অপাৰেচন সিন্দুৰৰ বৰ্ষপূৰ্তি : সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ হুংকাৰ, সশস্ত্ৰ বাহিনীৰ বীৰত্বক প্ৰধানমন্ত্ৰীৰ চেলুট

অপাৰেচন সিন্দুৰৰ বৰ্ষপূৰ্তি : সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ হুংকাৰ, সশস্ত্ৰ বাহিনীৰ বীৰত্বক প্ৰধানমন্ত্ৰীৰ চেলুট

অপাৰেচন সিন্দুৰৰ প্ৰতিটো ক্ষেত্ৰতে বাহিনীসমূহৰ মাজত কাৰ্যকৰী সমন্বয় আছিল আৰু ইয়াক চৰকাৰ, বিভিন্ন সংস্থা আৰু বিভাগসমূহে সম্পূৰ্ণ সমৰ্থন দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কয় যে ‘অপাৰেচন সিন্দুৰ’ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় প্ৰত্যুত্তৰৰ প্ৰতিফলন আৰু ই দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰিছে ।

অপাৰেচন সিন্দুৰৰ প্ৰতিটো ক্ষেত্ৰতে বাহিনীসমূহৰ মাজত কাৰ্যকৰী সমন্বয় আছিল আৰু ইয়াক চৰকাৰ, বিভিন্ন সংস্থা আৰু বিভাগসমূহে সম্পূৰ্ণ সমৰ্থন দিছিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কয় যে ‘অপাৰেচন সিন্দুৰ’ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় প্ৰত্যুত্তৰৰ প্ৰতিফলন আৰু ই দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰিছে । এই অভিযানৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰীয়ে পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে প্ৰদৰ্শন কৰা সাহস, নিখুঁততা আৰু পেচাদাৰিত্বৰ প্ৰশংসা কৰে ।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখে, “এবছৰ আগতে আমাৰ সশস্ত্ৰ বাহিনীয়ে অপাৰেচন সিন্দুৰৰ সময়ত অতুলনীয় সাহস, নিখুঁততা আৰু সংকল্প প্ৰদৰ্শন কৰিছিল । যিসকলে পহলগামত নিৰীহ ভাৰতীয়ক আক্ৰমণ কৰাৰ দুঃসাহস কৰিছিল, তেওঁলোকক বাহিনীয়ে যোগ্য প্ৰত্যুত্তৰ দিছিল । সমগ্ৰ দেশে আমাৰ বাহিনীৰ বীৰত্বক চেলুট জনাইছে । অপাৰেচন সিন্দুৰ আছিল সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় সঁহাৰি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষাৰ বাবে এক অটল প্ৰতিশ্ৰুতিৰ প্ৰতিফলন ।”

তেওঁ লগতে উল্লেখ কৰে যে, “এই অভিযানে আমাৰ সশস্ত্ৰ বাহিনীৰ পেচাদাৰিত্ব, প্ৰস্তুতি আৰু সমন্বিত শক্তিৰ ওপৰতো আলোকপাত কৰিছে । একে সময়তে ই আমাৰ বাহিনীসমূহৰ মাজত বৰ্ধিত একতা প্ৰদৰ্শন কৰিছে আৰু প্ৰতিৰক্ষা খণ্ডত স্বাৱলম্বী হোৱাৰ দিশত ভাৰতৰ প্ৰচেষ্টাই আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তালৈ অনা শক্তিক চিহ্নিত কৰিছে । আজি এবছৰৰ পাছত আমি সন্ত্ৰাসবাদক পৰাস্ত কৰিবলৈ আৰু ইয়াৰ পৰিৱেশ তন্ত্ৰ ধ্বংস কৰিবলৈ পূৰ্বৰ দৰেই সংকল্পবদ্ধ ।” ইফালে, প্ৰধানমন্ত্ৰী মোদীয়ে এই সামৰিক অভিযানৰ বৰ্ষপূৰ্তিত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সাহস আৰু বীৰত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এক্সত তেওঁৰ ডিচপ্লে পিকচাৰ (DP) ‘অপাৰেচন সিন্দুৰ’লৈ সলনি কৰে ।

