বংগত ১৫ বছৰীয়া তৃণমূল শাসনৰ অন্ত : ৯ মে’ত ব্ৰিগেডত বিজেপি চৰকাৰৰ বিশাল শপত গ্ৰহণ

বংগত ১৫ বছৰীয়া তৃণমূল শাসনৰ অন্ত : ৯ মে’ত ব্ৰিগেডত বিজেপি চৰকাৰৰ বিশাল শপত গ্ৰহণ

বিজেপিয়ে এককভাৱে ২০৭খন আসন লাভ কৰি ৰাজ্যখনত প্ৰচণ্ড বিজয় সাব্যস্ত কৰে পশ্চিমবংগৰ ৰাজনীতিত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি অহা ৯ মে’ত ৰাজ্যখনত গঠন হ’বলৈ গৈ আছে নতুন বিজেপি চৰকাৰ । ৰাজ্যিক বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যই বুধবাৰে ঘোষণা কৰা অনুসৰি, কলকাতাৰ ঐতিহাসিক ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত পুৱা

বিজেপিয়ে এককভাৱে ২০৭খন আসন লাভ কৰি ৰাজ্যখনত প্ৰচণ্ড বিজয় সাব্যস্ত কৰে

পশ্চিমবংগৰ ৰাজনীতিত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি অহা ৯ মে’ত ৰাজ্যখনত গঠন হ’বলৈ গৈ আছে নতুন বিজেপি চৰকাৰ । ৰাজ্যিক বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যই বুধবাৰে ঘোষণা কৰা অনুসৰি, কলকাতাৰ ঐতিহাসিক ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত পুৱা ১০ বজাৰ পৰা এই ভব্য শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব ।

পৰিবৰ্তনৰ নিৰ্বাচনী ফলাফল-

উল্লেখ্য যে ৪ মে’ত ঘোষণা কৰা বিধানসভা নিৰ্বাচনৰ ফলাফলত শাসকীয় তৃণমূল কংগ্ৰেছৰ শোচনীয় পৰাজয় ঘটে । যোৱাবাৰ ২১৫খন আসন লাভ কৰা মমতা বেনাৰ্জীৰ দলটোৱে এইবাৰ মাত্ৰ ৮০খন আসনত সীমাবদ্ধ থাকিবলগীয়া হয় । আনহাতে, বিজেপিয়ে এককভাৱে ২০৭খন আসন লাভ কৰি ৰাজ্যখনত প্ৰচণ্ড বিজয় সাব্যস্ত কৰে । এই ফলাফলে ৰাজ্যখনত তৃণমূলৰ ১৫ বছৰীয়া শাসনৰ যৱনিকা পেলাইছে ।

শপত গ্ৰহণৰ বিশেষ দিন আৰু অতিথি-

বিজেপিয়ে শপত গ্ৰহণৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ সংখ্যক জয়ন্তী অৰ্থাৎ ২৫ ব’হাগৰ দিনটো বাচনি কৰিছে । বাঙালী আবেগ আৰু সংস্কৃতিৰ সৈতে একাত্ম হ’বলৈকে এই বিশেষ দিনটো নিৰ্ধাৰণ কৰা হৈছে বুলি চৰ্চা চলিছে । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে এন ডি এৰ সকলো মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত থাকিব । নতুন চৰকাৰখনত দুকুৰিৰো অধিক মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা আছে ।

মুখ্যমন্ত্ৰীৰ দৌৰত শুভেন্দু অধিকাৰী-

নতুন চৰকাৰৰ নেতৃত্ব কোনে দিব, তাক লৈ চৰ্চা তুংগত উঠিছে । চৰ্চা অনুসৰি নিৰ্বাচনত দলৰ মুখ্য মুখ হৈ থকা শুভেন্দু অধিকাৰীয়েই হ’ব পাৰে বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী । নতুন নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক মুখ্য পৰ্যবেক্ষক আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিক সহ-পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । অহা বৃহস্পতিবাৰৰ ভিতৰত বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব, য’ত চৰকাৰীভাৱে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ’ব ।

লগতে পঢ়ক : মোক বৰ্খাস্ত কৰক, কিন্তু মই পদত্যাগ নকৰোঃ শোচনীয় পৰাজয়ৰ পাছতো নাচোৰবান্দা মমতা বেনাৰ্জী