ৰাজ্যখনৰ তিনিখন গাঁও পঞ্চায়তলৈ তৃণমূল পৰ্যায়ৰ উন্নয়ন, বহনক্ষমতা আৰু গ্ৰাম্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত দেখুওৱা উৎকৃষ্টতাৰ বাবে লাভ কৰা ৰাষ্ট্ৰীয় স্বীকৃতি
ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ৰাজ্যখনৰ তিনিখন গাঁও পঞ্চায়তক তৃণমূল পৰ্যায়ৰ উন্নয়ন, বহনক্ষমতা আৰু গ্ৰাম্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত দেখুওৱা উৎকৃষ্টতাৰ বাবে লাভ কৰা ৰাষ্ট্ৰীয় স্বীকৃতিৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।
এক্সৰ এটা পোষ্টত ড০ শৰ্মাই কয় যে অসমৰ গাঁওসমূহে “প্ৰগতি আৰু গৌৰৱৰ এক নতুন কাহিনী” ৰচনা কৰিছে । তেওঁ লগতে উল্লেখ কৰে যে কেনেকৈ স্থানীয় স্বায়ত্ত্বশাসিত প্ৰতিষ্ঠানসমূহে তৃণমূল পৰ্যায়ত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছে ।
বিজয়ী পঞ্চায়তসমূহক অভিনন্দন জনাই ড০ শৰ্মাই কয়, “বহনক্ষমতাৰ পৰা স্বাৱলম্বী আন্তঃগাঁথনিলৈকে, আমাৰ গাঁও পঞ্চায়তসমূহে তৃণমূল পৰ্যায়ৰ পৰিৱৰ্তনৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি অৰ্জন কৰিছে ।”
মুখ্যমন্ত্ৰীগৰাকীৰ মতে, শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়ত শিতানত ‘নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ ২০২৫’ লাভ কৰিছে ।
নগাঁও জিলাৰ জুমুৰমুৰ গাঁও পঞ্চায়তক ‘নিৰ্মল আৰু সেউজ পঞ্চায়ত’ শিতানত ‘দীন দয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ ২০২৫’ প্ৰদান কৰা হৈছে ।
আনহাতে, ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁও পঞ্চায়তে ‘স্বাৱলম্বী আন্তঃগাঁথনি’ শিতানত স্বীকৃতি লাভ কৰিছে । ড০ শৰ্মাই কয় যে এই সাফল্যই অসমৰ বহনক্ষম গ্ৰাম্য উন্নয়ন আৰু শক্তিশালী তৃণমূল শাসনৰ ওপৰত বৃদ্ধি পোৱা গুৰুত্বক প্ৰতিফলিত কৰিছে । তেওঁ লগতে কয় যে এই স্বীকৃতিয়ে ৰাষ্ট্ৰীয় মঞ্চত ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
লগতে পঢ়ক : বিশ্ববৰেণ্য কবিগুৰুৰ জন্মজয়ন্তীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি









