হিমন্ত বিশ্ব শৰ্মাৰ মতে ৯ মে’ৰ পৰা ঝাৰখণ্ডক বাদ দি সমগ্ৰ পূৰ্বাঞ্চল বিজেপি তথা এন ডি এ চৰকাৰৰ দখললৈ আহিব
দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ ইংগিত দি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ৯ মে’ৰ পৰা ঝাৰখণ্ডক বাদ দি সমগ্ৰ পূৰ্ব আৰু উত্তৰ-পূব ভাৰত বিজেপি তথা এন ডি এ চৰকাৰৰ দখললৈ আহিব । শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগ আৰু অসমত চৰকাৰ গঠনৰ বিস্তৃত পৰিকল্পনাৰ কথা সদৰী কৰে ।
পশ্চিমবংগত ঐতিহাসিক মুহূৰ্ত-
মুখ্যমন্ত্ৰী ড০ শৰ্মাই জনোৱা অনুসৰি, শনিবাৰে পশ্চিমবংগত এক ঐতিহাসিক মুহূৰ্তৰ সূচনা হ’ব । বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱা শুভেন্দু অধিকাৰীয়ে শনিবাৰে ৰাজ্যখনৰ প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । উল্লেখ্য যে, এই শপত গ্ৰহণ অনুষ্ঠান বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তীৰ দিনাই অনুষ্ঠিত হ’ব । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দেশৰ ২১খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব । ড০ শৰ্মাই আশা প্ৰকাশ কৰে যে নতুন চৰকাৰ গঠনৰ লগে লগে পশ্চিমবংগৰ আইন-শৃংখলা পৰিস্থিতি পুনৰ স্বাভাৱিক হৈ পৰিব ।
অসমত ১২ মে’ত শপত গ্ৰহণ-
পশ্চিমবংগৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লৈ গুৱাহাটীলৈ উভতি অহাৰ পিছতেই মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজ ৰাজ্যৰ চৰকাৰ গঠনৰ প্ৰক্ৰিয়াত ব্যস্ত হ’ব । তেওঁ ঘোষণা কৰা মতে, ১০ মে’ত বিজেপি বিধায়িনী দলৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব য’ত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং ছৈইনী উপস্থিত থাকিব ।
বিধায়িনী দলে নেতা নিৰ্বাচন কৰাৰ পিছত এন ডি এ-ৰ সমৰ্থনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী উত্থাপন কৰা হ’ব । অহা ১২ মে’ৰ পুৱা ১১ বজাত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত অসমৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব । ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লৈছে ।
পূৰ্বাঞ্চল হ’ব ‘বিজেপিময়’-
মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি, কাইলৈৰ পৰা সমগ্ৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলত বিজেপি আৰু সহযোগী দলৰ আধিপত্য স্থাপন হ’ব । কেৱল ঝাৰখণ্ডক বাদ দি এই অঞ্চলৰ প্ৰতিখন ৰাজ্যই এতিয়াৰে পৰা এন ডি এ-ৰ শাসনৰ অধীনলৈ আহিব, যাক তেওঁ এক বিশেষ ‘বিজয়ৰ দিন’ হিচাপে অভিহিত কৰিছে ।
লগতে পঢ়ক : ১২ মে’ত শপত গ্ৰহণ : কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত নিৰ্বাচিত হ’ব এন ডি এৰ নতুন নেতা









