পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত নিয়োজিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মমতা চৰকাৰক তীব্ৰ সমালোচনা কৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়, মমতা বেনাৰ্জীয়ে এজন দলৰ পৰা নিলম্বন কৰা নেতাক অযোধ্যাৰ বাবৰি মছজিদৰ আৰ্হিত পশ্চিম বংগত মছজিদ নিৰ্মাণৰ অনুমতি প্ৰদান কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে মুৰ্ছিদাবাদৰ কথা উল্লেখ কৰি কয় যে, টিএমচিৰ প্ৰাক্তন বিধায়ক হুমায়ুন কবীৰক এই নিৰ্মাণ প্ৰকল্পৰ আৰম্ভণিৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভাত ভাষণ দি শ্বাহে কয়-‘পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টি ক্ষমতালৈ অহাৰ পিছত গৰু সৰবৰাহ আৰু ৰাজনৈতিক হিংসাৰ লগত জড়িতসকলৰ সৈতে ইমানেই কঠোৰভাৱে মোকাবিলা কৰা হ’ব যে তেওঁলোকৰ পৰৱৰ্তী তিনিটা প্ৰজন্মইও তেনেকুৱা কাম কৰাৰ কথা কেতিয়াও নাভাবিব’।
তেওঁ মমতা বেনাৰ্জী চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই শাসন, আইন-শৃংখলা, আৰু নিয়োগৰ ফ্ৰণ্টত ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰে আৰু কয় যে ‘আগন্তুক বিধানসভা নিৰ্বাচন বংগত সন্ত্ৰাসবাদ আৰু অনুপ্ৰৱেশকাৰীৰ পৰা ইয়াক মুক্ত কৰাটো অতি গুৰুত্বপূৰ্ণ’।শ্বাহে হুগলী জিলাৰ উত্তৰপাৰাত কয়, ‘মমতা দিদি, মনত ৰাখক যেতিয়ালৈকে বংগত এজনো বিজেপি কৰ্মী জীয়াই থাকে, তেতিয়ালৈকে আমি ইয়াত বাবৰি মছজিদ নিৰ্মাণ হ’বলৈ নিদিওঁ’।
লগতে পঢ়ক: ‘আদা, নহৰু, জিৰা… এই ৭ টা কেতিয়াও শাক-পাচলি নহয়’; আপ এৰি যোৱা সাংসদক কটাক্ষ ভগৱান্ত মানৰ









