বৈভৱ সূৰ্যবংশীয়ে আই পি এল ২০২৬ ৰ আৰ চি বিৰ বিৰুদ্ধে ৭৮ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল।খেলৰ অন্তত বিৰাট কোহলীয়ে বিশেষ বাৰ্তা লিখি বৈভৱক প্ৰশংসা কৰে।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ত এটা নতুন কাহিনী লিখা হৈছে, আৰু ইয়াৰ নাম হৈছে বৈভৱ সূৰ্যবংশী।এই ১৫ বছৰীয়া বেটছমেন গৰাকীয়ে যি কাম কৰিছে, সেয়া চিনেমাৰ চিত্ৰনাট্যতকৈ কম নহয়।
শুকুৰবাৰে বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা মেচখনত ৰাজস্থান ৰয়েলছৰ এই যুৱ অ’পেনাৰগৰাকীয়ে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে ২০২ ৰানৰ বৃহৎ লক্ষ্য খেদি মেচখনক একপক্ষীয় কৰি তুলে। ২৬টা বলত তেওঁৰ ৭৮ ৰানৰ ইনিংছে আৰচিবিৰ বলাৰসকলৰ সমগ্ৰ ৰণনীতি ধ্বংস কৰে।

আৰম্ভণিৰে পৰাই আক্ৰমণাত্মকভাৱে বেটিং কৰি বৈভৱ সূৰ্যবংশীয়ে পাৱাৰপ্লেৰ ভিতৰতে মেচখনৰ গতিপথ নিৰ্ধাৰণ কৰিছিল।ভুৱনেশ্বৰ কুমাৰ আৰু জোছ হেজলউডৰ দৰে অভিজ্ঞ বলাৰো তেওঁৰ সন্মুখত তিস্তিব পৰা নাছিল।

বৈভৱ সূৰ্যবংশীৰ এই দুৰ্দান্ত প্ৰদৰ্শনে বিৰাট কোহলীকো আকৰ্ষিত কৰে। মেছখন শেষ হোৱাৰ পিছত বিৰাট কোহলীৰ পৰা অটোগ্ৰাফ ললে সূৰ্যবংশীয়ে।ৰাজস্থানৰ কেপটোত কোহলীয়ে লিখিছে—প্ৰিয় বৈভৱ,উৎকৃষ্ট প্ৰদৰ্শন(Dear Vaibhav, well done) । মেছেজটো সৰু আছিল যদিও ইয়াৰ তাৎপৰ্য অপৰিসীম আছিল।
লগতে পঢ়ক: ‘মই বলটো হে চাওঁ, বলাৰক নহয়’; ২৬টা বলত ৭৮ ৰান সংগ্ৰহ কৰি প্ৰতিক্ৰিয়া বৈভৱ সূৰ্যবংশীৰ









