দুটা গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টিৰ ১৫টা ভোটকেন্দ্ৰত ২ মে’ত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে
ভাৰতীয় নিৰ্বাচন আয়োগে পশ্চিমবংগৰ দুটা গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টিৰ ১৫টা ভোটকেন্দ্ৰত ২ মে’ত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । জিলা পৰ্যায়ত ভোটগ্ৰহণৰ কেন্দ্ৰভিত্তিক প্ৰতিবেদন আৰু অভিযোগ পৰীক্ষা কৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । সকলো বুথ দক্ষিণ ২৪ পৰগনা জিলাৰ অন্তৰ্গত ।
দক্ষিণ ২৪ পৰগনা জিলাৰ মগৰাহাট পশ্চিম বিধান সভা সমষ্টিৰ ১১টা বুথত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ইয়াৰ উপৰিও ব্যাপক অভিযোগৰ পিছত ডাইমণ্ড হাৰ্বাৰ বিধানসভা সমষ্টিৰ চাৰিটা বুথত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।
নিৰ্বাচন আয়োগে কয় যে ভোটদান আৰু তদন্তৰ সময়ত লাভ কৰা ৰিগিঙৰ অভিযোগৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে, যাতে নিৰ্বাচনৰ নিৰপেক্ষতা অটুট থাকে । মগৰাহাট পশ্চিম আৰু ডাইমণ্ড হাৰ্বাৰ বিধানসভা সমষ্টিৰ ৰিটাৰ্নিং অফিচাৰ আৰু পৰ্যবেক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত নিৰ্বাচন আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰে ।
নিৰ্বাচন আয়োগে ২০২৬ চনৰ ২৯ এপ্ৰিলত এই বুথসমূহত অনুষ্ঠিত হোৱা ভোটদানক জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ৫৮(২) ধাৰাত বাতিল ঘোষণা কৰিছে । আয়োগৰ তথ্য অনুসৰি, ২০২৬ চনৰ ২ মে’ত নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰত, পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ নতুনকৈ ভোটদান অনুষ্ঠিত হ’ব ।
লগতে পঢ়ক : ‘গণতন্ত্ৰৰ পাঠ মোক নালাগে’: পৱন খেৰাৰ গোচৰক লৈ সিংভীক প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ









