পশ্চিম বংগত ৰাজহুৱা সভা সম্বোধন কৰি মমতা বেনাৰ্জীক লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয় “ঝালমুৰি মই খালো,জ্বলা-পোৰা অনুভৱ টিএমচিয়ে কৰিছে”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পশ্চিমবংগৰ কৃষ্ণনগৰত এখন ৰাজহুৱা সভা সম্বোধন কৰে। ইয়াত অনুষ্ঠিত বিজয় সংকল্প সভাত প্ৰধানমন্ত্ৰী মোদীয়ে টিএমচি চৰকাৰ আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত আক্ৰমণ চলাই তেওঁৰ চৰকাৰৰ নীতি-নিয়মক সমালোচনা কৰে।ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনী পৰিৱেশ সন্দৰ্ভত এক উল্লেখযোগ্য বক্তব্য আগবঢ়ায়। তেওঁ কয়, “ঝালমুৰি মই খাইছিলো, কিন্তু জ্বলা-পোৰা অনুভৱ টিএমচিয়ে কৰিছে।”
দৰাচলতে প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ পশ্চিম বংগৰ এখন দোকানত ঝলমুৰি খাইছিল,যিটো চৰ্চাৰ বিষয় হৈ পৰিছিল। ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰী মমতাই প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি কয় যে- এইখন এখন পৰিকল্পিত নাটক আছিল, ঝলমুৰিৰ দোকানখনত মাইক্ৰ’ফোন লগাই থোৱা আছিল,তাৰ পিছত, তেওঁ এছ পি জিক ঝলমুৰি প্ৰস্তুত কৰিবলৈ দিলে যাতে নাটক এখন মঞ্চস্থ কৰিব পৰা যায়!কেতিয়াবা নিৰ্বাচনৰ সময়ত গুহালৈ যায়। কেতিয়াবা তেওঁ নিজকে ‘চাইৱালা’ বুলি বৰ্ণনা কৰে!তেওঁ ১০ টকা দি ঝলমুৰি খালে— কল্পনা কৰকচোন।সকলোবোৰ নাটক আছিল”।
এনে বক্তব্যক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ৪ মে’ত মিঠাই বিতৰণ কৰা হ’ব আৰু ঝালমুৰিও বিতৰণ কৰা হ’ব।ৰাজ্যত বৰ্তমান প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে, আৰু তেওঁ সকলো ভোটাৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে ৰাইজক আহ্বান জনায় যে এইবাৰ ভোটাৰ ভোটদানৰ নতুন অভিলেখ গঢ়িব লাগে।
লগতে পঢ়ক: প্ৰধানমন্ত্ৰীক ‘সন্ত্রাসবাদী’ আখ্যা দি বিপদত AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে; নিৰ্বাচন আয়োগৰ জাননী









