বিশ্ববৰেণ্য কবিগুৰুৰ জন্মজয়ন্তীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

বিশ্ববৰেণ্য কবিগুৰুৰ জন্মজয়ন্তীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিনটো বাঙালী ব’হাগ মাহৰ ২৫ তাৰিখ হোৱাৰ বাবে ইয়াক পঁচিশে বৈশাখ বা ৰবীন্দ্ৰ জয়ন্তী হিচাপে পালন কৰা হয় আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি উদযাপন কৰা হৈছে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ সংখ্যক জন্মজয়ন্তী । এই পবিত্ৰ ক্ষণত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিনটো বাঙালী ব’হাগ মাহৰ ২৫ তাৰিখ হোৱাৰ বাবে ইয়াক পঁচিশে বৈশাখ বা ৰবীন্দ্ৰ জয়ন্তী হিচাপে পালন কৰা হয়

আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি উদযাপন কৰা হৈছে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ সংখ্যক জন্মজয়ন্তী । এই পবিত্ৰ ক্ষণত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নোবেল বঁটা বিজয়ী কবিগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ।

সামাজিক মাধ্যম ‘X’-ৰ জৰিয়তে এক বাৰ্তা প্ৰেৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰবীন্দ্ৰনাথ ঠাকুৰ কেৱল এজন কবি বা সাহিত্যিকেই নাছিল, বৰঞ্চ তেওঁ আছিল এগৰাকী মহান দাৰ্শনিক যিয়ে ভাৰতীয় সাহিত্য আৰু সংস্কৃতিক বিশ্বদৰবাৰত এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে ।

ড০ শৰ্মাই উল্লেখ কৰে যে ঠাকুৰে ভাৰতৰ সাহিত্যিক ঐতিহ্য চহকী কৰাৰ উপৰিও ‘ভাৰতীয় আত্মা’ বা চেতনাক শক্তিশালী কৰি তুলিছিল । তেওঁৰ এই দৰ্শন আজিও বিশ্বৰ চুকে-কোণে অনুৰণিত হৈ আছে । তেওঁ লগতে গুৰুদেৱ এগৰাকী কালজয়ী মহৎ লোক, যাৰ চিন্তা আৰু সৃষ্টিৰাজীয়ে প্ৰজন্মৰ পিছত প্ৰজন্মক জ্ঞান আৰু প্ৰগতিৰ পথেৰে অগ্ৰসৰ হ’বলৈ অনুপ্ৰাণিত কৰি আহিছে বুলিও উল্লেখ কৰে ।

পঁচিশে বৈশাখ আৰু ৰবীন্দ্ৰ স্মৃতি-

উল্লেখ্য যে ১৮৬১ চনৰ ৭ মে’ত জন্মগ্ৰহণ কৰা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিনটো বাঙালী ব’হাগ মাহৰ ২৫ তাৰিখ হোৱাৰ বাবে ইয়াক ‘পঁচিশে বৈশাখ’ বা ‘ৰবীন্দ্ৰ জয়ন্তী’ হিচাপে পালন কৰা হয় । ১৯১৩ চনত নিজৰ অনন্য সৃষ্টি ‘গীতাঞ্জলি’ৰ বাবে সাহিত্যত নোবেল বঁটা লাভ কৰি তেওঁ প্ৰথমগৰাকী এছীয় হিচাপে ইতিহাস ৰচনা কৰিছিল ।

মুখ্যমন্ত্ৰীয়ে তেওঁৰ বাৰ্তাত পুনৰ দোহাৰে যে ঠাকুৰৰ সাহিত্য, সংগীত আৰু শিল্পৰ যি বিশাল উত্তৰাধিকাৰ, সেয়া সমাজৰ বাবে সদায় এক পথপ্ৰদৰ্শক হৈ ৰব ।

লগতে পঢ়ক : ৯৮ বছৰীয়া মাখনলাল সৰকাৰৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ল’লে প্ৰধানমন্ত্ৰীয়ে

শেহতীয়া প্ৰৱন্ধসমূহ