মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ, হিমন্ত বিশ্ব শৰ্মাৰ অভিনন্দন

মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ, হিমন্ত বিশ্ব শৰ্মাৰ অভিনন্দন

এক নতুন অধ্যায়ৰ সূচনা কৰি শনিবাৰে ৰাজ্যখনৰ নৱমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে পশ্চিমবংগৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি শনিবাৰে ৰাজ্যখনৰ নৱমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে । ভাৰতীয় জনতা পাৰ্টিৰ পৰা পশ্চিমবংগৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেওঁ কাৰ্যভাৰ গ্ৰহণ

এক নতুন অধ্যায়ৰ সূচনা কৰি শনিবাৰে ৰাজ্যখনৰ নৱমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে

পশ্চিমবংগৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি শনিবাৰে ৰাজ্যখনৰ নৱমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে । ভাৰতীয় জনতা পাৰ্টিৰ পৰা পশ্চিমবংগৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰা এই ঐতিহাসিক ক্ষণত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ।

৯ মে’ত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণৰ হৈ নৱনিযুক্ত মুখ্যমন্ত্ৰীগৰাকী তথা তেওঁৰ মন্ত্ৰীসভাক শুভেচ্ছা জনায় । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ৰ এক পোষ্টৰ জৰিয়তে ড০ শৰ্মাই এই দিনটোক পশ্চিমবংগৰ ৰাজনৈতিক যাত্ৰাৰ এক ‘ঐতিহাসিক ক্ষণ’ বুলি অভিহিত কৰে ।

আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰতীকবাদৰ অৱতাৰণা কৰি ড০ শৰ্মাই কয় যে ভাৰতৰ সভ্যতাৰ মূল্যবোধ আৰু চহকী সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰাৰ সংকল্পৰে এই নতুন চৰকাৰ গঠন কৰা হৈছে । শুভেন্দু অধিকাৰীৰ বলিষ্ঠ নেতৃত্বত পশ্চিমবংগত উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ এক নতুন যুগৰ সূচনা হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

অসম আৰু পশ্চিমবংগৰ মাজত থকা গভীৰ ঐতিহাসিক আৰু আধ্যাত্মিক সম্পৰ্কৰ কথা সোঁৱৰাই দি বিদায়ী মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক দিনবোৰত দুই ৰাজ্যৰ মাজৰ এই ভাতৃত্ববোধ আৰু সহযোগিতা অধিক সুদৃঢ় হ’ব ।

ইফালে, পশ্চিমবংগৰ পাছত এতিয়া সকলোৰে চকু অসমৰ শপত গ্ৰহণ অনুষ্ঠানলৈ । অহা ১২ মে’ৰ পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অসমত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : বিশ্ববৰেণ্য কবিগুৰুৰ জন্মজয়ন্তীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

শেহতীয়া প্ৰৱন্ধসমূহ