‘UCC আনি অনুপ্ৰৱেশকাৰীক ৪ বাৰ বিয়া পতা বন্ধ কৰা হ’ব’; অসমত নিৰ্বাচনী প্ৰচাৰ চলাই অমিত শ্বাহৰ হুংকাৰ

‘UCC আনি অনুপ্ৰৱেশকাৰীক ৪ বাৰ বিয়া পতা বন্ধ কৰা হ’ব’; অসমত নিৰ্বাচনী প্ৰচাৰ চলাই অমিত শ্বাহৰ হুংকাৰ

দুধনৈত নিৰ্বাচনী সভাত শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে UCC ক লৈ ডাঙৰ মন্তব্য কৰিছে। গৃহমন্ত্ৰী গৰাকীয়ে কয় যে অসমত যিকোনো প্ৰকাৰে UCC অনা হ’ব। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে মাত্ৰ চাৰিটা দিন বাকী আছে।ইয়াৰ পূৰ্বে শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে অসমক লৈ এক বৃহৎ বক্তব্য আগবঢ়ায়। দুধনৈত

দুধনৈত নিৰ্বাচনী সভাত শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে UCC ক লৈ ডাঙৰ মন্তব্য কৰিছে। গৃহমন্ত্ৰী গৰাকীয়ে কয় যে অসমত যিকোনো প্ৰকাৰে UCC অনা হ’ব।

ৰাজ্যত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে মাত্ৰ চাৰিটা দিন বাকী আছে।ইয়াৰ পূৰ্বে শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে অসমক লৈ এক বৃহৎ বক্তব্য আগবঢ়ায়। দুধনৈত নিৰ্বাচনী সভাত অমিত শ্বাহে কয় যে, অহা ৪ মে’ত অসমত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত ইউনিফৰ্ম চিভিল কোড(UCC) কাৰ্যকৰী হ’ব। UCC কাৰ্যকৰী হ’লেই অসমত কোনো অনুপ্ৰৱেশকাৰীয়ে চাৰিবাৰ বিবাহ কৰিব নোৱাৰিব।প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে এক বিস্তৃত ৰোডমেপ প্ৰস্তুত কৰিছে। অসমত বিজেপি পুনৰ ক্ষমতালৈ আহিলেহে এই ৰোডমেপ বাস্তৱায়িত হ’ব।

গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত অনুপ্ৰৱেশকাৰীক নিষ্পত্তি কৰিবলৈ নীতি প্ৰণয়ন কৰা হৈছিল।অনুপ্ৰৱেশৰ খবৰ পোৱাৰ পিছটো চৰকাৰ খনে চকুমুদি আছিল, কিন্তু এতিয়া তেনেকুৱা নহয়। আমি অসমৰ জনগাঁথনি সলনি হ’বলৈ নিদিওঁ৷ইয়াৰ বাবে অসমত পুনৰবাৰ বিজেপি চৰকাৰ নিৰ্বাচিত হোৱাটো দৰকাৰ। মই অসমবাসীক আহ্বান কৰো যে তেওঁলোকে প্ৰতিখন আসনতে ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলৰ প্ৰাৰ্থী সকলৰ বিজয় সুনিশ্চিত কৰিব লাগে।যাতে, অসমৰ পৰা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰি অসমৰ খিলঞ্জীয়া লোকসকলৰ জীৱন আগতকৈও অধিক উন্নত কৰিব পৰা যায়।

লগতে পঢ়ক: ‘ৰাঘৱ চাড্ডাই কম্প্ৰমাইজ কৰিছে…’; ৰাঘৱ চাড্ডাক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