চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে
অসম বিধানসভা নিৰ্বাচনত ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছত এতিয়া ৰাজ্যত নতুন চৰকাৰ গঠনৰ কাউণ্টডাউন আৰম্ভ হৈছে । বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে পুনৰবাৰ শাসনৰ গাদী দখল কৰাটো নিশ্চিত হোৱাৰ পাছত, অহা ১২ মে’ত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।
পদত্যাগ আৰু তত্ত্বাৱধায়ক চৰকাৰ-
ৰাজ্যত নতুন চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে । ৰাজ্যপালে তেওঁৰ পদত্যাগ গ্ৰহণ কৰাৰ লগতে নতুন চৰকাৰ গঠন নোহোৱালৈকে তেওঁক ‘তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী’ হিচাপে দায়িত্ব পালন কৰি থাকিবলৈ নিৰ্দেশ দিছে । ইয়াৰ উপৰিও বৰ্তমানৰ বিধানসভা ভংগ কৰাৰ পৰামৰ্শও ৰাজ্যপালে গ্ৰহণ কৰিছে ।
দিল্লীৰ পৰা আহিব পৰ্যবেক্ষক-
বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসমত নতুন বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে বিশেষ তৎপৰতা দেখুৱাইছে । বিজেপি নেতা দিলীপ শইকীয়াই জনোৱা মতে ৯ মে’ (শনিবাৰ) কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনী গুৱাহাটীত উপস্থিত হ’ব । ১০ মে’ত বিজেপি বিধায়িনী দলৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব । ইয়াৰ পাছতে এন ডি এৰ সহযোগী দলসমূহৰ সৈতেও এক যুটীয়া বৈঠক অনুষ্ঠিত হ’ব ।
প্ৰধানমন্ত্ৰীলৈ আমন্ত্ৰণ-
ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে এই ঐতিহাসিক বিজয়ৰ ক্ষণত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে । প্ৰধানমন্ত্ৰীৰ সময়সূচীৰ ওপৰত নিৰ্ভৰ কৰিয়েই শপত গ্ৰহণৰ দিনটো চূড়ান্ত কৰা হৈছে ।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতি নবীনে ইতিমধ্যে পৰ্যবেক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে । এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ চকু ১০ মে’ৰ বিধায়িনী দলৰ বৈঠকৰ ওপৰত, য’ত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ।
লগতে পঢ়ক : “মোৰ প্ৰথম ভৱিষ্যদ্বাণী সঁচা হ’ল”: দেৱব্ৰত শইকীয়াৰ পৰাজয়ক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া









