৪ মে'ত সমগ্ৰ বংগত সন্ত্ৰাসৰ ৰাজত্ব শেষ হ'ব: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দাবী

৪ মে’ত সমগ্ৰ বংগত সন্ত্ৰাসৰ ৰাজত্ব শেষ হ’ব: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দাবী

সমগ্ৰ বংগত গুণ্ডা আৰু সন্ত্ৰাসৰ ৰাজত্ব চলিছে, ৪ মে’ত ইয়াৰ অন্ত পৰিবঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মমতা বেনাৰ্জী চৰকাৰক তীব্ৰ আক্ৰমণ কৰি ৰাজ্যখনত “গুণ্ডাৰাজ আৰু সন্ত্ৰাসৰ ৰাজত্ব” চলি থকা বুলি অভিযোগ উত্থাপন কৰে আৰু ৪ মে’ৰ পিছত পৰিস্থিতি

সমগ্ৰ বংগত গুণ্ডা আৰু সন্ত্ৰাসৰ ৰাজত্ব চলিছে, ৪ মে’ত ইয়াৰ অন্ত পৰিবঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মমতা বেনাৰ্জী চৰকাৰক তীব্ৰ আক্ৰমণ কৰি ৰাজ্যখনত “গুণ্ডাৰাজ আৰু সন্ত্ৰাসৰ ৰাজত্ব” চলি থকা বুলি অভিযোগ উত্থাপন কৰে আৰু ৪ মে’ৰ পিছত পৰিস্থিতি সলনি হ’ব বুলি দাবী কৰে ।

তামুলিকত এখন জনসভাক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “সমগ্ৰ বংগত গুণ্ডা আৰু সন্ত্ৰাসৰ ৰাজত্ব চলিছে । ৪ মে’ত ইয়াৰ অন্ত পৰিব । আমি গুণ্ডা আৰু অপৰাধীসকলক থানালৈ আহি আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছে । ৪ মে’ৰ পিছত তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব ।”

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক মহিলাক অসন্মান কৰাৰো অভিযোগ উত্থাপন কৰে । তেওঁ কয়, “মহিলা সংৰক্ষণ বিধেয়কখন পৰাস্ত কৰি মমতা দিদিয়ে সকলো মাতৃ আৰু ভগ্নীক অপমান কৰিছে ।”

উল্লেখ্য য়ে, পশ্চিমবংগত ২৩ আৰু ২৯ এপ্ৰিলত দুটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ভোটগণনা হ’ব । পশ্চিমবংগত মুঠ ২৯৪খন বিধানসভা আসন আছে, য’ত সংখ্যাগৰিষ্ঠতাৰ বাবে ১৪৮খন আসনৰ প্ৰয়োজন । এই নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা পশ্চিম বংগত জোৰদাৰ প্ৰচাৰত ব্যস্ত আছে ।

লগতে পঢ়ক : “চৰবাসীক প্ৰদান কৰা হ’ব ভূমি”: ড০ হিমন্ত বিশ্ব শৰ্মা