NEET পৰীক্ষাৰ সন্দৰ্ভত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এতিয়াৰে পৰা অনলাইন মোডত অনুষ্ঠিত হ’ব NEET পৰীক্ষা।
মেডিকেলত ভৰ্তিৰ বাবে দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা NEET 2026ৰ প্ৰশ্নকাকত ফাদিল হৈছিল।ইয়াৰ পাছতে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই NEET পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত সমগ্ৰ দেশতে ব্যাপক হুলস্থুলৰ সৃষ্টি হয়। এতিয়া শুকুৰবাৰে এন টি এয়ে ঘোষণা কৰে যে ২১ জুনত NEET 2026 ৰ পৰীক্ষা পুনৰ অনুষ্ঠিত হ’ব।এন টি এৰ এই ঘোষণাৰ পিছতে শুকুৰবাৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও এক সংবাদমেল অনুষ্ঠিত কৰে।এই সময়ছোৱাত তেওঁ NEET পৰীক্ষা সন্দৰ্ভত কেইবাটাও ডাঙৰ ডাঙৰ ঘোষণা কৰে।তেওঁ এই উল্লেখযোগ্য তথ্যও শ্বেয়াৰ কৰে যে, অহা বছৰৰ পৰা NEET পৰীক্ষা কম্পিউটাৰত—অৰ্থাৎ অনলাইন মোডত অনুষ্ঠিত হ’ব।
সংবাদমেলৰ সময়ত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এটা ডাঙৰ ঘোষণা কৰি কয়- এতিয়াৰে পৰা NEET পৰীক্ষাৰ ফৰ্মেট সলনি হ’ব, আৰু এতিয়া পৰীক্ষা OMR শ্বীটত অনুষ্ঠিত নহ’ব। এই বছৰত দ্বিতীয়বাৰৰ বাবে হ’বলগীয়া NEET 2026 ৰ পৰীক্ষা সন্দৰ্ভত ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে,আমি পৰীক্ষাৰ মাচুল ছাত্ৰ-ছাত্ৰীক ঘূৰাই দিম যাতে তেওঁলোকে কোনো ধৰণৰ আৰ্থিক বোজাৰ সন্মুখীন নহয়। ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ পছন্দৰ এখন চহৰ বাছি লোৱাৰ বাবে এসপ্তাহৰ সুযোগ দিয়া হ’ব।ইয়াৰ উপৰিও পৰীক্ষাৰ সময়সীমা বৃদ্ধি কৰা হ’ব যাতে অ’এমআৰ শ্বীট পূৰণৰ বাবে সময় পোৱা যায়।
সংবাদমেল সম্বোধন কৰি NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে-“আমি স্বীকাৰ কৰোঁ যে আমি ভুল কৰিলোঁ, আৰু চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ সৈতে আছে।প্ৰশ্নকাকত ফাদিল কৰা সকলক আমি ৰেহাই নিদিওঁ।পৰৱৰ্তী পৰীক্ষাৰ প্ৰশ্নকাকত যে ফাদিল নহ’ব তাৰ নিশ্চয়তা দিছো; সকলোৰে সহযোগিতা বিচাৰিছো। সংসদতো এই বিষয়টো সম্বোধন কৰিম।”









