“পহলগামত প্ৰাণ হেৰুওৱা সকলক পাহৰি যাব নোৱাৰি”; সন্ত্ৰাসবাদী আক্ৰমণৰ নিহতলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

“পহলগামত প্ৰাণ হেৰুওৱা সকলক পাহৰি যাব নোৱাৰি”; সন্ত্ৰাসবাদী আক্ৰমণৰ নিহতলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

যোৱা বছৰৰ আজিৰ দিনটোতে পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱা নিৰীহ লোকসকলক স্মৰণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। পহলগাম নৰসংহাৰ ঘটনাৰ এবছৰ সম্পূৰ্ণ হ’ল। সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণক সুঁৱৰি শোকস্তব্ধ হৈ পৰিছে দেশবাসী। এই ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা নিৰীহ লোকক জাতিটোৱে আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছে। পহলগাম আক্ৰমণত

যোৱা বছৰৰ আজিৰ দিনটোতে পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱা নিৰীহ লোকসকলক স্মৰণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

পহলগাম নৰসংহাৰ ঘটনাৰ এবছৰ সম্পূৰ্ণ হ’ল। সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণক সুঁৱৰি শোকস্তব্ধ হৈ পৰিছে দেশবাসী। এই ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা নিৰীহ লোকক জাতিটোৱে আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছে। পহলগাম আক্ৰমণত প্ৰাণ হেৰুওৱাসকলক শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত এটা পোষ্ট দিছে।

এক্সত পোষ্ট কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখিছে এই আক্ৰমণত নিহতসকলক কেতিয়াও পাহৰি যাব নোৱাৰি। যোৱা বছৰৰ আজিৰ দিনটোতে পহলগামত সংঘটিত হোৱা ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱাই পেলোৱা নিৰীহ লোকসকলক আমি মনত পেলাই আছো। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ,যিসকলে এই অপৰিসীম ক্ষতিৰ সন্মুখীন হৈছে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখিছে যে, “এই শোকৰ সময়ত সমগ্ৰ জাতিৰ সহানুভূতি শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতে আছে।এটা জাতি হিচাপে আমি শোক আৰু দৃঢ়তাৰে একত্ৰিত হৈ আছো। ভাৰতে কেতিয়াও কোনো ধৰণৰ সন্ত্ৰাসবাদৰ আগত শিৰনত নকৰে।সন্ত্ৰাসবাদীৰ জঘন্য পৰিকল্পনা কেতিয়াও সফল নহ’ব।

লগতে পঢ়ক: ভাৰতে নাপাহৰে… অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ পূৰ্বে ভাৰতীয় সেনাৰ বিশেষ বাৰ্তা