'আদা, নহৰু, জিৰা... এই ৭ টা কেতিয়াও শাক-পাচলি নহয়'; আপ এৰি যোৱা সাংসদক লৈ ভগৱান্ত মানৰ কটাক্ষ

‘আদা, নহৰু, জিৰা… এই ৭ টা কেতিয়াও শাক-পাচলি নহয়’; আপ এৰি যোৱা সাংসদক কটাক্ষ ভগৱান্ত মানৰ

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আপ ত্যাগ কৰা সাংসদসকলক সাতটা মছলাৰ সৈতে তুলনা কৰি কটাক্ষ কৰিছে। আম আদমী পাৰ্টিৰ ভিতৰত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাই এক বৃহৎ ধুমুহাৰ সৃষ্টি কৰিছে।ৰাঘৱ চাদ্দাকে ধৰি তিনিজন সাংসদে আপ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে।ইফালে চাৰিজন সাংসদক লৈ এতিয়াও ছাচপেন্স অব্যাহত আছে।ইয়াৰ

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আপ ত্যাগ কৰা সাংসদসকলক সাতটা মছলাৰ সৈতে তুলনা কৰি কটাক্ষ কৰিছে।

আম আদমী পাৰ্টিৰ ভিতৰত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাই এক বৃহৎ ধুমুহাৰ সৃষ্টি কৰিছে।ৰাঘৱ চাদ্দাকে ধৰি তিনিজন সাংসদে আপ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে।ইফালে চাৰিজন সাংসদক লৈ এতিয়াও ছাচপেন্স অব্যাহত আছে।ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আপ নেতা তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে তেওঁলোকক কটাক্ষ কৰি পোষ্ট শ্বেয়াৰ কৰিছে।

ভগৱন্ত মানে  আপ এৰি বিজেপিত যোগদান কৰা আৰু যোগদান কৰাৰ সম্ভাৱনা থকা ৭ জন সাংসদৰ তুলনা ৭টা মছলাৰ লগত কৰিছে।তেওঁ এই মছলা সমূহৰ গুণাগুণৰ কথা উল্লেখ কৰি কয় যে, এই সমূহ তেতিয়ালৈকে হে উল্লেখযোগ্য হৈ থাকে যেতিয়ালৈকে কোনো খাদ্যত যোগ কৰা নহয়। নিজৰ মাজত ইহঁতৰ কোনো গুৰুত্ব নাই।

ভগৱন্ত মানে সামাজিক মাধ্যমত লিখিছে যে, আদা, নহৰু, জিৰা, মেথি গুড়ি, ৰঙা জলকীয়া, ক’লা জলকীয়া, আৰু ধনীয়া, এই ৭টা উপাদান মিলি খাদ্য সুস্বাদু কৰি তোলে, কিন্তু এইবোৰে অকলে কেতিয়াও চব্জী হ’ব নোৱাৰে।

লগতে পঢ়ক: আম আদমী পাৰ্টীৰ পৰা পদত্যাগ ৰাঘৱ চাদ্দাৰ; শীঘ্ৰেই পিন্ধিব গেৰুৱা বসন