উল্লেখ্য যে, ২০২৫ চনৰ ৭ মে’ত ২৬ জন নিৰীহ অসামৰিক লোকৰ প্ৰাণ কাঢ়ি নিয়া পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা ‘অপাৰেচন সিন্দুৰ’ আছিল এক সুপৰিকল্পিত ত্ৰি-সেৱা সঁহাৰি, যিয়ে নিখুঁততা, পেচাদাৰিত্ব আৰু উদ্দেশ্যক প্ৰতিফলিত কৰিছিল । নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে আৰু পাকিস্তানৰ অভ্যন্তৰত সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰাৰ বাবে এক শাস্তিমূলক আৰু লক্ষ্যভিত্তিক অভিযান হিচাপে এই অপাৰেচনটো পৰিকল্পনা কৰা হৈছিল । বহুকেইটা সংস্থাৰ চোৰাংচোৱা তথ্যই নটা মুখ্য শিবিৰৰ উপস্থিতি নিশ্চিত কৰিছিল যিবোৰক অৱশেষত লক্ষ্য কৰি লোৱা হৈছিল । ভাৰতৰ এই প্ৰতিশোধমূলক ব্যৱস্থা আছিল সূক্ষ্ম পৰিকল্পনা আৰু চোৰাংচোৱা ভিত্তিক দৃষ্টিভংগীৰ ওপৰত আধাৰিত, যাৰ ফলত অতি নূন্যতম পাৰ্শ্বৱৰ্তী ক্ষতিৰ সৈতে অভিযানটো সম্পন্ন কৰা হৈছিল । অভিযানটোত নৈতিকতা কেন্দ্ৰীয় বিষয় আছিল আৰু সাধাৰণ নাগৰিকৰ ক্ষতি পৰিহাৰ কৰিবলৈ সংযম অৱলম্বন কৰা হৈছিল ।

অপাৰেচন সিন্দুৰৰ পৰিপ্ৰেক্ষিতত পাকিস্তানে ভাৰতৰ প্ৰমুখ বিমান ঘাটি আৰু লজিষ্টিক আন্তঃগাঁথনিক লক্ষ্য কৰি ধাৰাবাহিকভাৱে ড্ৰোন আৰু ইউচিএভি আক্ৰমণ চলাইছিল । অৱশ্যে ভাৰতৰ ব্যাপক আৰু বহুমুখী আকাশী প্ৰতিৰক্ষা ব্যৱস্থাই এই প্ৰচেষ্টাসমূহ ফলপ্ৰসূভাৱে নিষ্ক্ৰিয় কৰিছিল । এই সফলতাৰ মূলতে আছিল ‘ইন্টিগ্ৰেটেড কমাণ্ড এণ্ড কন্ট্ৰোল ষ্ট্ৰেটেজী’, যিয়ে বিভিন্ন ক্ষেত্ৰত ভাবুকি চিনাক্তকৰণ, মূল্যায়ন আৰু প্ৰতিৰোধত সহায় কৰিছিল ।

অপাৰেচন সিন্দুৰৰ প্ৰতিটো ক্ষেত্ৰতে বাহিনীসমূহৰ মাজত কাৰ্যকৰী সমন্বয় আছিল আৰু ইয়াক চৰকাৰ, বিভিন্ন সংস্থা আৰু বিভাগসমূহে সম্পূৰ্ণ সমৰ্থন দিছিল । স্থল, আকাশ আৰু সাগৰ— তিনিওটা পথতে এই অভিযান পৰিচালিত হৈছিল, যিটো ভাৰতীয় সেনা, বায়ুসেনা আৰু নৌসেনাৰ মাজত এক নিৰৱচ্ছিন্ন সমন্বয়ৰ নিদৰ্শন আছিল । পাকিস্তানৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ বিৰুদ্ধে নিখুঁত আক্ৰমণ চলোৱাত ভাৰতীয় বায়ুসেনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । বায়ুসেনাই নুৰ খান এয়াৰ বেচ আৰু ৰহিময়াৰ খান এয়াৰ বেচৰ দৰে লক্ষ্যস্থানত প্ৰবল প্ৰভাৱশালী আকাশী অভিযান চলাইছিল আৰু চৰকাৰী ব্ৰিফিংৰ সময়ত ইয়াৰ ক্ষয়-ক্ষতিৰ দৃশ্যমান প্ৰমাণ দাঙি ধৰা হৈছিল ।

লগতে পঢ়ক : পশ্চিম বংগৰ হিংসাক লৈ কঠোৰ নিৰ্বাচন আয়োগ; মুখ্য নিৰ্বাচন আয়ুক্তৰ নিৰ্দেশনা জাৰি