দিল্লীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

দিল্লীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শনিবাৰে নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে অসমৰ সৰ্বাংগীণ বিকাশ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ লক্ষ্যৰে বৰ্তমান চৰকাৰে তীব্ৰগতিত কাম চলাই নিছে । এই যাত্ৰাত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে শনিবাৰে নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয়

শনিবাৰে নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে

অসমৰ সৰ্বাংগীণ বিকাশ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ লক্ষ্যৰে বৰ্তমান চৰকাৰে তীব্ৰগতিত কাম চলাই নিছে । এই যাত্ৰাত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে শনিবাৰে নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে । বিগত পাঁচটা বছৰত কেন্দ্ৰীয় চৰকাৰে অসমৰ উন্নয়নৰ বাবে আগবঢ়োৱা ধাৰাবাহিক সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে ।

সামাজিক মাধ্যম ‘এক্স’ (X)-ত এক পোষ্ট যোগে মুখ্যমন্ত্ৰী শৰ্মাই কয়:

“আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক সাক্ষাৎ কৰোঁ । বিগত পাঁচ বছৰত অসমলৈ আগবঢ়োৱা নিৰন্তৰ সহযোগিতাৰ বাবে মই তেওঁক ধন্যবাদ জনাওঁ আৰু অনাগত বছৰবোৰত অসমৰ বিকাশ তথা উন্নয়নৰ যাত্ৰাৰ ৰোডমেপ সম্পৰ্কে আলোচনা কৰোঁ ।”

গুৱাহাটীত ড° শ্যামা প্ৰসাদ মুখাৰ্জী উৰণ সেতু উদ্বোধন-

ৰাজ্যৰ যোগাযোগ ব্যৱস্থাৰ উন্নতিকৰণৰ ধাৰা অব্যাহত ৰাখি যোৱা শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত এক নতুন উৰণ সেতু উদ্বোধন কৰে । ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামত উৎসৰ্গা কৰা এই উৰণীয়া সেতুখনে মহানগৰীৰ যান-জঁট সমস্যা বহু পৰিমাণে হ্ৰাস কৰিব বুলি আশা কৰা হৈছে ।

উদ্বোধনৰ পিছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে এই উৰণ সেতুখনে গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যৰ নাগৰিকসকলক যথেষ্ট উপকৃত কৰিব ।

ষষ্ঠবাৰৰ বাবে বিধায়ক হিচাপে শপত গ্ৰহণ-

ইফালে, ৰাজনৈতিক ক্ষেত্ৰতো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আন এক অভিলেখ সৃষ্টি কৰিছে । তেওঁ আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰিছে । জালুকবাৰী সমষ্টিৰ পৰা ধাৰাবাহিকভাৱে ষষ্ঠটো কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈ তেওঁ ৰাজ্যৰ শাসন ব্যৱস্থাত নিজৰ সুদৃঢ় স্থিতি প্ৰমাণ কৰিছে ।

সমষ্টিবাসী ৰাইজৰ এই অপৰিসীম মৰম আৰু বিশ্বাসৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয় যে তেওঁ সঁচাকৈয়ে ধন্য হৈছে । সদনত সকলো সতীৰ্থ বিধায়কৰ সৈতে ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত এক সুস্থ আৰু ফলপ্ৰসূ আলোচনাত মিলিত হ’বলৈ তেওঁ আশাৰে বাট চাই আছে বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক : নলবাৰীত নিৰ্মাণ হ’ব অসমৰ দ্বিতীয়টো জৰুৰীকালীন অৱতৰণ সুবিধা