ইয়াৰ পূৰ্বে অসম আৰু পুডুচেৰীত সৰ্বাধিক ভোটদানৰ হাৰ আছিল ক্ৰমে ৮৪.৬৭ শতাংশ (২০১৬) আৰু ৮৬.১৯ শতাংশ (২০১১)
বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত অসমে ৮৫.৩৮ শতাংশ আৰু পুডুচেৰীয়ে ৮৯.৮৩ শতাংশ ভোটদানৰ হাৰেৰে নিজৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে । কেৰালাতো ভোটদানৰ হাৰ যথেষ্ট বেছি আছিল, য’ত ৭৮.০৩ শতাংশ ভোটদান সাব্যস্ত হয় । ইয়াৰ লগতে বৃহস্পতিবাৰৰ দিনটোত তিনিখন ৰাজ্যৰ চাৰিটা সমষ্টিত উপ-নিৰ্বাচনো অনুষ্ঠিত হয় ।
বৃহস্পিতবাৰে পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয় । নিৰ্বাচন আয়োগে জনোৱা মতে, কেইটামান সৰু-সুৰা ঘটনাৰ বাহিৰে ভোটদান প্ৰক্ৰিয়া “শান্তিপূৰ্ণ” আছিল । এক প্ৰেছ বিজ্ঞপ্তিযোগে নিৰ্বাচন আয়োগে জনায় যে ইয়াৰ পূৰ্বে অসম আৰু পুডুচেৰীত সৰ্বাধিক ভোটদানৰ হাৰ আছিল ক্ৰমে ৮৪.৬৭ শতাংশ (২০১৬) আৰু ৮৬.১৯ শতাংশ (২০১১) ।
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ লগতে নিৰ্বাচন আয়ুক্ত ড০ এছ এছ সান্ধু আৰু ড০ বিবেক যোশীয়ে লাইভ-ৱেবকাষ্টিঙৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়া নিৰীক্ষণ কৰে । অসম, কেৰালা আৰু পুডুচেৰীত পোনপ্ৰথমবাৰৰ বাবে ১০০ শতাংশ ভোটকেন্দ্ৰতে লাইভ-ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছিল । জ্ঞানেশ কুমাৰে তেওঁৰ মন্তব্যত কয় যে ২০২৬ চনৰ অসম, কেৰালা আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচন কেৱল ভাৰতৰে নহয়, সমগ্ৰ গণতান্ত্রিক বিশ্বৰ বাবে এক ঐতিহাসিক ক্ষণ ।
অসম, কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ মুঠ ২৯৬টা বিধানসভা সমষ্টিৰ ৫.৩১ কোটিৰো অধিক ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । ইয়াৰ লগতে কৰ্ণাটক, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ চাৰিটা বিধানসভা সমষ্টিতো উপ-নিৰ্বাচন অনুষ্ঠিত হয় । আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচন দৰ্শক কাৰ্যসূচীৰ (IEVP) অংশ হিচাপে ২২খন দেশৰ ৩৮গৰাকী প্ৰতিনিধিয়ে এই নিৰ্বাচনী প্ৰক্ৰিয়া প্ৰত্যক্ষ কৰে ।
প্ৰায় ২.৫ লাখতকৈ অধিক নিৰ্বাচনী কৰ্মী ভোটগ্ৰহণৰ নিশাই নিজ নিজ ভোটকেন্দ্ৰত উপস্থিত হয় । বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পূৰ্বে ১৮৯৯ গৰাকী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীয়ে নিযুক্তি দিয়া ১.৮ লাখতকৈ অধিক পোলিং এজেণ্টৰ উপস্থিতিত মক পোল সম্পন্ন কৰা হয় আৰু তাৰ পিছতে ৬৩,০৮৪টা ভোটকেন্দ্ৰত একেলগে ভোটগ্ৰহণ আৰম্ভ হয় । নিৰ্বাচন আয়োগৰ শেহতীয়া নিৰ্দেশনা অনুসৰি, প্ৰিজাইডিং বিষয়াসকলে ভোটগ্ৰহণ সমাপ্ত হোৱাৰ লগে লগে ভোটদানৰ পৰিসংখ্যা আপডেট কৰে, যাৰ ফলত তথ্য লাভত বিলম্ব হোৱা নাছিল ।
এই নিৰ্বাচনত কেইবাটাও নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, যেনে ইভিএমত প্ৰাৰ্থীৰ ৰঙীন ফটো, ম’বাইল ডিপজিট ফেচিলিটি (MDF), নতুনকৈ ডিজাইন কৰা ভোটাৰ তথ্য স্লিপ আৰু প্ৰতিটো ভোটকেন্দ্ৰত ভোটাৰৰ সংখ্যা ১২০০ জনলৈ সীমিত কৰা । দিব্যাংগ ভোটাৰসকলৰ বাবে হুইলচেয়াৰ, স্বেচ্ছাসেৱক আৰু পৰিবহনৰ সুবিধাও প্ৰদান কৰা হৈছিল ।
ইফালে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে কয় যে “আমাৰ মাটি, আমাৰ পৰিচয় আৰু আমাৰ সংস্কৃতিক অবৈধ অনুপ্ৰৱেশৰ পৰা ৰক্ষা কৰিবলৈ” মানুহে ভোট দিছে ।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত তেওঁ কয়, “আজি পোনপ্ৰথমবাৰৰ বাবে আমাৰ লোকসকলে অভূতপূৰ্ব সংখ্যাত ওলাই আহিছে— কান্ধত কান্ধ মিলাই ভোট দিছে আৰু আমাৰ প্ৰতিপক্ষৰ ভোটদানৰ হাৰকো অতিক্ৰম কৰিছে । বহু ভোটকেন্দ্ৰত ভোটদানৰ হাৰ ৯৫ শতাংশ অতিক্ৰম কৰিছে । এয়া সাধাৰণ নহয়, এয়া ঐতিহাসিক । অসমে ভাষা আৰু জাতিৰ ঊৰ্ধলৈ উঠিছে । আমাৰ মানুহে এক স্পষ্ট সংকল্পৰে ভোট দিছে— আমাৰ মাটি, আমাৰ পৰিচয় আৰু আমাৰ সংস্কৃতিক অবৈধ অনুপ্ৰৱেশ আৰু জনগাঁথনিগত আগ্ৰাসনৰ পৰা সুৰক্ষিত কৰিবলৈ ।” তেওঁ লগতে কয়, “বাৰ্তাটো স্পষ্ট: অসমে আত্মসমৰ্পণ নকৰে । অসমে যুঁজিব । অসম জীয়াই থাকিব । অসমে ধৈৰ্যৰে টিকি থাকিব ।”
লগতে পঢ়ক : ‘আমি গৌৰৱী অসমীয়া কিন্তু গৌৰৱ গগৈ গৌৰৱী অসমীয়া নহয়’; কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰীৰ









