলায়নৰ বাবে নহয়; একেলগে প্ৰস্তুতি চলোৱাৰ বাবেহে। আৰু যেতিয়াই আপুনি অনুভৱ কৰে যে কাহিনী সম্পূৰ্ণ হৈছে, তেতিয়াই জীৱনে নিজৰ আটাইতকৈ সুন্দৰ অধ্যায়টো যোগ কৰে।এতিয়াও চিন্তা কৰি আছো, অকাৰণতে হাঁহি আছো। সকলোলৈকে আন্তৰিক কৃতজ্ঞতা।আমি শিশুটিৰ বাবে আশাৰে বাট চাই আছো।

২০১৬ চনত দিব্যাংকা আৰু বিবেকে বিবাহপাশত আবদ্ধ হৈছিল। যোৱা কেইবাবছৰ ধৰি অভিনেত্ৰী গৰাকীক বেবী প্লেনিঙৰ বিষয়ে প্ৰশ্ন কৰিলে তেওঁ সদায় কৈছিল যে, ” যেতিয়া ঈশ্বৰৰ ইচ্ছা হ’ব তেতিয়া হে মই মাতৃ হ’ম।”

লগতে পঢ়ক: ৩৯ বছৰ বয়সত কইনা হ’ব শ্ৰদ্ধা কাপুৰ; দীৰ্ঘদিনীয়া প্ৰেমিকৰ সৈতে আৱদ্ধ হ’ব বিবাহপাশত!