ভাৰতত ভাইৰেল হোৱা “ককৰোচ জনতা পাৰ্টি” ৰ উন্মাদনা এতিয়া পাকিস্তানটো দেখিবলৈ পোৱা গৈছে। ভাৰতীয় ছ’চিয়েল মিডিয়া আন্দোলনৰ পৰা অনুপ্ৰাণিত হৈ “ককৰোচ আৱামি পাৰ্টি” আৰু “ককৰোচ আৱামি লীগ”ৰ দৰে পেজৰ উন্মেষ ঘটিছে।
ভাৰতৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা “ককৰোচ জনতা পাৰ্টি” এতিয়া পাকিস্তান পাইছে গৈ।ভাৰতত উদ্ভৱ হোৱা এই ব্যংগমূলক অনলাইন ৰাজনৈতিক আন্দোলন এতিয়া চুবুৰীয়া দেশৰ যুৱক-যুৱতীসকলৰ মাজতো চৰ্চাৰ বিষয় হৈ পৰিছে। ইয়াৰ আৰ্হিত পাকিস্তানত “ককৰোচ আৱামি পাৰ্টি (CAP)” আৰু “ককৰোচ আৱামি লীগ (CAL)”ৰ দৰে কেইবাটাও ছ’চিয়েল মিডিয়া পেজৰ উন্মেষ ঘটিছে।”ককৰোচ আৱামি পাৰ্টি” নামৰ এটা ইনষ্টাগ্ৰাম পেজে মুকলিকৈ স্বীকাৰ কৰিছিল যে এয়া ভাৰতীয় আন্দোলনৰ পৰা অনুপ্ৰাণিত।ইয়াৰ বায়’ত লিখা আছিল, “হয়, কপি কৰিলোঁ কিন্তু কোনে চিন্তা কৰে? কথা সেইটোৱেই”
দৰাচলতে যোৱা সপ্তাহত ভাৰতত আৰম্ভ হৈছিল “ককৰোচ জনতা পাৰ্টি”বা চিজেপি। ইয়াৰ ভিত্তি সেই বিতৰ্কিত মন্তব্যটোৰ সৈতে জড়িত,য’ত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে নিবনুৱা কৰ্মী যুৱকক “ককৰোচ” আৰু “পৰজীৱী”ৰ সৈতে তুলনা কৰা বুলি অভিযোগ উঠিছে।যদিও পিছত স্পষ্টীকৰণ জাৰি কৰা হৈছিল, তথাপিও এই বক্তব্যক লৈ ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি হৈছিল।
এই বিতৰ্কৰ পিছতেই আমেৰিকাত বাস কৰা এজন ভাৰতীয় মূলৰ জনসংযোগ স্নাতক আৰু আম আদমি পাৰ্টিৰ প্ৰাক্তন সহযোগী অভিজীত দীপকে যোৱা ১৬ মে’ত ছ’চিয়েল মিডিয়াত “ককৰোচ জনতা পাৰ্টি” অভিযান আৰম্ভ কৰে।তেওঁ নিজকে ধেমেলীকৈ “কোকৰাচ” বুলি উল্লেখ কৰি তেওঁ এই আন্দোলনক নিবনুৱা আৰু ব্যৱস্থাটোৰ প্ৰতি অসন্তুষ্ট যুৱক-যুৱতীসকলৰ কণ্ঠ বুলি অভিহিত কৰে।
ভাৰতত ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ পিছত পাকিস্তানতো একেধৰণৰ একাউণ্টৰ উন্মেষ হ’বলৈ ধৰিলে।পাকিস্তানী “ককৰোচ”পেজবোৰে নিজকে দেশৰ Gen-Z প্ৰজন্মৰ কণ্ঠ হিচাপে স্থান দিছে।তেওঁলোকে দাবী কৰে যে তেওঁলোকৰ লক্ষ্য হৈছে পাকিস্তানৰ পৰম্পৰাগত ৰাজনীতিৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰা।কেইবাটাও পোষ্টত পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই), পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন), আৰু পাকিস্তান পিপলছ পাৰ্টি (পিপিপি)ৰ দৰে মূলসুঁতিৰ দলসমূহত ব্যংগমূলক সমালোচনা কৰিছে।
লগতে পঢ়ক: ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰেমত বলীউড, পেজ ফল’ কৰিলে কেইবাগৰাকীও তাৰকাই









