এভাৰেষ্টত ২ কোটি ডলাৰৰ বীমা কেলেংকাৰী, শ্বেৰপাৰ দ্বাৰা পৰ্বতাৰোহীক অসুস্থ কৰাৰ অভিযোগ

এভাৰেষ্টত ২ কোটি ডলাৰৰ বীমা কেলেংকাৰী, শ্বেৰপাৰ দ্বাৰা পৰ্বতাৰোহীক অসুস্থ কৰাৰ অভিযোগ

য’ত মানুহে নিজৰ জীৱন বিপন্ন কৰি মাউণ্ট এভাৰেষ্টত আৰোহণ কৰে, তাত ধনৰ লোভত পৰিচালিত একাংশ ব্যক্তিয়ে এক বিপদজনক খেল খেলাৰ অভিযোগ উত্থাপন হৈছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ যোৱা পৰ্বতাৰোহীৰ সৈতে জড়িত প্ৰৱঞ্চনাৰ এটা ডাঙৰ গোচৰ পোহৰলৈ আহিছে । য’ত মানুহে নিজৰ জীৱন বিপন্ন কৰি মাউণ্ট

য’ত মানুহে নিজৰ জীৱন বিপন্ন কৰি মাউণ্ট এভাৰেষ্টত আৰোহণ কৰে, তাত ধনৰ লোভত পৰিচালিত একাংশ ব্যক্তিয়ে এক বিপদজনক খেল খেলাৰ অভিযোগ উত্থাপন হৈছে

মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ যোৱা পৰ্বতাৰোহীৰ সৈতে জড়িত প্ৰৱঞ্চনাৰ এটা ডাঙৰ গোচৰ পোহৰলৈ আহিছে । য’ত মানুহে নিজৰ জীৱন বিপন্ন কৰি মাউণ্ট এভাৰেষ্টত আৰোহণ কৰে, তাত ধনৰ লোভত পৰিচালিত একাংশ ব্যক্তিয়ে এক বিপদজনক খেল খেলাৰ অভিযোগ উত্থাপন হৈছে । দুই কোটি ডলাৰৰ বীমা কেলেংকাৰি সংঘটিত কৰিবলৈ পৰ্বতাৰোহীক বিষক্ৰিয়া কৰাৰ অভিযোগ উত্থাপন হৈছে এভাৰেষ্ট শ্বেৰপাৰ বিৰুদ্ধে । বিষক্ৰিয়াৰ উদ্দেশ্য পৰ্বাতাৰোহীক হত্যা কৰা নহয়, বৰঞ্চ ইচ্ছাকৃতভাৱে তেওঁলোকক অসুস্থ কৰি মোটা অংকৰ ধন ঘটাৰ উদ্দেশ্য আছিল ।

কাঠমাণ্ডু পোষ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই বিষয়ত নেপাল আৰক্ষীয়ে কেৱল এজন বা দুজন নহয়, ৩২জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । ইয়াৰ ভিতৰত ট্ৰেকিং কোম্পানী, হেলিকপ্টাৰ অপাৰেটৰ, চিকিৎসালয়ৰ জ্যেষ্ঠ বিষয়া আদিও অন্তৰ্ভুক্ত আছে । এই আটাইকেইজনৰ বিৰুদ্ধে সংগঠিত অপৰাধ আৰু জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে ।

তদন্তত যিখিনি পোহৰলৈ আহিছে সেয়া ভয়ংকৰ । তদন্তকাৰী বিষয়াসকলে প্ৰকাশ কৰে যে ট্ৰেকিং এজেন্সীৰ সৈতে কাম কৰা একাংশ শ্বেৰপাই পৰ্তাৰোহীৰ খাদ্যত গোপনে বেকিং চ’ডা মিহলাইছিল । অত্যধিক পৰিমাণৰ বেকিং চ’ডা খালে পৰ্বতাৰোহীসকল অসুস্থ হৈ পৰিব, যাৰ ফলত পেটৰ তীব্ৰ বিষ আৰু বমি হ’ব । এই লক্ষণসমূহ অতিশয় উচ্চতাত দেখা দিয়া ৰোগ বা খাদ্যৰ বিষক্ৰিয়াৰ দৰেই হয় ।

