দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত দেশৰ মহিলাসকলৰ ওচৰত ক্ষমা বিচাৰে প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত দেশৰ মহিলাসকলৰ ওচৰত ক্ষমা বিচাৰে । মহিলাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা দলসমূহৰ স্বাৰ্থপৰ ৰাজনীতিৰ বাবে তেওঁ প্ৰত্যক্ষভাৱে কংগ্ৰেছ, ডি এম কে, টি এম চি, সমাজবাদী পাৰ্টিক দোষাৰোপ কৰে ।
সংসদত যেতিয়া মহিলা সংৰক্ষণ বিধেয়ক ভোটদানৰ বাবে আহিছিল, তেতিয়া বিৰোধীয়ে বাধা দিছিল । কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলে বিধেয়কৰ বিৰুদ্ধে ভোট দিয়াত বিধেয়কখন গৃহীত নহ’ল । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই দলসমূহে বিভিন্ন অজুহাত দেখুৱাই দেশক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল । তেওঁ অভিযোগ কৰে যে কংগ্ৰেছ সদায় মহিলা সংৰক্ষণৰ বিৰোধী আৰু সদায় এনে প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰে ।
ক্ষমা খুজিলে প্ৰধানমন্ত্ৰী মোদীয়ে-
সকলো প্ৰচেষ্টা সত্ত্বেও বিধেয়কখন গৃহীত কৰিব পৰা নগ’ল বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । তেওঁ দেশৰ মাতৃ-ভগ্নীসকলৰ ওচৰত ইয়াৰ বাবে ক্ষমা বিচাৰে । তেওঁ কয় যে ভাৰতৰ নাৰীসকলৰ ক্ষমতা স্তব্ধ কৰি তেওঁলোকৰ সপোনবোৰ নিৰ্মমভাৱে প্ৰত্যাখ্যান কৰা হ’ল ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যেতিয়া একাংশ দলে ৰাষ্ট্ৰৰ স্বাৰ্থতকৈ নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে, তেতিয়া ইয়াৰ পৰিণাম মহিলা আৰু দেশে ভুগিবলগীয়া হয় । সংসদত যেতিয়া এই প্ৰস্তাৱ পৰাজিত হৈছিল, তেতিয়া একাংশ বিৰোধী দলে উল্লাস আৰু হাত চাপৰি বজাইছিল । এয়া কেৱল হাতচাপৰি নহয়, নাৰীৰ স্বাভিমান আৰু আত্মসন্মানৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ ।
লগতে দেশৰ মহিলাসকলে এই ঘটনা কেতিয়াও পাহৰিব নোৱাৰে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । এই নেতাসকল যেতিয়াই তেওঁলোকৰ মাজলৈ যাব তেতিয়াই তেওঁলোকে উত্তৰ দিব লাগিব । তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে মহিলাৰ অধিকাৰৰ বিৰোধিতা কৰাৰ বাবে এই দলসমূহে নিশ্চয়কৈ শাস্তি লাভ কৰিব আৰু জনসাধাৰণেও তেওঁলোকক এটা শিক্ষা দিব ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই বিধেয়কখনক বাধা দি বিৰোধীয়ে কেৱল নাৰীকে নহয়, সংবিধান প্ৰণয়নকাৰীসকলৰ আৱেগকো অপমান কৰিছে । তেওঁ কয় যে এই বিধেয়কখন একবিংশ শতিকাৰ ভাৰতীয় মহিলাসকলক এক নতুন সুযোগ আৰু নতুন উচ্চতা দিয়াৰ প্ৰয়াস ।
লগতে পঢ়ক : বিৰোধীৰ বাধাৰ বাবেই গৃহীত নহ’ল মহিলা সংৰক্ষণ বিধেয়ক, ক্ষুদ্ৰ ৰাজনীতি কৰাৰ অভিযোগ প্ৰধানমন্ত্ৰী মোদীৰ









