৫৪ বছৰৰ পাছত চন্দ্ৰলৈ… ১ এপ্ৰিলত ঐতিহাসিক উৎক্ষেপণ

৫৪ বছৰৰ পাছত চন্দ্ৰলৈ… ১ এপ্ৰিলত ঐতিহাসিক উৎক্ষেপণ

এই অভিযানত চন্দ্ৰত অৱতৰণ নহ’ব; বৰঞ্চ চন্দ্ৰৰ ওচৰত পৰা প্ৰদক্ষিণ কৰি উভতি আহিব ছয় দশক পূৰ্বে এপ’ল’ অভিযানত চন্দ্ৰ কেনেকৈ গঠন হৈছিল সেই কথা প্ৰকাশ পাইছিল । এতিয়া নাছাৰ আৰ্টেমিছ অভিযানে অন্বেষণৰ এক নতুন যুগৰ সূচনা কৰিবলৈ সাজু হৈছে । নাছাই ঘোষণা কৰিছে যে আৰ্টেমিছ-২

এই অভিযানত চন্দ্ৰত অৱতৰণ নহ’ব; বৰঞ্চ চন্দ্ৰৰ ওচৰত পৰা প্ৰদক্ষিণ কৰি উভতি আহিব

ছয় দশক পূৰ্বে এপ’ল’ অভিযানত চন্দ্ৰ কেনেকৈ গঠন হৈছিল সেই কথা প্ৰকাশ পাইছিল । এতিয়া নাছাৰ আৰ্টেমিছ অভিযানে অন্বেষণৰ এক নতুন যুগৰ সূচনা কৰিবলৈ সাজু হৈছে । নাছাই ঘোষণা কৰিছে যে আৰ্টেমিছ-২ অভিযান সম্পূৰ্ণৰূপে প্ৰস্তুত, কোনো কাৰিকৰী সমস্যা নাই । ইতিহাস ৰচনা কৰা এই উৎক্ষেপণ ১ এপ্ৰিলত হ’ব । এই অভিযানত চাৰিজন মহাকাশচাৰীয়ে চন্দ্ৰক প্ৰদক্ষিণ কৰিব । ১৯৭২ চনৰ পিছত প্ৰথমবাৰৰ বাবে মানুহে ইমান দূৰলৈ যাত্ৰা কৰিবৱলৈ সাজু হৈছে ।

শুকুৰবাৰে নাছাৰ চাৰিজন মহাকাশচাৰীয়ে ফ্ল’ৰিডাত উপস্থিত হয় আৰু ইয়াৰ পিছতে এতিয়া এই অভিযানৰ চূড়ান্ত প্ৰস্তুতি আৰম্ভ কৰিছে । কামাণ্ডাৰ ৰিড ৱাইজমেন, পাইলট ভিক্টৰ গ্লভাৰ আৰু ক্ৰীষ্টিনা কোচ আৰু কানাডাৰ জেৰেমি হেনচেনে হিউষ্টনৰ পৰা টি-৩৮ জেট বিমানত কেনেডি স্পেচ চেণ্টাৰত উপস্থিত হয় । তাৰ পৰাই তেওঁলোকে ১ এপ্ৰিলত বিশাল এছ এল এছ ৰকেটত উঠি যাত্ৰা কৰিব ।

এই অভিযান প্ৰায় ১০ দিন ধৰি চলিব । তীব্ৰ বেগেৰে চন্দ্ৰৰ কাষেৰে উৰি পৃথিৱীলৈ উভতি আহিব তেওঁলোক । এই অভিযানত চন্দ্ৰত অৱতৰণ নহ’ব; বৰঞ্চ চন্দ্ৰৰ ওচৰত পৰা প্ৰদক্ষিণ কৰি উভতি আহিব । নাছাই এই অভিযানক আৰ্টেমিছৰ প্ৰথমটো ক্ৰু পৰীক্ষণ বুলি অভিহিত কৰিছে ।

উল্লেখ্য যে, এই অভিযান বহু দিশত ঐতিহাসিক বুলি বিবেচিত হৈছে । ভিক্টৰ গ্লভাৰ হ’ব চন্দ্ৰলৈ উৰা মৰা প্ৰথমজন কৃষ্ণাংগ মহাকাশচাৰী । চন্দ্ৰৰ ওচৰলৈ উৰা মাৰিব প্ৰথমগৰাকী মহিলা ক্ৰীষ্টিনা কোচ । জেৰেমি হেনচেন হ’ব পৃথিৱীৰ নিম্ন কক্ষপথৰ বাহিৰলৈ উৰা প্ৰথমজন অনা আমেৰিকান মহাকাশচাৰী । কামাণ্ডাৰ ৰিড ৱাইজমেন ইতিমধ্যে যথেষ্ঠ অভিজ্ঞ ।

কিয় গুৰুত্বপূৰ্ণ এই অভিযান ?

গভীৰ মহাকাশৰ বাবে ডিজাইন কৰা অৰিয়ান কেপচুলত মহাকাশচাৰীসকলে যাত্ৰা কৰিব । এই অভিযানে অৰিয়ানৰ লাইফ চাপৰ্ট চিষ্টেম, নেভিগেচন, যোগাযোগ আৰু হিট শ্বিল্ডৰ সম্পূৰ্ণ পৰীক্ষা কৰিব । কামাণ্ডাৰ ৱাইজমেনে কয় যে দেশ আৰু বিশ্বই দীৰ্ঘদিন ধৰি ইয়াৰ বাবে অপেক্ষা কৰি আহিছে । এই অভিযান কেৱল চন্দ্ৰলৈ যোৱাৰ কথা নহয়, নাছাৰ বহু কোটি টকীয়া আৰ্টেমিছ কাৰ্যসূচীৰ প্ৰকৃত পৰীক্ষা । যদি সকলো ঠিকে থাকে তেন্তে ভৱিষ্যতৰ অভিযানে চন্দ্ৰত অৱতৰণ কৰি দীৰ্ঘ সময়ৰ বাবে তাত থকাটো সহজ কৰি তুলিব ।

লগতে পঢ়ক : নাছাৰ ডাঙৰ ঘোষণা; চন্দ্ৰত স্থাপন কৰিব স্থায়ী মানৱ ভিত্তি

শেহতীয়া প্ৰৱন্ধসমূহ