যেতিয়া এজন পৰ্বতাৰোহী অসুস্থ হৈ পৰে তেতিয়া তেওঁলোকক তৎক্ষণাত জৰুৰীকালীন হেলিকপ্টাৰেৰে তললৈ নামিবলৈ হেঁচা প্ৰয়োগ কৰা হয় । পাহাৰত হেলিকপ্টাৰ ভাড়া বহু বেছি হয় । পৰ্বতাৰোহীসকল নিজৰ জীৱন ৰক্ষাৰ বাবে তললৈ নামিবলৈ ইচ্ছুক হ’লেও ইয়াৰ আচল উদ্দেশ্য আছিল আন্তঃৰাষ্ট্ৰীয় বীমা কোম্পানীসমূহৰ পৰা ধন আদায় কৰা । এই ব্যক্তিসকলে ভুৱা হেলিকপ্টাৰ আৰু চিকিৎসালয়ৰ বিল আৰু চিকিৎসাৰ নথি প্ৰস্তুত কৰিছিল, তাৰ পিছত বীমা কোম্পানীসমূহৰ পৰা বৃহৎ পৰিমাণৰ ধন আদায় কৰিছিল । এই ধন শ্বেৰপা, হেলিকপ্টাৰ কোম্পানী, ট্ৰেকিং এজেন্সী আৰু চিকিৎসালয়ৰ মাজত ভাগ কৰা হৈছিল ।

এই কেলেংকাৰী উন্মোচিত হৈছিল জানুৱাৰী মাহত যেতিয়া তিনিটা বৃহৎ উদ্ধাৰ কোম্পানীৰ ছয়জন বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল । তদন্তত প্ৰকাশ পাইছে যে এটা কোম্পানীয়ে চৰম পৰ্যায়লৈ গৈছিল । ইয়াত ১২৪৮টা উদ্ধাৰৰ দাবী কৰা হৈছে, ইয়াৰে ১৭১টা সম্পূৰ্ণ প্ৰৱঞ্চনামূলক । কেৱল এই কোম্পানীটোৱেই সংস্থাটোক এক কোটি ডলাৰৰ ওপৰত প্ৰতাৰণা কৰিছিল । আন এটা কোম্পানীয়েও ৭৫টা ভুৱা উদ্ধাৰৰ ৰিপৰ্ট দি প্ৰায় ৮০ লাখ ডলাৰ দাবী কৰিছিল, আনহাতে তৃতীয়টো কোম্পানীয়ে ১০ লাখ ডলাৰৰ ওপৰৰ ভুৱা দাবী কৰিছিল ।

এই কেলেংকাৰীয়ে নেপালৰ পৰ্যটন খণ্ডক বিশ্বজুৰি বদনামী কৰি তুলিছে । কেইবাটাও বৃহৎ আন্তঃৰাষ্ট্ৰীয় বীমা কোম্পানীয়ে এতিয়া নেপাল ভ্ৰমণ কৰা পৰ্যটকৰ বীমা কৰা বন্ধ কৰি দিছে । ইয়াৰ পূৰ্বেও চৰকাৰে মধ্যভোগীক নিৰ্মূল কৰিবলৈ নিয়ম প্ৰণয়ন কৰিছিল যদিও নেপাল আৰক্ষীৰ বিষয়াসকলে কয় যে যদিহে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে এনে কেলেংকাৰীৰ ধাৰাবাহিকতা অব্যাহত থাকিব ।

লগতে পঢ়ক : আমেৰিকাৰ অত্যধুনিক এফ-৩৫ যুদ্ধ বিমান ধ্বংস কৰাৰ দাবী ইৰাণৰ