চলিত বৰ্ষৰ ভিতৰতেই গুজৰাটৰ চুৰাট আৰু বিলিমোৰাৰ মাজত দেশৰ প্ৰথমখন বুলেট ট্ৰেন পৰীক্ষামূলকভাৱে চলোৱাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে
দেশৰ সপোনৰ বুলেট ট্ৰেন প্ৰকল্পই এতিয়া তীব্ৰ গতি লাভ কৰিছে । মুম্বাই-আহমেদাবাদ হাই স্পীড ৰেল (MAHSR) প্ৰকল্পৰ এই ক্ষিপ্ৰ অগ্ৰগতিক প্ৰতিফলিত কৰি শেহতীয়াকৈ ৰেল মন্ত্ৰালয়ৰ ৪ নম্বৰ গেটৰ ওচৰত প্ৰস্তাৱিত বুলেট ট্ৰেনখনৰ এখন বিশেষ ছবি প্ৰদৰ্শন কৰা হৈছে । জাপান চৰকাৰৰ কাৰিকৰী আৰু আৰ্থিক সাহায্যত নিৰ্মাণ হৈ থকা এই ৫০৮ কিলোমিটাৰ দীঘল প্ৰকল্পটোৱে ভাৰতীয় যাতায়াত খণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে ।
জানিব পৰা মতে চলিত বৰ্ষৰ ভিতৰতেই গুজৰাটৰ চুৰাট আৰু বিলিমোৰাৰ মাজত দেশৰ প্ৰথমখন বুলেট ট্ৰেন পৰীক্ষামূলকভাৱে চলোৱাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে ।
আন্তঃগাঁথনি নিৰ্মাণৰ খতিয়ান-
ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংসদত জনোৱা তথ্য অনুসৰি, প্ৰকল্পৰ কাম অভূতপূৰ্ব গতিৰে আগবাঢ়িছে :
ষ্টেচনৰ কাম : প্ৰকল্পটোৰ অধীনত থকা মুঠ ১২টা ষ্টেচনৰ (মুম্বাই, থানে, বিৰাৰ, বৈছাৰ, ভাপী, বিলিমোৰা, চুৰাট, ভাৰুচ, ভদোদৰা, আনন্দ, আহমেদাবাদ আৰু সবৰমতী) ভিতৰত ইতিমধ্যে ৮টা ষ্টেচনৰ ভেটি নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে ।
নদীৰ ওপৰত দলং : সমগ্ৰ কৰিডৰটোৰ ১৭খন নদীৰ ওপৰত দলং নিৰ্মাণৰ কাম ইতিমধ্যে সমাপ্ত হৈছে । গুজৰাটৰ ৪খন মুখ্য নদী— নৰ্মদা, মহী, তাপী আৰু সবৰমতীৰ দলঙৰ কাম শেষ পৰ্যায়ত থকাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ ৪খন নদীৰ দলঙৰ কামো ক্ষিপ্ৰতাৰে চলি আছে ।
সাগৰৰ তলৰ সুৰংগ : মহাৰাষ্ট্ৰৰ ঘানছোলী আৰু শিল্পাটাৰ মাজত প্ৰায় ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ সাগৰৰ তলৰ সুৰংগৰ কাম আৰম্ভ হৈছে, যাৰ ভিতৰত ৪.৮ কিলোমিটাৰ অংশৰ খান্দন কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে । বান্দ্ৰা-কুৰ্লা কমপ্লেক্স (BKC) ষ্টেচনৰ মাটি খন্দাৰ কাম ৯১% শেষ হৈছে ।
‘মেক ইন ইণ্ডিয়া’ আৰু থলুৱা প্ৰযুক্তি-
কেৱল যাতায়াতৰ মাধ্যমেই নহয়, এই প্ৰকল্পই ভাৰতৰ কাৰিকৰী ক্ষমতাকো এক নতুন মাত্ৰা প্ৰদান কৰিব । ‘মেক ইন ইণ্ডিয়া’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ আঁচনিৰ অধীনত এতিয়া থলুৱাভাৱে হাই-স্পীড ৰেল উৎপাদনৰ ওপৰত গুৰুত্ব দিয়া হৈছে । বন্দে ভাৰত ৰেলৰ অভূতপূৰ্ব সফলতাৰ পিছত, ইনটিগ্ৰেল কোচ ফেক্টৰী (ICF) আৰু মেচাৰ্ছ ভাৰত আৰ্থ মুভাৰ্ছ লিমিটেড (BEML)-এ যুটীয়াভাৱে ২৮০ কিমি প্ৰতি ঘণ্টা গতিৰ হাই-স্পীড ট্ৰেন ছেটৰ আৰ্হি প্ৰস্তুত কৰি থলুৱা উৎপাদন আৰম্ভ কৰিছে ।
ক্ষতিপূৰণ আৰু সংস্থাপন-
প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় ভূমি অধিগ্ৰহণৰ কাম সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে আৰু স্বচ্ছতাৰে কৰা হৈছে । ‘উচিত ক্ষতিপূৰণ আৰু স্বচ্ছতাৰ অধিকাৰ আইন’ (RFCTLARR Act) অনুসৰি ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ, অতিৰিক্ত সুবিধা আৰু অনুদান প্ৰদান কৰি সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ সহযোগত সঠিক পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে ।
লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি; বিলাসী বাহন এৰি মেট্ৰ’ৰে যাত্ৰা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ









