ভোটদানৰ অভিলেখ; প্ৰায় ৮৫ শতাংশ ভোটাৰৰ ভোটাধিকাৰ সাব্যস্ত

ভোটদানৰ অভিলেখ; প্ৰায় ৮৫ শতাংশ ভোটাৰৰ ভোটাধিকাৰ সাব্যস্ত

সামৰণি পৰিল অসম বিধানসভা নিৰ্বাচনৰ ১২৬টা সমষ্টিৰ ভোটগ্ৰহণ। পুৱাৰে পৰা প্ৰতিটো ভোটকেন্দ্ৰতে দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছিল। ৰাজ্যত অভিলেখ ভংগ কৰি সন্ধিয়া ৫ বজালৈকে ৮৪.৪২% ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে। ৫ বজাৰ লগে লগে সামৰণি পৰিল অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।পুৱা ৭ বজাৰ পৰা ভোটকেন্দ্ৰ সমূহত

সামৰণি পৰিল অসম বিধানসভা নিৰ্বাচনৰ ১২৬টা সমষ্টিৰ ভোটগ্ৰহণ। পুৱাৰে পৰা প্ৰতিটো ভোটকেন্দ্ৰতে দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছিল। ৰাজ্যত অভিলেখ ভংগ কৰি সন্ধিয়া ৫ বজালৈকে ৮৪.৪২% ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে।

৫ বজাৰ লগে লগে সামৰণি পৰিল অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।পুৱা ৭ বজাৰ পৰা ভোটকেন্দ্ৰ সমূহত দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছিল। ৰাজ্যত অভিলেখ ভংগ কৰি সন্ধিয়া ৫ বজালৈকে ৮৪.৪২% ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে। EVM ত বন্দী হ’ল ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।ইয়াৰ মাজতে ৰাজ্যৰ কেইবাটাও ভোটকেন্দ্ৰত পুৱাই ইভিএম বিকল হয়। যাৰ ফলত ভোটগ্ৰহণ প্ৰক্ৰিয়াত কিছু বিলম্ব হয়।

এইবেলি নিৰ্বাচনত ভোটদানৰ হাৰে অখিলেখ সৃষ্টি কৰিছে। সন্ধিয়া ৫ বজালৈ  সৃজনগ্ৰামত সৰ্বাধিক ৯৪.৩৩ শতাংশ ভোটদান হয়। আনহাতে মানকাচৰত ৯৪.০৮ শতাংশ, বঙাইগাঁও, বৰপেটা, গোৱালপাৰাত ৯১ শতাংতকৈয়ো অধিক, দৰং, ধুবুৰীত ৯০ শতাংশ, ধিঙত ৯০ শতাংশ ভোটদান সাব্যস্ত কৰা হয়।

অৱশ্যে এতিয়াও বহু ভোটকেন্দ্ৰত দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে।ভোটদানৰ হাৰ আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সকলো বয়সৰ ভোটাৰে অবিশ্বাস্য ভাৱে সঁহাৰি জনোৱা দেখিবলৈ পোৱা গ’ল। বিগত ২৫ বছৰৰ ভিতৰত সৰ্বাধিক ভোটগ্ৰহণ হৈছিল ২০১৬ চনত। জিলা ভিত্তিত কাৰ্বি আংলঙত সৰ্বনিম্ন ৭৫.৪২% ভোটদান সাব্যস্ত কৰে।  

উল্লেখযোগ্য যে ১২৬টা সমষ্টিত ৭২২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৰাজ্যৰ ২ কোটি ৪৯ লাখ ৫৮ হাজাৰ ১৩৯গৰাকী ভোটাৰে। তাৰে ১ কোটি ২৪ লাখ ৮২ হাজাৰ ২১৩গৰাকী পুৰুষ ভোটাৰ আৰু ১ কোটি ২৪ লাখ ৭৫হাজাৰ ৫৮৩গৰাকী মহিলা ভোটাৰ।আনহাতে ৩৪৩ গৰাকী তৃতীয় লিংগ ভোটাৰ আছে।

লগতে পঢ়ক: সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই