সংবাদ মাধ্যমৰ আগত ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অহা ১২ মে’ৰ পুৱা ১১ বজাত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব
অসমত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়াই লাভ কৰিছে তীব্ৰ গতি । ১০ মে’ত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতেই স্পষ্ট হ’ব কোনে চম্ভালিব দিছপুৰৰ বাঘজৰী । আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অহা ১২ মে’ৰ পুৱা ১১ বজাত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব ।
পৰ্যবেক্ষকৰ উপস্থিতিত বিধায়িনী দলৰ বৈঠক-
ড০ শৰ্মাই জনোৱা মতে, ১০ মে’ত বিজেপি বিধায়িনী দলৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব । এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা আৰু নায়াব সিং ছৈইনী উপস্থিত থাকিব । বিধায়িনী দলে নেতা নিৰ্বাচন কৰাৰ পিছত এন ডি এৰ সহযোগী দলসমূহৰ সৈতে আলোচনা কৰি ইয়াক চূড়ান্ত কৰা হ’ব ।
চৰকাৰ গঠনৰ দাবী আৰু ৰাজ্যপালৰ সৈতে সাক্ষাৎ-
নেতা নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে বিধায়িনী দলৰ এটা প্ৰতিনিধি দলে ৰাজ্যপালক সাক্ষাৎ কৰিব । এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয়, “ৰাজ্যপালক সাক্ষাৎ কৰি আমি চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিম । ৰাজ্যপালৰ আমন্ত্ৰণ পোৱাৰ লগে লগে চৰকাৰ গঠনৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব ।” এই সমগ্ৰ প্ৰক্ৰিয়াত মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ সন্মতি লোৱা হ’ব ।
উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-
অহা ১২ মে’ত অনুষ্ঠিত হ’বলগীয়া এই শপত গ্ৰহণ অনুষ্ঠান এক বিশাল সমাৱেশত পৰিণত হ’ব । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, এন ডি এৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকিব ।
পশ্চিমবংগৰ শপত গ্ৰহণত অংশ ল’ব ড০ শৰ্মাই-
ইফালে, পশ্চিমবংগত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানতো অংশ ল’বলৈ কাইলৈ উৰা মাৰিব ড০ হিমন্ত বিশ্ব শৰ্মা । তেওঁ বংগৰ এই অনুষ্ঠানক এক ‘ঐতিহাসিক ঘটনা’ বুলি অভিহিত কৰে ।
এতিয়া সকলোৰে চকু ১০ মে’ৰ বিজেপি বিধায়িনী দলৰ বৈঠকৰ ওপৰত, য’ত স্থিৰ হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ।
লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মা ২.০… ১২ মে’ত শপত ল’ব নতুন মুখ্যমন্ত্ৰীয়ে









