ৰান মেচিন তথা হিটমেন ৰোহিত শৰ্মাই ৩০ এপ্ৰিলত তেওঁৰ ৩৯ সংখ্যক জন্মদিন উদযাপন কৰিছে । ২০০৭ চনৰ ২৩ জুনত বেলফাষ্টত ভাৰতৰ হৈ অভিষেক ঘটোৱাৰ পৰাই তেওঁ ক্ৰিকেটৰ সকলো সংস্কৰণতে অসংখ্য অভিলেখ ভংগ কৰিছে ।
ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক, বিস্ফোৰক বেটাৰ তথা ৰান মেচিন “হিটমেন” ৰোহিত শৰ্মাই ৩০ এপ্ৰিলত তেওঁৰ ৩৯ সংখ্যক জন্মদিন উদযাপন কৰিছে । ২০০৭ চনৰ ২৩ জুনত বেলফাষ্টত ভাৰতৰ হৈ অভিষেক ঘটোৱাৰ পৰাই তেওঁ ক্ৰিকেটৰ সকলো সংস্কৰণতে অসংখ্য অভিলেখ ভংগ কৰিছে, যিয়ে তেওঁক খেলখনৰ এজন অন্যতম মহান খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে পৰৱৰ্তী প্ৰজন্মৰ ক্ৰিকেটাৰসকলকো অনুপ্ৰাণিত কৰি আহিছে ।
যোৱা বছৰ টেষ্ট ক্ৰিকেট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত “হিটমেন” বৰ্তমান এদিনীয়া ক্ৰিকেটত সক্ৰিয় হৈ আছে আৰু ৫০ অভাৰৰ এই সংস্কৰণত নিজৰ আগ্ৰাসী প্ৰদৰ্শন অব্যাহত ৰাখিছে । ২০১৩ চনত টেষ্টত অভিষেক ঘটোৱা ৰোহিতে মুঠ ৬৭খন মেচত ভাৰতক প্ৰতিনিধিত্ব কৰি ৪,৩০১ ৰান সংগ্ৰহ কৰিছে । তেওঁৰ ৰঙা বলৰ কেৰিয়াৰত ১২টা শতক আৰু ১৮টা অৰ্ধশতক অন্তৰ্ভুক্ত আছে, য’ত ২০১৯ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কৰা ২১২ ৰান আছিল তেওঁৰ ব্যক্তিগত সৰ্বোচ্চ স্ক’ৰ ।
২০০৭ চনত টি-২০ অভিষেক ঘটোৱা ৰোহিতে ১৫৯খন মেচত ৪২৩১ ৰান সংগ্ৰহ কৰি ২০২৪ চনত এই ফৰ্মেটৰ সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী হিচাপে অৱসৰ গ্ৰহণ কৰে । টি-২০ আন্তঃৰাষ্ট্ৰীয়ত যুটীয়াভাৱে সৰ্বাধিক শতকৰ (পাঁচটা) অভিলেখো তেওঁৰ নামত আছে । তেওঁ দুখনকৈ টি-২০ বিশ্বকাপ জয় কৰিছে : প্ৰথমখন ২০০৭ চনত এজন খেলুৱৈ হিচাপে আৰু শেহতীয়া ২০২৪ চনৰ বিশ্বকাপখন অধিনায়ক হিচাপে । ২০২৪ চনত ১৫০ খনতকৈও অধিক টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলা প্ৰথমজন পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হোৱা ৰোহিতে ভাৰতৰ টি-২০ বিশ্বকাপ বিজয়ৰ পিছতেই এই সংস্কৰণৰ পৰা অৱসৰ ঘোষণা কৰিছিল ।
এদিনীয়া ক্ৰিকেটৰ এগৰাকী অন্যতম সফল অ’পেনাৰ হিচাপে ৰোহিত শৰ্মাই ২৮২খন মেচত প্ৰায় ৪৯ গড়ত ১১,৫৭৭ ৰান সংগ্ৰহ কৰিছে, য’ত ৩৩টা শতক আৰু ৬১টা অৰ্ধশতক আছে । ৫০ অভাৰৰ খেলত সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰৰ (২৬৪ ৰান) অভিলেখো “হিটমেন”ৰ নামত আছে । ইয়াৰ উপৰিও এদিনীয়াত তিনিটাকৈ দ্বিশতক অৰ্জন কৰাৰ অনন্য কৃতিত্ব তেওঁৰ আছে ।
ৰোহিতে অতি সহজে এদিনীয়া ক্ৰিকেটত দ্বিশতক অৰ্জন কৰিছিল, আইপিএলৰ প্ৰথম ১৫টা সংস্কৰণৰ ভিতৰত ছয়টা খিতাপ জয় কৰিছিল আৰু ২০১৯ চনৰ এদিনীয়া বিশ্বকাপত পাঁচটা শতক অৰ্জন কৰিছিল । ২০১৯ চনত যেতিয়া তেওঁ টেষ্টত অ’পেনাৰ হিচাপে সুযোগ পাইছিল, তেওঁ নিজৰ প্ৰথমটো চিৰিজতে এটা দ্বিশতককে ধৰি দ্ৰুতগতিত তিনিটা শতক অৰ্জন কৰিছিল ।
ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে ২০২৩ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু সেই একে বছৰতে এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল, য’ত দলটো খিতাপ জয়ৰ অতি ওচৰ চাপিছিল । অৱশ্যে, ২০২৪ চনত ভাৰতক টি-২০ বিশ্বকাপৰ খিতাপ জয় কৰাই তেওঁ সেই দুখ মোচন কৰে আৰু আইচিচি ট্ৰফীৰ ১৩ বছৰীয়া খৰাং অন্ত পেলায় । ইয়াৰ পিছতে তেওঁৰ নেতৃত্বত ভাৰতে ২০২৫ চনত চেম্পিয়নছ ট্ৰফীও জয় কৰে । নিজৰ কেৰিয়াৰৰ শেষ পৰ্যায়ত উপনীত হোৱা ৰোহিত শৰ্মা ক্ৰিকেট বিশ্বই দেখা এজন অতুলনীয় তাৰকা হিচাপে সদায় স্মৰণীয় হৈ ৰ’ব ।
লগতে পঢ়ক : ৰিয়ান পৰাগৰ বিৰদ্ধে কঠোৰ বিচিচিআই, শাস্তিৰ সন্মুখীন









