এগ’জিট প’লৰ সমীক্ষাৰ পাছতে মমতা বেনাৰ্জীৰ হাহাকাৰ, দলৰ কৰ্মীক দিলে নিৰ্দেশ

এগ’জিট প’লৰ সমীক্ষাৰ পাছতে মমতা বেনাৰ্জীৰ হাহাকাৰ, দলৰ কৰ্মীক দিলে নিৰ্দেশ

বিশেষ কৰ্মশালাৰ সময়ত দলীয় কৰ্মী আৰু গণনা এজেণ্টক কঠোৰ নিৰ্দেশ জাৰি কৰে দলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে পশ্চিম বংগৰ পুৰুলিয়াত ভোট গণনাৰ পূৰ্বে তৃণমূল কংগ্ৰেছে পূৰ্ণ শক্তি মোতায়েন কৰিছে । পুৰুলীয়া জিলা কাৰ্যালয়ত ভাৰ্চুৱেলি অনুষ্ঠিত এক বিশেষ কৰ্মশালাৰ সময়ত দলীয় কৰ্মী আৰু গণনা এজেণ্টক কঠোৰ নিৰ্দেশ

বিশেষ কৰ্মশালাৰ সময়ত দলীয় কৰ্মী আৰু গণনা এজেণ্টক কঠোৰ নিৰ্দেশ জাৰি কৰে দলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে

পশ্চিম বংগৰ পুৰুলিয়াত ভোট গণনাৰ পূৰ্বে তৃণমূল কংগ্ৰেছে পূৰ্ণ শক্তি মোতায়েন কৰিছে । পুৰুলীয়া জিলা কাৰ্যালয়ত ভাৰ্চুৱেলি অনুষ্ঠিত এক বিশেষ কৰ্মশালাৰ সময়ত দলীয় কৰ্মী আৰু গণনা এজেণ্টক কঠোৰ নিৰ্দেশ জাৰি কৰে দলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে । ভোট গণনাৰ সময়ত তেওঁলোকে সজাগ হৈ থাকিব লাগিব আৰু কোনো উৰাবাতৰি বিশ্বাস নকৰিব লাগিব বুলি স্পষ্টকৈ উল্লেখ কৰে বেনাৰ্জীয়ে ।

তৃণমূল কংগ্ৰেছ পিছ পৰি আছে বুলি ভুৱা দাবী বিয়পিব পাৰে বুলি কৰ্মীসকলক সকীয়াই দিয়ে তেওঁ লগতে তেওঁলোকে এনে দাবী বিশ্বাস বা প্ৰচাৰ কৰা উচিত নহয় বুলিও উল্লেখ কৰে । গণনা কেন্দ্ৰত দীৰ্ঘ সময় কটোৱা কৰ্মীসকলক বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে মমতাই । কোনো ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবলৈ সাধাৰণ খাদ্যৰ পৰামৰ্শ দি তেওঁ তেওঁলোকক লঘু আৰু সাধাৰণ খাদ্য খাবলৈ পৰামৰ্শ দিয়ে কৰ্মীসকলক ।

লগতে মমতা বেনাৰ্জীয়ে সকলো কাউণ্টিং এজেণ্ট আৰু কৰ্মীক দলৰ নেতৃত্বৰ পৰা পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে গণনা কেন্দ্ৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনায় । কোনো কাৰণতে তেওঁলোকে কেন্দ্ৰ এৰি ওলাই যাব নালাগে বুলি উল্লেখ কৰে মমতাই ।

ভোটগণনা প্ৰক্ৰিয়াত স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মমতা বেনাৰ্জীয়ে ভোটাৰসকলক ফলাফল আপলোড কৰাৰ ওপৰত নজৰ ৰাখিবলৈ আৰু যিকোনো অমিল থাকিলে তৎকালীনভাৱে ৰিপৰ্ট কৰিবলৈ আহ্বান জনায় । যদি ইলেক্ট্ৰনিক ভোটিং মেচিনৰ কোনো বিজুতি বা সন্দেহজনক অৱস্থা ধৰা পৰে তেন্তে তৎক্ষণাত সেই বিষয়ে অৱগত কৰক আৰু প্ৰয়োজন হ’লে পুনৰ ভোটদানৰ দাবী কৰক বুলি কৰ্মীসকলক কয় তেওঁ ।

লগতে পঢ়ক : নিৰ্বাচন আয়োগৰ ডাঙৰ সিদ্ধান্ত, ২১ মে’ত পুনৰ ভোটগ্ৰহণ