ইছলামাবাদৰ পৰা সংবাদ মাধ্যমক সম্বোধন কৰি ভান্সে কয় যে ২১ ঘণ্টা ধৰি চলা আলোচনাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হৈছিল, যদিও কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নগ’ল
ফলাফল বিহীন ভাৱেই সমাপ্ত হ’ল আমেৰিকা-ইৰান আলোচনা । পাকিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত কেইবা ঘণ্টা ধৰি চলা আলোচনাৰ অন্তত দেওবাৰে এক অচলাৱস্থাৰ সৃষ্টি হয় । আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সে কয় যে ইৰানৰ সৈতে হোৱা আলোচনাত কোনো চুক্তিত উপনীত হ’ব পৰা নগ’ল । তেওঁ কয় যে তেওঁলোক আমেৰিকালৈ উভতি যাব যদিও এই ঘটনাটো আমেৰিকাতকৈ ইৰানৰ বাবেহে অধিক “বেয়া খবৰ”।
ইছলামাবাদৰ পৰা সংবাদ মাধ্যমক সম্বোধন কৰি ভান্সে কয় যে ২১ ঘণ্টা ধৰি চলা আলোচনাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হৈছিল, যদিও কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নগ’ল । তেওঁ কয়, “আমাৰ ইৰানৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সন্মতি হৈছে— সেয়া এক ভাল খবৰ । কিন্তু বেয়া খবৰটো হ’ল যে আমি কোনো চুক্তিত উপনীত হ’ব পৰা নাই । এইটো আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ ইৰানৰ বাবেহে অধিক বেয়া খবৰ ।”
ভান্সে কয়, “আমি কোনো চুক্তিত উপনীত নোহোৱাকৈয়ে আমেৰিকালৈ উভতি গৈ আছোঁ ।” তেওঁ কয় যে আমেৰিকাই নিজৰ চৰ্ত আৰু যিবোৰ বিষয়ত আপোচ কৰিবলৈ সাজু আছিল সেয়া স্পষ্ট কৰি দিছিল, কিন্তু ইৰানে “আমাৰ চৰ্তসমূহ গ্ৰহণ নকৰাৰ সিদ্ধান্ত ল’লে”।
সংবাদ মাধ্যমৰ উত্তৰত ভান্সে পুনৰবাৰ কয় যে ৱাশ্বিংটনে তেহৰানৰ পৰা এইটো নিশ্চিত কৰিব বিচাৰিছিল যে তেওঁলোকে পাৰমাণৱিক অস্ত্ৰ আৰু সেয়া প্ৰস্তুত কৰাৰ আহিলাসমূহ সংগ্ৰহৰ চেষ্টা নকৰে । তেওঁ লগতে কয়, “আমি এনে এটা পৰ্যায়লৈ যাব নোৱাৰিলোঁ য’ত ইৰানে আমাৰ চৰ্ত মানি ল’বলৈ সাজু আছিল ।” তেওঁ উল্লেখ কৰে যে আমেৰিকা যথেষ্ট “নমনীয় আৰু সহায়ক” হোৱা স্বত্বেও আলোচনা আগুৱাই নিব পৰা নগ’ল ।
ভান্সে কয়, “আমি ইয়াৰ পৰা এটা অতি সৰল প্ৰস্তাৱ লৈ ওলাই আহিছো- বুজাবুজিৰ এক পদ্ধতি যিটো আমাৰ অন্তিম আৰু সৰ্বশ্ৰেষ্ঠ প্ৰস্তাৱ । এতিয়া ইৰানে ইয়াক গ্ৰহণ কৰে নে নকৰে সেয়া চাবলগীয়া হ’ব ।”
সংবাদমেলৰ সময়ত ভান্সে উল্লেখ কৰে যে তেওঁ সমগ্ৰ আলোচনাৰ সময়ছোৱাত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ লগতে ৰাজ্যিক সচিব মাৰ্কো ৰুবিঅ’, যুদ্ধ সচিব পিট হেগচেথ, কোষাগাৰ সচিব স্কট বেচেণ্ট আৰু আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ কমাণ্ডাৰ এডমিৰেল ব্ৰেড কুপাৰৰ দৰে কেইবাজনো শীৰ্ষ আমেৰিকান বিষয়াৰ সৈতে “নিৰন্তৰ” যোগাযোগত আছিল । ভান্সে কয়, “আমি দলটোৰ সৈতে নিৰন্তৰ যোগাযোগত আছিলোঁ কাৰণ আমি সৎ ভাৱে আলোচনা কৰিছিলোঁ ।”
লগতে পঢ়ক : ইছলামাবাদত আৰম্ভ আমেৰিকা-ইৰাণ শান্তি আলোচনা









