ষ্টীল উদ্যোগপতি লক্ষ্মী মিট্টলে ৰাজস্থান ৰয়েলছৰ ফ্ৰেঞ্চাইজি ১.৬৫ বিলিয়ন ডলাৰত ক্ৰয় কৰাৰ কথা ঘোষণা কৰিছে।
আই পি এল ২০২৬ ৰ খেলৰ মাজতে এক খবৰ পোহৰলৈ আহিছে। ২০২৬ চনৰ মাৰ্চ মাহত আদিত্য বিৰলা গ্ৰুপক ১.৭৮ বিলিয়ন ডলাৰত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু বিক্ৰী কৰাৰ কেইমাহমানৰ পিছত এতিয়া ৰাজস্থান ৰয়েলছৰ দলটোও বিক্ৰী হৈছে।
ষ্টীল উদ্যোগৰ টাইটান লক্ষ্মী মিত্তলে ৰাজস্থান ৰয়েলছৰ ফ্ৰেঞ্চাইজি অধিগ্ৰহণৰ কথা ঘোষণা কৰিছে।ফলত ক্ৰিকেট আৰু ব্যৱসায় দুয়োটা জগততে আলোচনা তীব্ৰতৰ হৈ পৰিছে। লক্ষ্মী এন মিত্তল আৰু আদিত্য মিত্তলৰ নেতৃত্বত মিট্টল পৰিয়ালে ফ্ৰেঞ্চাইজি অধিগ্ৰহণৰ বাবে নিৰ্দিষ্ট চুক্তিত স্বাক্ষৰ কৰিছে।ইয়াৰ মূল্য প্ৰায় ১.৬৫ বিলিয়ন ডলাৰ (প্ৰায় ১৫,৬৬০ কোটি ₹) বুলি অনুমান কৰা হৈছে।
এই অধিগ্ৰহণ ভাৰতীয় ছিৰাম ইনষ্টিটিউটৰ চিইঅ’ আদৰ পুনাৱাল্লাৰ সৈতে অংশীদাৰিত্বৰে কৰা হৈছে।ব্ৰিটেইনত বাস কৰা ভাৰতীয় মূলৰ উদ্যোগপতি লক্ষ্মী মিত্তলে কয় যে, জয়পুৰস্থিত এই দলটোক অধিগ্ৰহণ কৰিবলৈ চূড়ান্ত চুক্তি কৰা হৈছে।
এই চুক্তিখন প্ৰায় ১.৬৫ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১৫,৬৬০ কোটি টকাত কৰা হৈছিল।এই চুক্তি ২০২৬ চনৰ তৃতীয় ত্ৰৈমাসিকৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।ইয়াৰ পিছত মিট্টল পৰিয়ালৰ ৭৫% অংশীদাৰিত্ব, আৰু আদাৰ পুনাৱালাৰ প্ৰায়১৮% অংশীদাৰিত্ব থাকিব।এই লেনদেন বৰ্তমান বিচিচিআই, চিচিআই, আৰু আইপিএগভৰ্নিং কাউন্সিলৰ অনুমোদনৰ অধীনত আছে।
লগতে পঢ়ক: পৰাজয়ৰ চক্ৰবেহুত বন্দী মুম্বাই ইণ্ডিয়ানছ, অনিশ্চিত প্লে’ অফৰ পথ !









