পশ্চিম বংগত বিজেপিৰ ছুনামী; ১৫ বছৰৰ পিছত মমতাৰ বিদায়

বংগত মমতাৰ দুৰ্গ কঁপাই প্ৰচণ্ড বহুমতৰ দিশে বিজেপি

পশ্চিম বংগত গাদীচ্যুত হ’ব নেকি মমতা বেনাৰ্জী! ভৱানীপুৰত মমতা বেনাৰ্জীক পিছপেলাই আগবাঢ়িছে শুভেন্দু অধিকাৰী। ভাৰতীয় নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি, পশ্চিমবংগত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন মিত্ৰজোঁটে ৯১ খন আসনত আগবাঢ়ি আছে । আনহাতে মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে ৪৮খন আসনত আৰু তেওঁলোকৰ সহযোগী বি.জি.পি.এম.-এ এখন

পশ্চিম বংগত গাদীচ্যুত হ’ব নেকি মমতা বেনাৰ্জী! ভৱানীপুৰত মমতা বেনাৰ্জীক পিছপেলাই আগবাঢ়িছে শুভেন্দু অধিকাৰী।

ভাৰতীয় নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি, পশ্চিমবংগত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন মিত্ৰজোঁটে ৯১ খন আসনত আগবাঢ়ি আছে । আনহাতে মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে ৪৮খন আসনত আৰু তেওঁলোকৰ সহযোগী বি.জি.পি.এম.-এ এখন আসনত অগ্ৰগতি লাভ কৰিছে।২৯৪ জনীয়া বিধানসভা আসনৰ বাবে বিজেপি ১৩৮খন আসনত অগ্ৰগতিৰ পূৰ্বানুমান কৰা হৈছে, যিটো সংখ্যা চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১৪৮ খন আসনৰ পৰা মাত্ৰ দহখন কম । এই পূৰ্বানুমানত তৃণমূল কংগ্ৰেছে ১২০খন আসনত অগ্ৰগতি লাভ কৰিছে ।

ইফালে, বিধানসভা নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ মাজতে পশ্চিমবংগৰ বিৰোধী দলপতি তথা নন্দীগ্ৰাম আৰু ভৱানীপুৰৰ বিজেপি প্ৰাৰ্থী শুভেন্দু অধিকাৰীয়ে দলৰ প্ৰদৰ্শনক লৈ আত্মবিশ্বাস প্ৰকাশ কৰিছে । তেওঁ দাবী কৰে যে প্ৰাৰম্ভিক পৰ্যায়ত বিজেপিয়ে ১৩০খনতকৈ অধিক আসনত আগবাঢ়িছে আৰু তৃণমূল কংগ্ৰেছ ১০০খন আসনৰ ওচৰে-পাজৰে আছে । তেওঁ কয় যে ভৱানীপুৰত প্ৰাৰম্ভিক পৰ্যায়ত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব পাৰে যদিও পৰৱৰ্তী ৰাউণ্ডসমূহৰ পাছত তেওঁ অগ্ৰগতি লাভ কৰিব বুলি নিশ্চিত ।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দ্বিতীয় ৰাউণ্ডৰ গণনাৰ অন্তত বৰ্তমানলৈকে শুভেন্দু অধিকাৰীয়ে ৬৩৮০ টা ভোট লাভ কৰিছে আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৪৮২২ টা ভোট লাভ কৰিছে ।বৰ্তমান মমতা বেনাৰ্জীতকৈ ১৫৫৮ টা ভোটত আগবাঢ়ি আছে শুভেন্দু অধিকাৰী ।

উল্লেখ্য যে পশ্চিমবংগত স্বাধীনতাৰ পাছত এতিয়ালৈকে সৰ্বাধিক ভোটদানৰ হাৰ ৰেকৰ্ড কৰা হৈছে । বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত আকৰ্ষণীয় ৯১.৬৬ শতাংশ ভোটদান হৈছে । প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৯৩.১৯ শতাংশ, যাৰ ফলত দুয়োটা পৰ্যায়ৰ গড় ভোটদানৰ হাৰ ৯২.৪৭ শতাংশ হয় । ২০২১ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছে ২৯৪খন আসনৰ ভিতৰত ২১৩খন আসন লাভ কৰি এক নিৰ্ণায়ক জনদেশ লাভ কৰিছিল । সেইবাৰ তেওঁলোকে প্ৰায় ৪৮ শতাংশ ভোট লাভ কৰিছিল । আনহাতে ভাৰতীয় জনতা পাৰ্টিয়ে ৭৭খন আসন আৰু প্ৰায় ৩৮ শতাংশ ভোট লাভ কৰি প্ৰধান বিৰোধী দল হিচাপে আত্মপ্ৰকাশ কৰিছিল ।

লগতে পঢ়ক: কুংকি নে বিজয় গুপ্তা? কোন সমষ্টিত কাৰ অগ্ৰগতি