‘মই ইৰাণৰ পৰা তেল আৰু খাৰ্গ দ্বীপ ল’ব বিচাৰো’; পুনৰ ইৰাণক ট্ৰাম্পৰ ভাবুকী

‘মই ইৰাণৰ পৰা তেল আৰু খাৰ্গ দ্বীপ ল’ব বিচাৰো’; পুনৰ ইৰাণক ট্ৰাম্পৰ ভাবুকি  

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ তেল অধিগ্ৰহণ কৰিব বিচৰা বুলি এক বিস্ফোৰক মন্তব্য কৰিছে। ট্ৰাম্পে কয় যে, মোৰ প্ৰিয় কামটো হ’ল ইৰাণৰ তেল লোৱা আৰু খাৰ্গ দ্বীপ দখল কৰা। এমাহ ধৰি চলি থকা ইৰাণ-আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আকৌ ইৰাণক মুকলি

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ তেল অধিগ্ৰহণ কৰিব বিচৰা বুলি এক বিস্ফোৰক মন্তব্য কৰিছে। ট্ৰাম্পে কয় যে, মোৰ প্ৰিয় কামটো হ’ল ইৰাণৰ তেল লোৱা আৰু খাৰ্গ দ্বীপ দখল কৰা।

এমাহ ধৰি চলি থকা ইৰাণ-আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আকৌ ইৰাণক মুকলি ভাবুকি দিছে। ট্ৰাম্পে কৈছে যে, তেওঁ ইৰাণৰ তেল ল’ব বিচাৰে আৰু দেশখনৰ তেল ৰপ্তানিৰ কেন্দ্ৰ খাৰ্গ দ্বীপ দখল কৰিব পাৰে। এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে, “সঁচা কথা ক’বলৈ গ’লে,মোৰ প্ৰিয় কামটো হ’ল ইৰাণৰ তেল লোৱা।কিন্তু আমেৰিকাত কিছুমান ‘মূৰ্খ মানুহে’ সুধিছে, আপুনি কিয় এনে কৰিছে? তেওঁলোক মূৰ্খ মানুহ।”

ট্ৰাম্পে কয় যে,”আমি হয়তো খাৰ্গ দ্বীপ দখল কৰিম, হয়টো নকৰিবও পাৰো।আমাৰ হাতত বহুতো বিকল্প আছে।ইয়াৰ অৰ্থ এইটোও হ’ব যে আমি কিছু সময়ৰ বাবে খাৰ্গ দ্বীপত থাকিব লাগিব।”

আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে আৰু কয় যে, তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে ইৰাণৰ তেল জব্দ কৰা।এই সম্ভাৱ্য পদক্ষেপক তেওঁ ভেনিজুৱেলাৰ সৈতে তুলনা কৰে,য’ত জানুৱাৰী মাহত নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ পিছত আমেৰিকাই তেলৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিছিল।

ট্ৰাম্পে পাকিস্তানৰ জৰিয়তে ইৰাণৰ সৈতে পৰোক্ষ আলোচনাত অগ্ৰগতিৰ দাবী কৰে।তেওঁ কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে আৰু কয় যে, তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে ইৰাণৰ তেল জব্দ কৰা।য’ত পাকিস্তানী ‘দূত’ৰ জৰিয়তে কৰা আলোচনাও অন্তৰ্ভুক্ত।তেওঁ এই আলোচনাসমূহ ভালদৰে আগবাঢ়িছে বুলি অভিহিত কৰে।

লগতে পঢ়ক: ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথত নামিল হাজাৰ হাজাৰ লোক, কি হয় এই ন’ কিংছ প্ৰতিবাদ

শেহতীয়া প্ৰৱন্ধসমূহ