কাশী বিশ্বনাথ মন্দিৰত প্ৰধানমন্ত্ৰী মোদী; ষোড়শোপ্ৰচাৰ পদ্ধতিৰে বিশেষ পূজা-অৰ্চনা

কাশী বিশ্বনাথ মন্দিৰত প্ৰধানমন্ত্ৰী মোদী; ষোড়শোপ্ৰচাৰ পদ্ধতিৰে বিশেষ পূজা-অৰ্চনা

কাশী বিশ্বনাথ মন্দিৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে বিশেষ পূজা । প্ৰায় ৩০ মিনিট ধৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে বাবা বিশ্বনাথৰ পূজা-অৰ্চনা কৰে। কাশী বিশ্বনাথ মন্দিৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে বিশেষ পূজা।ইয়াত তেওঁ বাবা বিশ্বনাথৰ বিশেষ পূজা-অৰ্জনা কৰে।প্ৰধানমন্ত্ৰী মোদীৰ বাৰাণসী ভ্ৰমণৰ আজি দ্বিতীয়টো দিন।দুদিনীয়া

কাশী বিশ্বনাথ মন্দিৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে বিশেষ পূজা । প্ৰায় ৩০ মিনিট ধৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে বাবা বিশ্বনাথৰ পূজা-অৰ্চনা কৰে।

কাশী বিশ্বনাথ মন্দিৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে বিশেষ পূজা।ইয়াত তেওঁ বাবা বিশ্বনাথৰ বিশেষ পূজা-অৰ্জনা কৰে।প্ৰধানমন্ত্ৰী মোদীৰ বাৰাণসী ভ্ৰমণৰ আজি দ্বিতীয়টো দিন।দুদিনীয়া ভ্ৰমণেৰে মঙলবাৰে বাৰাণসীত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী।আজি তেওঁৰ ভ্ৰমণৰ দ্বিতীয় দিনত মূলতঃ কাশী বিশ্বনাথ মন্দিৰত প্ৰাৰ্থনা আৰু পূজা কৰে। সমগ্ৰ বাৰাণসীৰ বিভিন্ন স্থানত স্থাপন কৰা আদৰণি তোৰণৰ মাজেৰে পাৰ হৈ প্ৰধানমন্ত্ৰী মোদীয়ে কাশী বিশ্বনাথ মন্দিৰত উপস্থিত হয়। ইয়াৰ পৰা প্ৰাৰ্থনাৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে গংগা এক্সপ্ৰেছৱেৰ উদ্বোধনী অনুষ্ঠানৰ বাবে হৰদয়লৈ আগবাঢ়িব।

প্ৰধানমন্ত্ৰী মোদীয়ে মন্দিৰ কমপ্লেক্সত প্ৰৱেশ কৰাৰ লগে লগে সমগ্ৰ মন্দিৰত বৈদিক মন্ত্ৰৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা গৈছিল। ইফালে কেইবাজনো পুৰোহিতে শাৰী পাতি থিয় হৈ ডম্বৰু বজাই। প্ৰধানমন্ত্ৰী মোদীয়ে হাতযোৰ কৰি মন্দিৰৰ মূল গেটেৰে ভিতৰলৈ প্ৰৱেশ কৰে।লগতে তেওঁক আদৰণি জনোৱা পুৰোহিতসকলক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কাশী বিশ্বনাথ মন্দিৰত বাবা বিশ্বনাথৰ জ্যোতিৰ্লিংগৰ আগত বহি ষোড়শোপ্ৰচাৰ পদ্ধতিৰে  বিশেষ পূজা কৰে।পূজাৰ অন্তত প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰতী কৰাৰ লগতে মন্দিৰ প্ৰদক্ষিণো কৰে।পিছত প্ৰধানমন্ত্ৰী গৰাকীক ত্ৰিশূল আৰু বাবা বিশ্বনাথ মন্দিৰৰ প্ৰতিৰূপেৰে সম্বৰ্ধনা জনোৱা হয়।

লগতে পঢ়ক: ১৪২খন আসনৰ বাবে পশ্চিম বংগত আৰম্ভ ভোটগ্ৰহণ; গৃহমন্ত্ৰীৰ বিশেষ পোষ্ট

শেহতীয়া প্ৰৱন্ধসমূহ