"৬০ বছৰীয়া, কিন্তু যুঁজিব পাহৰা নাই,জ্বলাই ছাই কৰি দিম”; কিয় খঙত অগ্নিশৰ্মা হ’ল ছলমান খান

“৬০ বছৰীয়া, কিন্তু যুঁজিব পাহৰা নাই,জ্বলাই ছাই কৰি দিম”; কিয় খঙত অগ্নিশৰ্মা হ’ল ছলমান খান

মঙলবাৰে নিশা বলীউডৰ অভিনেতা ছলমান খানে সামাজিক মাধ্যমত কেইবাটাও পোষ্ট শ্বেয়াৰ কৰিছে। হঠাৎ খঙত অগ্নিশৰ্মা হৈ কাক লৈ এই পোষ্ট দিলে ছলমান খানে। বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান আজিকালি ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ পৰিছে।তেওঁ নিসংগতাৰ পৰা আৰম্ভ কৰি জীৱনলৈকে সকলো কথাই শ্বেয়াৰ কৰে। কিন্তু মঙলবাৰৰ

মঙলবাৰে নিশা বলীউডৰ অভিনেতা ছলমান খানে সামাজিক মাধ্যমত কেইবাটাও পোষ্ট শ্বেয়াৰ কৰিছে। হঠাৎ খঙত অগ্নিশৰ্মা হৈ কাক লৈ এই পোষ্ট দিলে ছলমান খানে।

বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান আজিকালি ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ পৰিছে।তেওঁ নিসংগতাৰ পৰা আৰম্ভ কৰি জীৱনলৈকে সকলো কথাই শ্বেয়াৰ কৰে।

কিন্তু মঙলবাৰৰ নিশাৰ পৰা সামাজিক মাধ্যমত খঙত অগ্নিশৰ্মা হৈ ছলমান খানে কেইবাটাও পোষ্ট শ্বেয়াৰ কৰিছে। দৰাচলতে ১৯ তাৰিখে সন্ধিয়া ট্ৰেফিক চিগনেলত ছলমান খানক দেখা পোৱাৰ পিছত একাংশ পাপাৰাজী ফটোগ্ৰাফাৰে তেওঁৰ পিছে পিছে যায়।অভিনেতাগৰাকী মুম্বাইৰ হিন্দুজা হাস্পতাললৈ গৈ আছিল।চিকিৎসালয়ৰ পৰা ওলাই অহাৰ পিছত পাপাৰাজীয়ে তেওঁক ‘ভাই-ভাই’ বুলি চিঞৰি থকাত ছলমান খানৰ খং উঠে আৰু তেওঁলোকক ধমক দিয়ে।চিকিৎসালয়ৰ বাহিৰত এনে হুলস্থুলৰ সৃষ্টি কৰাটো ভুল বুলিও অভিনেতা গৰাকীয়ে উল্লেখ কৰে।

এই ঘটনা সন্দৰ্ভত অভিনেতা গৰাকীয়ে ছ’চিয়েল মিডিয়াত অসংখ্য পোষ্ট শ্বেয়াৰ কৰিছে। এই সকলোবোৰ দৃষ্টান্ততে ছলমানে পাপাৰাজীক সতৰ্কবাণী জাৰি কৰি ধমক দি অসন্তুষ্টি প্ৰকাশ কৰিছে।অভিনেতা গৰাকীয়ে ইনষ্টাগ্ৰামত চাৰিখন ভিন্ন ফটোৰ সৈতে  পোষ্ট কৰিছে। তেওঁ লিখিছে-“যদি মই চিকিৎসালয়ত কোনো প্ৰেছ কৰ্মীয়ে মোৰ দুখত ধেমালী কৰা দেখো, তেন্তে এইটো মনত ৰাখিব…যিসকল প্ৰেছ সদস্যৰ হৈ মই থিয় দিছিলো,যিসকলৰ লগত মই যোগাযোগ কৰিছিলো, যাৰ যত্ন লৈছিলো, আৰু যাক মই জীৱিকা উপাৰ্জনৰ সুযোগ দিছিলো।”

দ্বিতীয়টো পোষ্টত তেওঁ লিখিছে, “মই ষাঠি বছৰ সম্পূৰ্ণ কৰিলোঁ, কিন্তু যুঁজিব পাহৰা নাই।এইটো মনত ৰাখিবা।জেলত ভৰাই দিব? হা হা হা…”। ইয়াৰ উপৰিও আন এটা পোষ্টৰ লগতে তেওঁ লিখিছে:”মই এইবোৰৰ এশটাক জ্বলাই দিম। যেতিয়াই আপোনাৰ কোনোবা হস্পিতালত থাকিব, মইও ঠিক একেদৰেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিমনে? এইটো ঠাট্টা নকৰিবা। ইয়াক মনোৰঞ্জন বুলি নাভাবিব। শেষত আন এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ লিখিছে:”কিন্তু যদি আপোনালোকে মোৰ লোকচানৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰে, তেন্তে মনে মনে কৰক।ঠাট্টা নকৰিব। ইয়াক মনোৰঞ্জন বুলি নাভাবিব। ভাই, ভাই, ভাই… এইখন চিনেমা নহয়… ছবিখন বেছি গুৰুত্বপূৰ্ণ নেকি, নে জীৱনটো?”

লগতে পঢ়ক: ‘যেতিয়া কোনোবা আপোনাৰ লগত থাকিব নিবিচাৰে’;  নিসংগ হৈ পৰিছে নেকি ছলমান খান?