কোকৰাঝাৰৰ সেৰফাংগুৰিৰ কলবাৰীত মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। ভোট দিবলৈ গৈ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল মাতৃ-পুত্ৰৰ।
কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰি থানাৰ অন্তৰ্গত কলবাৰীত এক শোকাৱহ ঘটনা সংঘটিত হৈছে।ভোট দিবলৈ গৈ থকা সময়তে এখন ট্ৰাকৰ খুন্দাত নিহত হয় মাতৃ-পুত্ৰ। নিহত মাতৃ-পুত্ৰৰ ঘৰ কোকৰাঝাৰৰ লুংচুং বনাঞ্চলত।
জানিব পৰা মতে AS15 W 5014 বাইকখনেৰে দুই মাতৃ-পুত্ৰই ভোটকেন্দ্ৰলৈ গৈ আছিল। সেই সময়তে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলবাৰীত তীব্ৰবেগ অহা এখন ট্ৰাকে খুন্দা মাৰে বাইকখনত। নিহত দুজন ক্ৰমে বিনোদ টুডু আৰু ফুলমনি বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক: যোৰহাটৰ স্থায়ী বাসিন্দা হৈ প্ৰথমবাৰৰ বাবে ভোটদান কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ









