ইৰাণক পুনৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ, খাৰ্গ দ্বীপ ধ্বংস কৰি দিয়াৰ হুংকাৰ

ইৰাণক পুনৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ, খাৰ্গ দ্বীপ ধ্বংস কৰি দিয়াৰ হুংকাৰ

যদিহে হৰমুজ প্ৰণালী বাণিজ্যৰ বাবে মুকলি নহয়, তেন্তে ইৰাণৰ সকলো বিদ্যুৎ কেন্দ্ৰ, তেলৰ কূপ আৰু খাৰ্গ দ্বীপ সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়াৰ হুংকাৰ ট্ৰাম্পৰ সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁৰ দেশে ইৰাণত সামৰিক অভিযান শেষ কৰিবলৈ অধিক বুদ্ধিমান শাসন ব্যৱস্থাৰ সৈতে গুৰুত্বসহকাৰে আলোচনা কৰি

যদিহে হৰমুজ প্ৰণালী বাণিজ্যৰ বাবে মুকলি নহয়, তেন্তে ইৰাণৰ সকলো বিদ্যুৎ কেন্দ্ৰ, তেলৰ কূপ আৰু খাৰ্গ দ্বীপ সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়াৰ হুংকাৰ ট্ৰাম্পৰ

সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁৰ দেশে ইৰাণত সামৰিক অভিযান শেষ কৰিবলৈ অধিক বুদ্ধিমান শাসন ব্যৱস্থাৰ সৈতে গুৰুত্বসহকাৰে আলোচনা কৰি আছে ।

এই দিশত যথেষ্ট অগ্ৰগতি লাভ কৰা বুলিও তেওঁ কয় । ট্ৰাম্পে কয়- কিন্তু যদি কোনো কাৰণত সোনকালে কোনো চুক্তিত উপনীত নহয় (যিটো অতি সম্ভাৱনাপূৰ্ণ) আৰু যদিহে হৰমুজ প্ৰণালী বাণিজ্যৰ বাবে মুকলি নহয়, তেন্তে আমি তেওঁলোকৰ সকলো বিদ্যুৎ কেন্দ্ৰ, তেলৰ কূপ আৰু খাৰ্গ দ্বীপ সম্পূৰ্ণৰূপে ধ্বংস কৰি দিম, যিবোৰ আমি ইচ্ছাকৃতভাৱে এতিয়াও স্পৰ্শ কৰা নাই । তেওঁ লিখিছে যে ইয়াৰ প্ৰতিশোধ হ’ব পূৰ্বৰ শাসন ব্যৱস্থাৰ ৪৭ বছৰীয়া সন্ত্ৰাসবাদৰ সময়ত ইৰাণে নিৰ্মমভাৱে হত্যা কৰা অগণন সৈনিক আৰু আন লোকৰ বাবে ।

ইয়াৰ পূৰ্বে স্পেইনে আমেৰিকাৰ যুদ্ধ বিমানৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল । স্পেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্গাৰিটা ৰবলেছে কয় যে আমি ইৰাণৰ সৈতে হোৱা যুদ্ধৰ সৈতে জড়িত কোনো কাৰ্য্যৰ বাবে সামৰিক ঘাটি বা আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি নিদিওঁ । এই পদক্ষেপৰ বিষয়ে প্ৰথমে স্পেইনৰ এল পেইছ কাকতত প্ৰকাশ পাইছিল, য’ত সামৰিক সূত্ৰৰ উদ্ধৃতি দিয়া হৈছিল ।

প্ৰতিবেদন অনুসৰি এই নিষেধাজ্ঞাৰ ফলত পশ্চিম এছিয়াৰ লক্ষ্যস্থানলৈ যোৱা সামৰিক বিমানে নাটোৰ সদস্য স্পেইনৰ মাজেৰে পাৰ হোৱাৰ পৰিৱৰ্তে বিকল্প পথ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব । অৱশ্যে জৰুৰীকালীন পৰিস্থিতিত এই আকাশমাৰ্গ বন্ধৰ নিয়ম প্ৰযোজ্য নহ’ব । ইয়াৰ পূৰ্বে দেওবাৰে ট্ৰাম্পে কিউবাক আক্ৰমণ কৰাৰ ভাবুকি দিছিল ।

লগতে পঢ়ক : ৯৪০০০ টন গেছ লৈ হৰমুজ অতিক্ৰম কৰি ভাৰত অভিমুখে দুখনকৈ জাহাজ

শেহতীয়া প্ৰৱন্ধসমূহ